কলা আৰু সংস্কৃতি

ৰাভা জনগোষ্ঠীয় বয়নশিল্পঃ এক অৱলোকন

post

Share

লেখিকা ড০ প্ৰাঞ্জুমণি শইকীয়া

বৰ অসমৰ বৰ্ণিল সংস্কৃতিত অৰিহণা যোগোৱা জনগোষ্ঠীসমূহৰ ভিতৰত ৰাভাসকল অন্যতম চহকী জনগোষ্ঠী। অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে ৰাভা জনগোষ্ঠীৰ লোকসকলো অসমৰ প্ৰাচীনতম অধিবাসী। ৰাভাসকলৰ মূল বাসস্থান নামনি অসমৰ গোৱালপাৰা আৰু কামৰূপৰ দক্ষিণ অঞ্চলত যদিও অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। ৰাভাসকলৰ নিজস্ব ভাষা-সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ এটা জাতি। ৰাভাসকল অতি পৰিশ্ৰমী জাতি।

বয়নশিল্প লোকশিল্পৰ এটা অন্যতম অংগ। ৰাভা নাৰীসকল একোগৰাকী সুনিপুণ শিল্পী। ৰাভাসকলৰ ৰং-বিৰঙৰ কাপোৰেই তেওঁলোকৰ বয়নশিল্পৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। ৰাভা মহিলাসকলে এৰী পলু, পাটপলু পুহি, কপাহৰ পৰা সূতা কাটি সাজ-পাৰ প্ৰস্তুত কৰি লয়। ৰাভা তিৰোতাসকলে নিজ হাতে সূতা কাটি, সূতাত ৰং দি কাপোৰ বৈ প্ৰিয়জনক উপহাৰ দিয়ে। বৰ্তমান আগৰ দৰে সকলোৱেই সূতা কাটি, ৰং দি কাপোৰ নবয়, বৰ্তমান বজাৰত উপলব্ধ সূতা কিনি আনি কাপোৰ বৈ প্ৰিয়জনক উপহাৰ দিয়াৰ পৰম্পৰা আজিও চলি আছে। বোৱা-কটা নজনা ছোৱালী ৰাভা সমাজত বিৰল। যদিও বা কোনোবা ছোৱালীয়ে বোৱা-কটা কৰিব নোৱাৰে তেনে ছোৱালীক বিয়া কৰাবৰ কাৰণে কোনো ডেকা আগবাঢ়ি নাহে আৰু পিতৃ-মাতৃয়ে ছোৱালীৰ বিয়া-বাৰুৰ ক্ষেত্ৰত যাতনা ভোগ কৰিবলগীয়া হয়। বোৱা-কটা নজনা ছোৱালীয়ে পৰজনমত মকৰা ৰূপে জন্ম লয় বুলি ৰাভাসকলে বিশ্বাস কৰে। মকৰাৰ ৰূপ লৈ ঘৰৰ চুকত জাল বান্ধি থাকিবলগীয়া হয়।

ৰাভাসকলে দুই ধৰণৰ তাঁতশালত কাপোৰ বয়। তাঁতশালৰ সঁজুলিবোৰ কাঠ, বাঁহৰ সহায়ত নিজেই প্ৰস্তুত কৰি লয়। ৰাভাসকলে কঁকাল শাল আৰু মাটি শালত কাপোৰ বয়। অতীতত কামবুং, খদবাং, খছানং, পাজাল বা পাজাৰ আদি কাপোৰৰ আকাৰ সৰু কাৰণে সৰু শাল বা কঁকালশালত বয়। বৰ্তমান ৰাভাসকলে ঠেক আৰু বহল আকাৰৰ কাপোৰ মাটিশালতে বয়। পুৰণিকালত ৰাভা নাৰীসকলে কঁকালত বান্ধি কাপোৰ বব পৰা তাঁতশালহে বেছিকৈ ব্যৱহাৰ কৰিছিল। প্ৰাচীন কালত ৰাভাসকলৰ মাজত প্ৰচলিত কাংকাৰ তাতী বা কুমচিম্প্ৰিং নামৰ বেংশালত ৰাচ আৰু বৰ ব্যৱহাৰ নকৰাকৈ অতি কপ্‌কপীয়াকৈ জাৰা, জাৰা বাফক, খদাবাং খচনে আৰু কাম্বুং-ৰিফান আদি বৈ উলিয়াব পাৰিছিল। কঁকালত মেৰিয়াই লোৱা জিফলাকৰ (বৰটি) সহায়ত ছিনছাপত (টোলোঠা) দীঘ সূতা টানি বোৱা হৈছিল। ৰাচ, ’, নাচনী, গৰকা, দৰোপতি আদিৰ প্ৰয়োজন এই শালত হোৱা নাছিল।” (হাকাচাম, ২০০৬, ১৫৮) ৰাভাসকলে ঘৰৰ সোঁমাজৰ চোতালত, ঘৰৰ পিছফালে বাৰাণ্ডাসদৃশ মুকলি, চাৰিওফালে পোহৰ পৰা ঠাইত তাঁতশালখন পাতি লয় যাতে ৰদ-বৰষুণে কোনো ক্ষতি কৰিব নোৱাৰে। কোনো কোনোৱে মূলঘৰৰ লগত সংলগ্ন অংশত তাঁতশাল পাতে আৰু কোনো কোনোৱে ভঁৰালঘৰৰ লগত তাঁতশালখন পাতি লয়। কঁকালশালত জিফ্‌লাকৰ (বৰটি), ছিনছাপত (টোলোঠা) আৰু গিদাৰৰ (পুতল) চামক্ৰং (চিৰি) প্ৰধান আহিলা। কেৰ্কাৰ সহায়ত কপাহৰ পৰা সূতা প্ৰস্তুত কৰি কাপোৰ বয়। কঁকালশালত, মাকোৰ ব্যৱহাৰ নহয় তাৰ সলনি এপাট ছিৰিৰে ঠেকুচি ঠেকুচি কাপোৰ বয়। জিফ্‌লাকৰ (বৰটি) কঁকালশালৰ অতি প্ৰয়োজনীয় সঁজুলি।

মাটিশালত কাপোৰ ববলৈ বিভিন্ন সঁজুলিৰ দৰকাৰ। চুৰখি (চেৰেকী) তাঁতশালৰ এক অত্যাৱশ্যকীয় সঁজুলি। চেৰেকী দুই প্ৰকাৰৰবৰচেৰেকী আৰু সৰুচেৰেকী। বৰচেৰেকী আৰু সৰুচেৰেকী বাঁহেৰে নিৰ্মিত। কেঁচা সূতাৰ ব্যৱহাৰত সৰু চেৰেকীৰ ব্যৱহাৰ কৰা হয়। কেঁচা সূতাত ভাতৰ মাৰ দি ৰদত শুকুৱাই উঘাৰ দৰে সৰু চেৰেকীতে সূতা লোৱা হয়। সূতাৰ নেচাবোৰ উঘাত লবলৈ আৰু কাপোৰ ববৰ বাবে মহুৰা ফুৰাবলৈ বৰ চেৰেকীৰ প্ৰয়োজন হয়।

উঘা তাঁতশালৰ অপৰিহাৰ্য আহিলা। কাঠ আৰু বাঁহেৰে নিৰ্মিত উঘা ৰাভা শিপিনীৰ অতি আদৰৰ। ৩ঘ৩ ইঞ্চিমান আকাৰৰ গোলাকৃতি বা চতুৰ্ভুজাকৃতিৰ দুচটা কাঠৰ পাট আৰু চতুৰ্ভুজাকৃতি হলে চাৰিডাল সৰু শলি, গোলাকৃতিৰ হলে ছডালমান শলি, এটা খুঁটি আৰু ৰছীৰ সহায়ত উঘা প্ৰস্তুত কৰি লয়। বৰ চেৰেকীত সূতা ভৰাই যঁতৰৰ সহায়েৰে অতি সোনকালে উঘাত সূতা লোৱা হয়। উঘাৰ সংখ্যা বেছি হলে তাঁত-বাটি কৰোঁতে কমকৈ কাঢ়নী আনিব পাৰে। কাপোৰ অনুযায়ী উঘাত বিভিন্ন ৰঙৰ সূতা লৈ তাঁত-বাটি কৰে। বৰ্তমান এই উঘাৰ ঠাই দখল কৰিছে বজাৰত সহজতে উপলব্ধ প্লাষ্টিকৰ ববিনে।

চাৰ্খা (যঁতৰ) তাঁতশালৰ মূল আহিলা। যঁতৰৰ সহায়ত বৰ চেৰেকীত সূতা ভৰাই উঘা লোৱা, মহুৰা কটা বা ববিনত সূতা কটা আদি কৰা হয়। যঁতৰ কাঠেৰে নিৰ্মিত। যঁতৰৰ অংশ বিশেষ এনেধৰণৰকাঠ, কাঠৰ চকা, কাঠৰ দুটা নিগনি খুঁটি, শলখা, ৰছী, ডম্বৰু সদৃশ চকা, শলখা যুক্ত হাতনি, নিগনি শলা আদি। যঁতৰত এফালে ডাঙৰ চকাটো শলখাৰ মাজত এনেদৰে স্থাপন কৰে যে হাতনিডাল ঘূৰালে চকাটো ঘূৰিব পাৰে। ডাঙৰ চকাটোৰ শলখা খুঁটি দুটা পথালি কাঠডালত জোৰা দিয়া কাঠত জোৰা দিয়া হয়। পথালি কাঠৰ সিটো মূৰত ছয় ইঞ্চিমান দীঘল এডোখৰ কাঠ যোগ দি ছয় ইঞ্চিমান দীঘল দুটা নিগনি খুঁটি সংযুক্ত কৰা হয়। কাঠৰ টুকুৰা এটা ডম্বৰু আকৃতিৰ কৰি মাজদি সৰু ফুটা কৰি শলা এডাল সুমুৱাই নিগনি খুঁটিযোৰত লগোৱা হয়। ডাঙৰ চকাটোৰ পৰা ডম্বৰুসদৃশ চকাটো সাঙুৰি এডাল ৰছী লগাই হাতনিডাল ঘূৰালে চকাটোও ঘূৰিব আৰু ডম্বৰুসদৃশ চকাটোও ঘূৰিব। তেতিয়া নিগনিশলাত মহুৰা ভৰাই মহুৰা বাটিব পাৰি। অতীতত বাঁহৰ কাঠিৰে চকা সাজি যঁতৰ প্ৰস্তুত কৰিছিল। বৰ্তমান কাঠৰ চকাৰ উপৰি চাইকেলৰ চকাৰ ৰিং আদি ব্যৱহাৰ কৰিও যঁতৰ প্ৰস্তুত কৰা দেখা যায়। যঁতৰৰ সহায়ত উঘাত সূতা লোৱাৰ উপৰি আজিকালি ববিনত সূতা লৈ তাঁত-বাটি কৰে।

পাছগাডি (টোলোঠা) দীঘৰ সূতা আৰু বোৱা কাপোৰ মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়। কাঠেৰে নিৰ্মিত টোলোঠা তাঁতশালৰ এক বিশেষ সঁজুলি। টোলোঠাৰ মাজত সৰু বাঁহৰ কাঠি সুমুৱাবৰ কাৰণে খাচ কাটি প্ৰস্তুত কৰে। টোলোঠাৰ এটা মূৰে চাৰিটাকৈ ফুটা কৰি ৰাখে। তাঁত বাটিকৰোঁতে সূতা টানিবৰ কাৰণে আৰু কাপোৰ বওঁতেও টোলোঠাত কাপোৰ মেৰিয়াই তাঁতখন টান হৈ থাকিবৰ কাৰণে সূতা আৰু কাপোৰ মেৰিওৱা টোলোঠা দুটাৰ ফুটাত কাণমাৰি সুমুৱাই সুবিধা কৰি লয়। কাপোৰভেদে টোলোঠাৰ আকাৰ বেলেগ হোৱাও দেখা যায়। কাণমাৰি বাঁহেৰে নিৰ্মিত।

খচেং (ৰাঁচ) তাঁতশালৰ অতি প্ৰয়োজনীয় আহিলা। সূতা অনুসৰি ৰাঁচ বেলেগ বেলেগ হয়। ৰাঁচ বাঁহেৰে তৈয়াৰী। বৰ্তমান বাঁহৰ উপৰি লোৰ ৰাঁচ বজাৰত উপলব্ধ। ৰাঁচৰ দীঘ-প্ৰস্থ একেই থাকে কিন্তু ৰাঁচ ঘন আৰু পাতল আদিকৈ সজা হয়। দীঘল দুযোৰ শকত বাঁহৰ কাঠিৰ মাজত পথালিকৈ সৰু মিহি কাঠি সুমুৱাই গাঁঠি ৰাঁচ নামৰ তাঁতশালৰ এই আহিলাবিধ প্ৰস্তুত কৰা হয়।

ব্ৰেবাৱকে (বচুঙা) এইবিধ আহিলাৰ বাঁহেৰে নিৰ্মিত। এহাতমান দীঘল জাতি বাঁহ বা মুকাল বাঁহৰ জৰিয়তে বচুঙাটো প্ৰস্তুত কৰি লয়। তাঁত বাটি কৰি তাঁত চলাই হোৱাৰ পাছত বসূতাৰ জৰিয়তে তাঁতত বতোলা হয়। বতোলোঁতে সৰু চেৰেকীত বসূতা ভৰাই বচুঙাটোৰ ওপৰত এডাল শলি আৰু ভিতৰত এডাল শলি ভৰাই দিয়া হয়। আজিকালি বাঁহৰ চুঙাৰ উপৰি প্লাষ্টিকৰ চুঙাৰেও বতোলে। ব্ৰে (বসূতা)বোৰ মোটা আৰু টান। কাপোৰ বাটি কৰাৰ পাছত দীঘৰ সূতাক বৰছিৰি পাতে দুভাগ কৰি বতোলা হয়। ওপৰে-তলে তাঁতশালত চাৰিবাটি বতুলি চালিমাৰি জখলাত উঠাই দি নাচনীজৰী দি ওপৰৰ বদুবাটি বান্ধি দিয়ে। তলৰ বদুবাটি গৰকাত ৰছীৰ সহায়ত বান্ধি জাল দিব পৰাকৈ প্ৰস্তুত কৰি তোলে।

গাত ট্ৰা (চালিমাৰি) তাঁতশালৰ জখলাৰ ওপৰত থাকে। চালিমাৰিক ঘাটমাৰি বুলিও কয়। চালিমাৰিত নাচনী বান্ধি ৰখা হয়। নাচনী কাঠ বা বাঁহেৰে নিৰ্মিত চকা। এই চকাত মান/ছেলেংকাৰ/ঘিলাটানা (নাচনীজৰী)ৰ সহায়ত ওপৰৰ বদুবাটি থিয় হৈ থাকিব পৰাকৈ বান্ধি এডাল জৰীৰ সহায়ত নাচনীৰ চকা চালিমাৰিত বান্ধি দিয়ে। তলৰ বদুবাটিও ফিট হৈ থাকিবৰ কাৰণে ৰছীৰে বান্ধি দুডাল লাখুটিৰ দৰে বাঁহৰ টুকুৰা বান্ধি ৰছীডাল সৰকাই সংকিলা/ গুংকিলা (গৰকা)ত বান্ধি দিয়ে। গৰকা হল দুডাল বাঁহৰ টুকুৰা। ইয়াৰ সহায়ত তাঁত বওঁতে জাল বা জাকি তোলা হয়। গৰকাযোৰৰ আগ অংশত ফুটা কৰি বাঁহৰ শলখা সুমুৱাই মাটিত পুতি দিয়া হয়।

খাঞ্জিপাট/ তাঁতখপ (দোৰ্পতি) তাঁতশালৰ প্ৰধান আহিলা। দোৰ্পতিৰ বুকুত ৰাঁচখন সোমাই থাকে। সূতাত হেঁচা নিদিয়াকৈ ৰাঁচখন জোখমতে ৰাখিবৰ বাবে দুচটা লঘু কাঠেৰে দোৰ্পতি সাজি উলিওৱা হয়। এই দোৰ্পতি ওলেমাই ৰাখিবলৈ দুডাল দোৰ্পতিজৰী লগাই চালিমাৰিত বান্ধি দিয়ে। ৰাঁচখন খাপ খাই থাকিবলৈ দোৰ্পতি দুচটাৰ মাজত খোলনি দিয়া থাকে। মাকু (মাকো) নহলে তাঁত বব নোৱাৰে। মাকোৰ ভিতৰত মহুৰা ভৰাই এটা মূৰৰ পৰা আনটো মূৰলৈ অহা-যোৱা কৰি বাণীসূতা বোৱা হয়। কাপোৰৰ ভিন্নতা অনুসৰি মাকোৰ ব্যৱহাৰ ভিন্ন হয়। মাকো কাঠেৰে নিৰ্মিত। মাকোৰ ভিতৰত শলা দি মহুৰা ভৰাই কাপোৰ বয়। বাঁহ আৰু ইকৰাৰে মহুৰা তৈয়াৰ কৰা হয়। মহুৰা আৰু মাকো এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এটাক বাদ দি আনটোৱে একো কৰিব নোৱাৰে।

গিদাৰৰ/পুতুল (পুতল) কাঠ বা বাঁহেৰে নিৰ্মিত পুতলযোৰত জোঙা ৰিং ভৰাই কাপোৰেৰে মেৰিয়াই লয়। পুতলযোৰ পূৰণ চিনৰ নিচিনা কৰি দুয়োকাষে দুডাল ৰছী লগাই দিয়ে। প্ৰয়োজন অনুসৰি বহল, ঠেক কৰি জোখমতে সলাই সলাই কাপোৰ বয়। পুতলযোৰ ঘনাই সলাই যাব লাগে নহলে ৰাঁচৰ কাঠি চাপ খাই ৰাঁচখনত বহল ফুটাৰ দৰে হৈ বেয়া হৈ পৰে। কাণমাৰি দুডাল বাঁহেৰে নিৰ্মিত। ইয়াৰ সহায়ত কাপোৰৰ টোলোঠা আৰু সূতাৰ টোলোঠা দুটা টান কৰি লব পাৰি।

কাণমাৰি বতোলোঁতে ব্যৱহাৰ কৰা হয়। বাঁহৰ উপৰি লোহাৰ ৰডেৰেও কাণমাৰি তৈয়াৰ কৰি লয়।

খাতি (শলি) তাঁতশালৰ অত্যাৱশ্যকীয় সামগ্ৰী তাঁত বাটি কৰোঁতে বতোলোঁতে, ফুল বাচোঁতে শলিৰ ব্যৱহাৰ কৰা হয়।

চেৰাখাতি (ছিৰি) তাঁত বাটি কৰাৰ পৰা তাঁত বৈ শেষ হোৱালৈকে ছিৰি তাঁতশালৰ অতি লাগতিয়াল সামগ্ৰী। ছিৰি বাঁহেৰে নিৰ্মিত। ছিৰি কেইবাধৰণৰো আছেবৰছিৰি, বাতছিৰি, ফুলতোলা ছিৰি আদি। দীঘল চেপেটা, মিহি আগ জোঙা কৰি বাঁহেৰে নিৰ্মাণ কৰে। ফুল বচা ছিৰিপাত খুব মিহি আৰু পাতল। সূতাৰ জঁট এৰুৱাবলৈ, জাল দিবলৈ, ফুল বাচিবলৈ ছিৰিৰ ব্যৱহাৰ অপৰিহাৰ্য।

পেন্তা/নলী (মহুৰা) সহায়ত তাঁতশালৰ বাণী সূতা ববলৈ ব্যৱহাৰ কৰা সঁজুলি। মহুৰা লেকেচি বাঁহৰ সৰু পাববোৰ মাকোৰ জোখত কাটি ৰদত শুকুৱাই লয়। মহুৰাবোৰ যঁতৰৰ শলাত সুমুৱাই চেৰেকীত সূতা ভৰাই আঁচু বা বাণী সূতাৰ মহুৰাবোৰ প্ৰস্তুত কৰি তোলে। মাকোৰ ভিতৰত এডাল শলাৰ ভিতৰত সুমুৱাই সূতাডাল মাকোৰ সৰু ফুটাইদি বাহিৰলৈ উলিয়াই শলাডাল উলাই নাহিবলৈ বাঢ়নীৰ কাঠি সুমুৱাই দিয়া হয়।

জখলা তাঁতশালৰ আন এবিধ আহিলা। জখলা তাঁতশালৰ খঁুটা দুটাৰ ওপৰত খাপ খাপ কৰি পাৰি দিয়া বাঁহ আৰু কাঠেৰে নিৰ্মিত। জখলাৰ সহায়ত কাপোৰ বওঁতে ওহালিৰ অন্তত চালিমাৰিডাল এখাপ এখাপকৈ আগলৈ নিয়া হয়।

এই সঁজুলিবোৰৰ উপৰি যঁতৰৰ ৰছী, টোলোঠাৰ ৰছী, নাচনী ৰছী, গৰকা ৰছী, মহুৰা থোৱা খোৰা, ৰছী, দোৰ্পতি ৰছী আদি বিভিন্ন সঁজুলি তাঁতশালত ব্যৱহাৰ কৰা হয়। তাঁতশালৰ খুঁটাবোৰ বাঁহেৰে নিৰ্মিত। বৰ্তমান কাঠৰ ফ্ৰেম সাজি স্থায়ীভাৱে তাঁতশালখন নিৰ্দিষ্ট ঠাইত বহুৱাই লয়। ৰাভাসকলে কপাহী সূতা বহুলভাৱে ব্যৱহাৰ কৰে। কপাহৰ খেতি কৰি কপাহৰ গুটি গুচাই কেৰংকাৰ সহায়ত সূতা কাটি লয়। ডাঠ কাপোৰৰ বাবে ডাঠ ৰাঁচ আৰু মিহি কাপোৰৰ বাবে পাতল ৰাঁচ ব্যৱহাৰ কৰি কাপোৰ প্ৰস্তুত কৰে। ৰাভা তিৰোতাসকলে মেখেলা সদৃশ ৰৗফান বা পাতানী, বুকুত মেৰিওৱা কামবুং, মূৰত মৰা বস্ত্ৰ খদবাং আদি কাপোৰ প্ৰস্তুত কৰে। ঠিক তেনেদৰে পুৰুষসকলৰ বাবেও পাজাৰ বা পাজাল, পাছৰা, ছেংকামেন, খছনেং বা খোপং আদি বস্ত্ৰবোৰ নিজ হাতে বৈ উলিয়ায়। ৰং-বিৰঙী কাপোৰ পিন্ধি ভালপোৱা ৰাভালোকসকলে বিভিন্ন গছৰ ছাল, পাত, বীজ আদি সংগ্ৰহ কৰি জৈৱিক প্ৰক্ৰিয়াৰে ঘৰতেই ৰং প্ৰস্তুত কৰি মনৰ প্ৰচণ্ড অনুসৰি সূতাত ৰং দি লয়। ৰঙা, নীলা, বেঙুনীয়া, হালধীয়া, লা আদি ৰঙৰ ব্যৱহাৰ কৰে। ৰাভাসকলে প্ৰকৃতিৰ পৰাই বিভিন্ন ডিজাইন সংগ্ৰহ কৰি কাপোৰত প্ৰস্তুত কৰে। কাপোৰত আঁচু দিওঁতে মচো মাখাম (এন্দুৰদঁতীয়া) কৰত ফা (কৰতৰ দাঁৰ), কাচি ফা (কাঁচিৰ দাঁৰ) ছেন্দা বিকায় (সাপৰ চোকোৰা), বালি পাৰ (নাক ফুল), পাৰ লেদাপ (ৰম্বাচ গঢ়ীয়া), লেৱা পাৰ (লতাপতীয়া), বাক চাখাৰ (গাহৰিখুজীয়া), কেকৰা চককায় (খদবাং বা কাম্বুংৰ বগা পাৰি) আদি ডিজাইন ব্যৱহাৰ কৰে। (হাকাচাম, ২০০৬, ১৬১)

ইয়াৰ উপৰি ৰাভাসকলে লতিকা, বৃক্ষ, কলগছ, মাটি কঁঠাল, বনকুকুৰা, ঢেঁকীয়া, হাতী, ঘোঁৰা, মকৰা, ময়ূৰ, বিচনী, জুনুকা, জান-জুৰি, তৰা, বেলি, বুঢ়া বছা, ভমকাফুলীয়াকৈ কাপোৰত ফুল বাছি লয়।

মন্দিৰত তৰা চন্দ্ৰতাপ আৰু দেওধনীয়ে পিন্ধা কাপোৰত ৰথৰ চকা, সিংহ-সিংহিনী, নাও আদিৰ চানেকি বছা হয়। ৰাভাসকলে সদায় দেখি থকা পশু-পক্ষী, গছ-লতা, প্ৰকৃতি জগতৰ দৃশ্যৰ লগতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহক কল্পনাৰ ৰহন সানি ফুল চানেকি প্ৰস্তুত কৰি মনৰ হেঁপাহেৰে কাপোৰ বৈ লৈছিল। ৰাভা শিপিনীসকলে প্ৰস্তুত কৰা কাপোৰ দেখিলেই উপলব্ধি হয় তেওঁলোক কিমান নিপুণ শিল্পী। লজ্জা নিবাৰণৰ কাৰণে তাঁতশালত কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি বৰ্তমান আধুনিক পদ্ধতিৰে প্ৰস্তুত কৰা কাপোৰৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ ৰাভা বয়নশিল্পই সুদীৰ্ঘ কাল অতিক্ৰম কৰিবলগীয়া হৈছে। বৰ্তমান আধুনিকতাৰ প্ৰভাৱত নিজৰ পৰম্পৰাগত সাজ-পাৰ পৰিধানৰ সলনি চাৰ্ট-পেণ্ট, চুৰিদাৰ, শাৰী পৰিধান কৰিলেও উৎসৱ-অনুষ্ঠানত পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰে। অধিক কষ্টসাধ্য তাঁতশালৰ সলনি আধুনিক তাঁতশালৰ যোগেদিও শিপিনীসকলে নিজৰ পৰম্পৰাগত সাজ-পাৰ আৰু বয়নকলাক নৱৰূপ দিবলৈ চেষ্টা কৰিছে। ৰাভা বয়নশিল্পৰ জৰিয়তে প্ৰস্তুত কৰা সাজ-পাৰসমূহক ন-ৰূপত প্ৰস্তুত কৰি বিভিন্ন মডেলৰ জৰিয়তে ইণ্টাৰনেটৰ যোগেদি উপস্থাপন কৰি ই-বিজনেছৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত সুযোগ গ্ৰহণ কৰিব পাৰিলে সাজ-পাৰৰ স্বকীয়তা ৰক্ষিত হব আৰু অৰ্থনৈতিকভাৱে নিৰ্ভৰশীল ক্ষেত্ৰত বয়নশিল্পই ইতিবাচক পদক্ষেপ লাভ কৰিব বুলি আশা কৰিব পাৰি। ৰাভাসকলৰ ৰং-বিৰঙী মনোমোহা ডিজাইনৰ সাজ-পাৰ আৰু সুন্দৰ শিল্পকলাই অসমৰ সমাজ সংস্কৃতি অধিক টনকিয়াল কৰিব বুলি স্বীকাৰ কৰিব পাৰি।

গ্ৰন্থপঞ্জীঃ

১. গগৈ লোকেশ্বৰ (২০১১) অসমৰ লোক সংস্কৃতি, ২য় খণ্ড, ক্ৰান্তিকাল প্ৰকাশন, নগাঁও।

২. ৰাজখোৱা, অজন্তা (২০১৩) উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সাজ-পাৰ আৰু আ-অলংকাৰ, বনফুল প্ৰকাশন, গুৱাহাটী।

৩. ৰাভা, ধনঞ্জয়ঃ ৰাভা জনজাতিৰ চমু ইতিহাস (সম্পা.) গুৱাহাটী ১৯৯৮

৪. হাকাচাম, উপেন ৰাভাঃ ৰাভা লোক-সংস্কৃতি, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৬

৫. হাকাচাম, উপেন ৰাভাঃ বৰ অসমৰ বৰ্ণিল সংস্কৃতি, বীণা লাইব্ৰেৰী, গুৱাহাটী, ২০০৮।

(লেখিকা, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ জুৰীয়া মহাবিদ্যালয়)

আপুনিও ভাল পাব পাৰে!