Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

আমাৰ বিষয়ে

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সমাজ-জীৱন, আধ্যাত্মিক চিন্তাদৰ্শ, সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য নিৰ্ভৰ আলোচনা-গৱেষণাৰ উপৰি ইয়াৰ জনসমুদায়ৰ আত্মমৰ্যাদা তথা সাংবিধানিক সুৰক্ষা আদি বিষয়ত গভীৰভাৱে আত্মনিয়োগ কৰি থকা ‘হেৰিটেজ ফাউণ্ডেশ্যন’ হ’ল মূলতঃ এক দাতব্য অনুষ্ঠান৷ বৌদ্ধিক স্তৰত বিভিন্ন পুথি-পাঁজি, আলোচনী প্ৰকাশ কৰা, সভা-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত কৰা আৰু সাংগঠনিক দিশত বিভিন্ন বিভাগৰ সংশ্লিষ্ট কতৃৰ্পক্ষ তথা বিভিন্ন ভাষা-ভাষীৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলা আদি দিশত ‘হেৰিটেজ ফাউণ্ডেশ্যনে’ এটা নিৰৱ অথচ সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ২০০২ চনৰ পৰা ইংৰাজী ভাষাত ‘হেৰিটেজ এক্সপ্লৰাৰ’ নামে ইংৰাজী ভাষাৰ আলোচনী প্ৰকাশন আৰম্ভ কৰাৰ পিছত ২০১৭ চনৰ পৰা অসমীয়া ভাষাত ‘ঐতিহ্য বাৰ্তা’ নামে আলোচনী প্ৰকাশন কৰে। আলোচনীখনৰ মূল লক্ষ্য-উদ্দেশ্য হ’ল উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া সমাজখনৰ আধ্যাত্মিক-সাংস্কৃতিক পৰম্পৰা তথা সমাজ-ঐতিহ্যৰ বিষয়ে মৌলিক চিন্তা-চৰ্চাৰ তথ্য সমৃদ্ধ প্ৰবন্ধ-পাতি প্ৰকাশৰ যোগেদি সিবিলাকৰ প্ৰচাৰ-প্ৰসাৰত এক যোগাত্মক পৰিৱেশ ৰচনা কৰা৷ভাৰত চৰকাৰৰ কাকত-আলোচনীৰ পঞ্জীয়ন বিভাগ RNI ত পঞ্জীভুক্ত হোৱাৰ উপৰিও National Science Library Indian National Center for ISSN ৰ পৰাও আলোচনীখনে স্বীকৃতি লাভ কৰিছে। ২০১৭ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই থকা আলোচনীখনৰ প্ৰতিবছৰে গণৰাজ্য দিৱস উপলক্ষে বিশেষ সংখ্যা প্ৰকাশ কৰা হয়।

  1. 2024 জনজাতীয় আধ্যাত্মিকতা আৰু সংস্কৃতি
  2. 2025 অসমৰ জনজাতিসকলৰ মৌখিক সাহিত্য
  3. 2026 সাহিত্য, সংস্কৃতি আৰু সভ্যতালৈ ড০ ভূপেন হাজৰিকাৰ অৱদান