কলা আৰু সংস্কৃতি

ৰাসলীলাঃ এটি আলোচনা

post

Share

লেখিকাঃ ড ডালিমা কাকতি

ৰাস শব্দটি সংস্কৃতৰ ৰসশব্দৰ পৰা আহিছে। লীলামানেঃ অৱতাৰী পুৰুষৰ কাৰ্যাৱলী। ৰস শব্দৰ ব্যৱহাৰ বেদ-উপনিষদৰ যুগৰ পৰা হৈ আহিছে। তৈত্তিৰীয় উপনিষদৰ মতেঃ

আনন্দং প্ৰ্যভিসম্বিশান্তি ইতি।

------------------

ৰসো বৈ সঃ

ৰসব্যক্তি বিশেষৰ আনন্দৰ অভিব্যক্তি নহয়। সকলোৰে মাত্ৰাতীত আনন্দ বা ভূমানন্দই হৈছে ৰস। ৰাসলীলাপ্ৰধানতঃ ভগৱান শ্ৰীকৃষ্ণই গোপীসকৰ সৈতে কৰা লীলা। ইয়াৰোপৰি বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ মনুষ্য লীলাও ৰাসত দেখুওৱা হয়। গতিকে শ্ৰীকৃষ্ণৰ এই লীলাই সাধাৰণ মনুষ্যক ব্ৰহ্মানন্দ বা ভূমানন্দ দিব পৰা গুণেই এইবিধ লীলাক ৰসলীলা ঞ্ছ ৰাসলীলা বুলি কৰা নামকৰণ সফল হৈছে।

পুৰাণসমূহত ৰাসলীলা আৰু ৰাধাচৰিত্ৰৰ বৰ্ণনাঃ হৰিবংশ পুৰাণ, পদ্মপুৰাণ, ভাগৱত পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বিষ্ণুপুৰাণত কৃষ্ণ আৰু গোপিনীসকলৰ ৰাসলীলাৰ বৰ্ণনা আছে। শিৱ পুৰাণতো হৰ-গৌৰীয়ে ৰাসমণ্ডল তৈয়াৰ কৰি ৰাসলীলা কৰাৰ কথা পোৱা যায় যদিও ৰাসলীলা বুলি কলে শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে কৰা লীলাৰ কথাহে মনলৈ আহে। পদ্মপুৰাণ, বিষ্ণুপুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাধাচৰিত্ৰৰ উল্লেখ আছে। ভাগৱত পুৰাণত কেৱল এবাৰহে ৰাধাৰ নামোল্লেখ কৰা হৈছে। ভাগৱত পুৰাণত অনৰাধিতবুলি পোৱা শব্দটিকে ৰাধাৰ উল্লেখ বুলি কিছুলোকে কয়।

সংস্কৃত সাহিত্যৰ পৰা অসমীয়া সাহিত্যলৈ ৰাধাচৰিত্ৰ আৰু ৰাসলীলাৰ উল্লেখঃ পুৰাণসমূহৰ উপৰিও ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনীৰ বৰ্ণনা সুভাষিত ৰত্নকোষৰ দৰে সংস্কৃতকাব্য, হালৰ গাহাসত্তসঈ-ৰ লেখিয়া প্ৰাকৃত সাহিত্যত আৰু পৰৱৰ্তী কালৰ জয়দেৱৰ গীত গোবিন্দ, শ্ৰীকৃষ্ণ কীৰ্তনত পোৱা যায়। মাধৱদেৱৰ ৰাস ঝুমুৰাঃ নামৰ অংকীয়া নাটত আৰু মাধৱদেৱৰ কেইটিমান বৰগীতত ৰাধাৰ নামৰ উল্লেখ পোৱা যায়- (ক) ৰাধা ভূষণ চুৰি কৰিয়ে কহু/ পুছত বাত হামাৰি। (মাধৱদেৱৰ বৰগীত)

শংকৰোত্তৰ যুগৰ গোপালদেৱ, যদুমণিদেৱ, সনাতনদেৱৰ গীত, ৰামসৰস্বতীৰ পুত্ৰ দ্বিজ কলাপচন্দ্ৰৰ ৰাধা চৰিতকাব্যতো ৰাধাৰ বিষয়ে পোৱা যায়। অৱশ্যে অসমীয়া সাহিত্যত এই প্ৰভাৱৰ মূলতে বংগীয় সাহিত্যৰ প্ৰভাৱ আৰু শিৱসিংহৰ দৰে আহোম ৰজাসকলৰ শৃঙ্গাৰ ৰসাত্মক সাহিত্যৰ প্ৰতি থকা প্ৰীতি যেনহে লাগে। শংকৰদেৱে তেখেতৰ সাহিত্যত ৰাধাৰ নাম উল্লেখ কৰা নাই যদিও কৃষ্ণৰ লগত গোপিনীসকলৰ লীলাৰ বৰ্ণনা কৰিছে। শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধ, কীৰ্তনৰ ৰাসলীলা অধ্যায়, কেলিগোপাল বা ৰাসক্ৰীড়া নাটকত কৃষ্ণ আৰু গোপিনীসকলৰ ৰাসলীলাৰ কথা বৰ্ণনা কৰিছে।

ৰাস উৎসৱৰ ইতিহাস আৰু কিংবদন্তীঃ জ্যোতিষ গণনা অনুসৰি কৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খৃষ্টাব্দত। লোকসমাজে কৃষ্ণৰ আবিৰ্ভাৱ দ্বাপৰ যুগত হৈছিল বুলি বিশ্বাস কৰে। মথুৰাত কংসৰ কাৰাগাৰত জন্ম হোৱা কৃষ্ণ বৃন্দাবনত ডাঙৰ-দীঘল হৈছিল। বৃন্দাবনতেই যমুনা নদীৰ পাৰত শৰৎকালত কৃষ্ণই গোপিনীসকলৰ লগত ৰাসলীলা কৰিছিল বুলি প্ৰবাদ আছে। এই প্ৰবাদকেই ভেঁটি হিচাপে লৈ একবিংশ শতিকাতো মথুৰা, বৃন্দাবন, উত্তৰ প্ৰদেশ, অসমত ৰাসলীলা উৎসৱ হিচাবে অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে পঞ্চদশ শতিকাৰ পৰাই বৃন্দাবনত আনুষ্ঠানিকভাৱে ৰাসলীলা উদ্‌যাপিত হৈ আহিছে। বৃন্দাবনৰ লোকসকলে আজিও বিশ্বাস কৰে যে ৰাধা-কৃষ্ণই প্ৰতি মাজনিশা বৃন্দাবনৰঃ নিধিভান মন্দিৰলৈ ৰাসলীলা কৰিবলৈ আহে। ধৰ্মীয় বিশ্বাসৰ ভেঁটিতেই অসমতো উৎসৱ হিচাবে ৰাসলীলা অনুষ্ঠিত হয়। পোনতে মাজুলীৰ দক্ষিণপাট সত্ৰত ১৮৪০ চনমানৰ পৰা উৎসৱ হিচাবে ৰাস অনুষ্ঠিত হয়। পিছলৈ গড়মূৰ, আউনীআটী, বেঙেনাআটী আদি সত্ৰৰ লগতে অসমৰ বিভিন্ন সত্ৰ আৰু নামঘৰতো শৰৎকালত ৰাস উৎসৱ পালন কৰি অহা হৈছে। একবিংশ শতিকাৰ অসমত অঞ্চলভেদে সুকীয়া সুকীয়া শৈলীৰে ৰাস উৎসৱ পালন কৰা হয়। উজনি আৰু মধ্য অসমৰ অঞ্চলসমূহত সৰ্বসাধাৰণ মানুহেই কৃষ্ণ, গোপী আৰুঅন্যান্য চৰিত্ৰৰ ভাও দি ৰাসলীলা কৰে যদিও নামনি অসমত ইয়াৰ বিপৰীতে ¸ মূৰ্তিকেন্দ্ৰিক ৰাসহে পালন কৰা হয়। নামনি অসমৰ নলবাৰী, শুৱালকুছি, হাউলী, পলাশবাৰী, টিহু আদি অঞ্চলত মৃণ্ময় মূৰ্তিৰ দ্বাৰা কৃষ্ণ, গোপী আৰু অন্যান্য চৰিত্ৰৰ ভাও দি ৰাসলীলা কৰা হয়। পলাশবাৰীত জীৱন্ত মূৰ্তি ৰাসো অনুষ্ঠিত কৰা হয়। বৰ্তমানৰ একবিংশ শতিকাত ৰাস উৎসৱ পালনৰ শৈলীলৈ পৰিৱৰ্তন আহিছে। সত্ৰৰ নামঘৰতে আগতে ৰাস অনুষ্ঠিত কৰা হৈছিল। লাহে লাহে এই অনুষ্ঠান মঞ্চলৈ আহিল। গড়মূৰ সত্ৰৰ পীতাম্বৰ দেৱগোস্বামীয়ে পোনপ্ৰথমে মঞ্চৰাসৰ প্ৰচলন কৰে।

ৰাসলীলা আখ্যানঃ অসমীয়া সাহিত্যৰ পাতত ৰাসলীলাৰ প্ৰসঙ্গ অৱতাৰণা কৰা হৈছে। মূল ভাগৱত পুৰাণৰ ২৯ অধ্যায়ৰ পৰা ৩৩ তম্‌ অধ্যায়লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা বৰ্ণিত হৈছে। এই পাঁচটা অধ্যায়ক ৰাস পঞ্চাধ্যয়ীবুলিও কোৱা হয়। ভাগৱতৰ ৰাসলীলাৰ আখ্যানৰ কথাখিনি ব্যাসপুত্ৰ শুকে পৰীক্ষিত ৰজাৰ আগত বৰ্ণনা কৰিছিল। মূল ভাগৱতৰ কাহিনীৰ লগত শংকৰদেৱৰ কীৰ্তনৰ ৰাসক্ৰীড়া আৰু কেলিগোপাল নাটৰ কথাবস্তুৰ মিল আছে। কীৰ্তনৰ ৰাসক্ৰীড়া অধ্যায়টি শংকৰদেৱে ধুৱাহাট বেলগুৰিত থাকোঁতে ৰচনা কৰিছিল। শৰৎকালৰ মনোৰম পূৰ্ণিমাৰ ৰাতি বৃন্দাবনৰ পাৰত কৃষ্ণই বজোৱা বাঁহীৰ শব্দত গোপিনী বা গোপীসকলে যিয়ে যি কাম কৰি আছিল সকলোবোৰ কাটি কৰি থৈ কৃষ্ণৰ ওচৰত উপস্থিত হল। বিষ্ণপুৰাণত ৰাধায়ো বংশীৰ ধ্বনি শুনি বৃন্দাবনলৈ অহাৰ কথা কোৱা হৈছে যদিও শংকৰদেৱে ৰাধাৰ প্ৰসঙ্গ উত্থাপন কৰা নাই। গৃহকৰ্ম, সন্তান আৰু পতিৰ পৰিচৰ্যা এৰি কৃষ্ণৰ কাষলৈ উপস্থিত হোৱা কথাই বাহ্যিক  দৃষ্টিত পৰপুৰুষৰ প্ৰতি আকৰ্ষণ বুলি কব পাৰি যদিও আভ্যন্তৰীণ দৃষ্টিত এনে নহয়। আধ্যাত্মিক দৃষ্টিৰে গোপীসকলে সংসাৰৰ মায়া-মোহ ত্যাগ কৰি ভগৱন্তৰ কাষলৈহে ধাপলি মেলিছে। তেতিয়াও অৱশ্যে তেওঁলোকৰ মনত সাধাৰণ মানৱৰ দৰে মায়া আৰু ভগবৎ প্ৰীতি দ্বৈত গুণে বিৰাজ কৰি আছিল। গোপীসকলৰ কোনোগৰাকীয়ে কৃষ্ণৰ কাষলৈ খৰকৈ যাবলৈ বিচাৰি বিপৰ্যয় কৰি বস্ত্ৰ অলংকাৰ পৰিধান কৰাৰ মাজেৰে গোপীসকলে কৃষ্ণ ভগৱন্তৰ চৰণৰ অবিহনে যে একো দেখা নাই তাৰ উমান পাব পাৰি। এনেদৰে ভগৱন্তক পাবলৈ ব্যাকুল হৈ গোপীসকল কৃষ্ণৰ ভক্ত বা ভকত হৈ পৰিছে। ভকতক কোনো বিঘিনিয়ে ভগৱন্তৰ পৰা আঁতৰ কৰিব নোৱাৰে। সেয়েহে গোপীসকলে ঘৰুৱা নানা সমস্যাকো আওকাণ কৰি বৃন্দাবনত উপস্থিত হব পাৰিছেঃ

ভকতৰ কৰ্ম্ম যেন নভৈল বিফল। (কীৰ্তন) শিশুপাল, হিৰণ্যাক্ষ, হিৰণ্যকশিপুয়ে যেনেদৰে বৈৰীভাৱেৰে হলেও ঈশ্বৰ চিন্তা কৰি ঈশ্বৰক লাভ কৰিব পাৰিছিল, তেনেদৰে গোপিনীসকলেও কামভাবেৰে হলেও কৃষ্ণক চিন্তি কৃষ্ণক লাভ কৰিছে। শংকৰদেৱেও কীৰ্তনত উপমাৰ দ্বাৰা এই কথাষাৰ এনেদৰে বুজাইছেঃ

বিষ বুলি অমৃতক পিলে যিটো নৰ।

নুহিবেক হেন জানো অজৰ-অমৰ।।

কীৰ্তনৰ ৰাসক্ৰীড়াত শ্ৰৱণ, কীৰ্তনৰ মহিমাৰ কথাও কোৱা হৈছে। গোপীসকলৰ দৰে কাষতে থাকি ভগৱন্তক ভজনা কৰাৰ বিপৰীতে যদি কোনোবাই দূৰতে থাকিও ভগৱন্তক শ্ৰৱণ, কীৰ্তন কৰে, তেন্তে সেইজন ভক্তও ভগৱানৰ আশিস লাভ কৰিবলৈ সক্ষম হয়। গোপীসকলে যদিও প্ৰথমে নিজকে নাৰী আৰু কৃষ্ণক সাধাৰণ পুৰুষ বুলি ভাবি বৃন্দাবনলৈ লৰি আহিছিল, কৃষ্ণৰ ভগৱন্ত ৰূপৰ সান্নিধ্যই তেওঁলোকক কৃষ্ণ যে জগতৰ আত্মা সেই কথা ভাবিবলৈ বাধ্য কৰেঃ

জগতৰে বন্ধু আত্মা তুমি।

সমস্তে ধৰ্মৰ আপুনি ভূমি।। (কীৰ্তন)

ভগৱানক ভক্তিৰ বলত লাভ কৰিব পাৰিলেও গোপীসকলে মায়া-মোহক সম্পূৰ্ণৰূপে দূৰ কৰিব পৰা নাছিল। সেয়েহে কীৰ্তনতঃ যেতিয়া কৃষ্ণ ভগৱন্তক লাভ কৰা বুলি মনতে ভাবিলে তেতিয়া গোপীসকলৰ অহংভাৱৰ জন্ম হল। এনেকুৱা অহংভাৱে ভক্তক ভগৱন্তৰ পৰা দূৰ কৰে। সেয়েহে কৃষ্ণই গোপীসকলৰ মনৰ পৰা অহংকাৰ নোহোৱা কৰিবলৈ অন্তৰ্দ্ধান হল। তাৰ পাছত গোপীসকলে কৃষ্ণ বিৰহত আকুল হৈ কৃষ্ণৰ বতৰা বৃন্দাবনৰ তৰু-তৃণ সকলোকে সুধিবলৈ ধৰিলে। কৃষ্ণৰ কথা স্মৰণ কৰি   গোপীসকল দুঃখিত হৈ পৰিল। কৃষ্ণ বিৰহৰ দুখ দূৰ কৰিবলৈ গোপীসকলে কৃষ্ণই বৃন্দাবনত কৰা নানা কাৰ্যৰ ভাও দিবলৈ ধৰিলে। এগৰাকী গোপী কৃষ্ণ হৈ আনসকলৰ কোনোগৰাকী পুতনা, কোনোগৰাকী যশোদাৰ ভাও দি কৃষ্ণৰ লীলাসমূহ কৰিবলৈ ধৰিলে। একবিংশ শতিকাৰ ৰাস উৎসৱত এই ভাওসমূহো কৃষ্ণৰ সৈতে দেখুওৱা হয়। এনেদৰে কৃষ্ণৰ লীলামালা স্মৰণ কৰোঁতে কৰোঁতে সকল জগতকৃষ্ণময় হৈ পৰিল। কৃষ্ণক জগতগুৰু আৰু লক্ষ্মীৰ পতি বুলি গোপীসকলে বুজি পালে। এনেদৰেই গোপীসকলৰ মনৰ পৰা অহংভাৱৰ লগতে কামভাবো দূৰ হৈ পৰিল। ভক্তৰ নিৰ্গুণ ভক্তিত ভগৱান সন্তুষ্ট হৈ ভক্তৰ সন্মুখত উপস্থিত হৈ ৰাসলীলা সম্পূৰ্ণ কৰিলে। এই ৰাসক্ৰীড়াত স্বৰ্গৰ দেৱতাসকলো সেই স্থানত উপবিষ্ট হল বুলি কীৰ্তন আৰু কেলিগোপাল নাটত শংকৰদেৱে উল্লেখ কৰিছে। বিষ্ণুপুৰাণত গন্ধৰ্ব বা স্বৰ্গৰ গায়কসকলেহে কৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলা দেখি গন্ধৰ্বলোকত নৃত্য-গীত কৰাৰ বিৱৰণ আছে।

মূল ভাগৱতৰ ৰাসক্ৰীড়া অধ্যায়ৰ লগত শংকৰদেৱৰ কীৰ্তনৰ ৰাসক্ৰীড়া আৰু কেলিগোপাল নাটৰ ৰাসক্ৰীড়াৰ সামান্য পাৰ্থক্য পৰিলক্ষিত নোহোৱা নহয়। মূল ভাগৱতত দশম স্কন্ধৰ ৩৩তম্‌ অধ্যায়তে ৰাসক্ৰীড়া নামৰ অধ্যায় সমাপ্ত হৈছে। এই অধ্যায়ত কোনো অসুৰ বধৰ কথা উল্লেখ কৰা নাই। ভাগৱতৰ দশম স্কন্ধৰ ৩৪তম্‌ অধ্যায়ত থকা শঙ্খচূড় নামৰ এটা যক্ষক বধ কৰাৰ কথা আৰু ভাগৱতৰ দশম স্কন্ধৰ ৩৭তম্‌ আধ্যায়ত থকা কেশী নামৰ কংসৰ অসুৰ এটাক বধ কৰাৰ কথা আছে। শংকৰদেৱে হয়তো লোক মনোৰঞ্জনৰ লগতে ভক্তিৰস প্ৰচাৰৰ কথা আগত ৰাখিয়েই ভাগৱতৰ ৰাসক্ৰীড়া অধ্যায়ৰ বাহিৰত থকা অৰিষ্ট আৰু কেশী অসুৰ বধৰ কথা কীৰ্তনৰ ৰাসক্ৰীড়াত ৰাখিছে। কেলিগোপাল নাটতো শঙ্খচূড় নামৰ অসুৰক বধ কৰি ৰাসক্ৰীড়াত মগ্ন হৈ থকা গোপীসকলক উদ্ধাৰ কৰাৰ বৰ্ণনা আছে। এই বৰ্ণনাৰ এটা উদ্দেশ্য ভক্তি ৰসৰ অৱতাৰণাও হব পাৰে। অৰ্থাৎ ভক্তক যিকোনো বিপদৰ পৰা ভগৱন্তই ৰক্ষা কৰে।

ৰাসলীলাৰ জৰিয়তে প্ৰকাশিত ভক্তিৰ বিভিন্ন স্বৰূপঃ ভাগৱত পুৰাণ, বিষ্ণুপুৰাণ, কীৰ্তন, শংকৰদেৱৰ দশম, শংকৰদেৱৰ কেলিগোপাল নাট-ৰ ৰাসলীলাৰ জৰিয়তে নবিধা ভক্তিৰ-- শ্ৰৱণ (গোপীসকলে কৃষ্ণৰ ৰূপ-গুণৰ কথা আন গোপীৰ মুখৰ পৰা শুনিছে।), কীৰ্তন (গোপীসকলে এগৰাকীয়ে আনগৰাকীৰ আগত কৃষ্ণৰ ৰূপ-গুণৰ কথা বৰ্ণনা কৰিছে), স্মৰণ (কৃষ্ণ অন্তৰ্দ্ধান হোৱাৰ পাছত গোপীসকলে কৃষ্ণক মন পেলোৱাৰ দ্বাৰা), বন্দন (গোপীসকলে কৃষ্ণৰ মহিমাক হৃদয়ত ধ্যান কৰি স্তুতি কৰাৰ মাজেৰে), দাস্য (গোপীসকলে নিজকে কৃষ্ণৰ দাস বুলি কোৱাৰ জৰিয়তে), আত্মনিবেদন (গোপীসকলে নিজৰ দোষ-দুৰ্বলতা নিসংকোচে কৃষ্ণৰ আগত প্ৰকাশ কৰি নিজকে কৃষ্ণৰ ওচৰত সমৰ্পণ কৰাৰ মাজেৰে) ভক্তিৰ সংযোগ ঘটিছে। ৰাসক্ৰীড়াত সকাম ভক্তি, নিষ্কাম ভক্তিলৈ পৰিৱৰ্তিত হৈছে। সকাম ভক্তি বা সগুণ ভক্তি মানে মুক্তি, সা-সম্পত্তি, যশস্যা লাভৰ বাবে ভগৱন্তৰ ওচৰত কৰা ভক্তি। নিষ্কাম ভক্তি বা নিৰ্গুণ ভক্তি মানে কামনাবিহীন বা সকলো কৰ্ম ঈশ্বৰক সমৰ্পণ কৰি কৰা ভক্তি। মাধৱদেৱেও মুক্তিত নিস্পহ যিটোবুলি কৈ নিষ্কাম ভক্তিৰ কথাকে কৈছিল। গোপীসকলে প্ৰথমে কৃষ্ণৰ দ্বাৰা নিজৰ কামনা-বাসনাপূৰ্ণ কৰিবলৈ বিচাৰিছিল যদিও পৰৱৰ্তী কালত ই নিষ্কাম ভক্তিলৈহে পৰিৱৰ্তিত হৈছেঃ

এহিমতে ব্ৰজৰ যুৱতী প্ৰতি নিত।

পাইলে মহোদয় কৰ্ম্ম-বন্ধ ছেদ ভৈল।। (কীৰ্তন)

ভক্তই মোক্ষ প্ৰাপ্তিৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগেঃ অন্তৰঙ্গা, উত্তমা, সপ্ৰেমা। অন্তৰঙ্গা ভক্তিত ভক্তৰ আগত জগতখন সত্য হিচাবে থাকে আৰু মুক্তি বা সুখ লাভৰ বাবে ভগৱানৰ আশিস বিচাৰে। উত্তমা ভক্তিত ভক্তৰ বাবে ভগৱন্তহে সত্য। এই জগতখন মিছা। সেয়ে দেহ, মন, ইন্দ্ৰিয় সমৰ্পণ কৰি ভগৱানক সেৱা কৰিব লাগে। সপ্ৰেমা ভক্তিত জগতৰ কোনো প্ৰসঙ্গই উত্থাপন কৰা নহয়। ভক্তই নিষ্কামী হৈ আপোনা আপুনি ইশ্বৰ চিন্তাত মগ্ন হয়। ৰাসক্ৰীড়াৰ ভক্তিও সপ্ৰেমা ভক্তিলৈ পৰিৱৰ্তিত হোনা নিষ্কাম ভক্তি। গোপীসকলৰ মনত পোনতে এই জগতৰ ধাৰণা সামান্য হলেও আছিল। সেয়ে কৃষ্ণৰ কাষলৈ যাবলৈ তেওঁলোকে বাহ্যিক সৌন্দৰ্যৰে (বিভিন্ন আ-অলংকাৰ) অলংকৃত হৈ যাবলৈ বিচাৰিছে। পাছত গোপীসকলৰ মনত কৃষ্ণহে সত্যৰূপে প্ৰতিপন্ন হৈছে। সেয়েহে কৃষ্ণই নিজ নিজ গৃহলৈ উভতি যাবলৈ দিলেও গোপীসকলে ঘৰলৈ ঘূৰি যোৱা নাই। হৃদয়ত অহৰ্নিশে কৃষ্ণৰ প্ৰতি কৰা স্মৰণ, কীৰ্তন, শ্ৰৱণে ভক্তৰ বাহ্য জ্ঞান লোপ কৰি পেলায়। গোপীসকলৰো এনে অৱস্থাৰ সৃষ্টি হৈছিল। ভগৱন্তৰ আত্মাৰ লগত যেন তেওঁলোক মিলি গৈছিল। সেয়েহে ভগৱন্তই সৃষ্টি কৰা শৰীৰৰ প্ৰতি যেন ভগৱন্তৰ সন্মুখত লাজ বা আৱৰণ নাইঃ

বস্ত্ৰ নসম্বৰে মহামোহ হুয়া পৰে।

স্বামীৰ কাষতে পাছে লজ্জা হোৱে বড়ে।। (কীৰ্তন)

বিষ্ণুপুৰাণ, ভাগৱত পুৰাণ, কীৰ্তনৰ ৰাসলীলা অধ্যায়; কেলিগোপাল বা ৰাসক্ৰীড়া নাটকত পৰীক্ষিতে শুক মুনিক সুধিছিল যে কৃষ্ণ স্বয়ং ভগৱান হৈও পৰস্ত্ৰীসকলৰ লগত কিয় ভগৱন্তই গৰ্হিতভাৱে ৰাসলীলা কৰিলে। তেতিয়া শুকে কৈছিল যে ভগৱন্তই ভক্তৰ ইচ্ছা অনুসৰি ভক্তৰ সকলো কামতে সহযোগ কৰে। কৃষ্ণৰ বন্ধন ক? গোপীসকল, তেওঁলোকৰ পতি আৰু অন্যান্য দেহধাৰী জীৱৰ অন্তঃস্থিত অধ্যক্ষৰূপে তেঁৱেই বিৰাজমান বুলি ভাগৱতত আছেঃ গোপীনাং তৎপতীনাঞ্চ সৰ্ৱেষাÍঞ্চযৱ দেহিনাম।কীৰ্তনতো আছেঃ সৰ্বভক্ষ অগ্নি সৱাকো শোষে।... সিজন জানা মৰি যায় প্ৰাণে।।’ (অগ্নিয়ে সকলো দহন কৰে যদিও দহনৰ দোষে অগ্নিক কেতিয়াও নোছোৱে। সাধাৰণজনে ভগৱন্তৰ দৰে কাৰ্য কৰিলে সেই মহামূঢ়লোকজন অধোগামীহে হব। হৰক দেখি কোনোবাই বিষ পান কৰিবলৈ গলে মৃত্যুপথৰ বাহিৰে আন পথ নাপাব)

গোপিনী বা গোপীৰূপী জীৱাত্মাই কৃষ্ণৰূপী পৰমাত্মাৰ লগত পৃথিৱীত কেলি কৰাৰ এক মনোৰম কাহিনীঃ ৰাসক্ৰীড়া। এনেদৰেই শংকৰদেৱে কামজয় নামে ইটো কেশৱৰ কেলিবুলি সৰ্বসাধাৰণৰ আগত ৰাসক্ৰীড়াৰ ভক্তিতত্ত্বৰ মহত্ব দাঙি ধৰিছে।

 

সহায়ক গ্ৰন্থপঞ্জীঃ

১। গোস্বামী, মালিনী (সম্পাদক) শ্ৰীমদ্ভাগৱত গীতা; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৫।

২। দাস, সুৰেন্দ্ৰ কুমাৰ (অনুবাদক) বিষ্ণুপুৰাণ; বনলতা, গুৱাহাটী, ২০১৪ চন।

৩। দাস, সুৰেন্দ্ৰ কুমাৰ (অনুবাদক) শিৱমহাপুৰাণ; বনলতা, গুৱাহাটী, ২০১০ চন।

৪। দেৱগোস্বামী কেশৱানন্দঃ অংকমালা, বনলতা, ডিব্ৰুগড়, ১৯৯৯ চন।

৫। মহন্ত, বাপচন্দ্ৰ (সম্পাদক)  প্ৰবন্ধ গানৰ পৰম্পৰাত বৰগীত; বনলতা, ডিব্ৰুগড়, ২০০৬ চন।

৬। হাজৰিকা, সূৰ্যকান্তঃ কীৰ্তন ঘোষা আৰু নামঘোষাঃ শ্ৰীশ্ৰী শংকৰদেৱ শ্ৰীশ্ৰী মাধৱদেৱ; বাণীমন্দিৰ, ডিব্ৰুগড়, ২০০৮ চন।

আপুনিও ভাল পাব পাৰে!