অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সমাজ-জীৱন, আধ্যাত্মিক চিন্তাদৰ্শ, সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য নিৰ্ভৰ আলোচনা-গৱেষণাৰ উপৰি ইয়াৰ জনসমুদায়ৰ আত্মমৰ্যাদা তথা সাংবিধানিক সুৰক্ষা আদি বিষয়ত গভীৰভাৱে আত্মনিয়োগ কৰি থকা ‘হেৰিটেজ ফাউণ্ডেশ্যন’ হ’ল মূলতঃ এক দাতব্য অনুষ্ঠান৷ বৌদ্ধিক স্তৰত বিভিন্ন পুথি-পাঁজি, আলোচনী প্ৰকাশ কৰা, সভা-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত কৰা আৰু সাংগঠনিক দিশত বিভিন্ন বিভাগৰ সংশ্লিষ্ট কতৃৰ্পক্ষ তথা বিভিন্ন ভাষা-ভাষীৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলা আদি দিশত ‘হেৰিটেজ ফাউণ্ডেশ্যনে’ এটা নিৰৱ অথচ সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷
© 2024 - ঐতিহ্য বাৰ্তাৰ - Developed By Web Infotech
