কলা আৰু সংস্কৃতি

বিশ্বসভালৈ বাগৰুম্বা

post

Share

লেখকঃ প্ৰলয় কুমাৰ বড়ো

বৈচিত্ৰ্যতাৰ মাজত ঐক্যৰে পৰিপূৰ্ণ অসমত বসতি স্থাপন কৰি অহা বহুকেইটা জাতি জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ পুৰণি জনগোষ্ঠীটোৱে হৈছে বড়ো জনগোষ্ঠী। নৃগোষ্ঠীয় দিশৰ পৰা ইন্দো- মংগোলীয় গোষ্ঠীৰ আৰু ভাষাৰ দিশৰ পৰা তিব্বতবৰ্মী ভাষা গোষ্ঠীৰ বড়োসকল প্ৰাচীন কালৰে পৰা যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাৰিওদিশে বসতি স্থাপন কৰি অহা বড়ো সকল অসমৰ এক বৃহত্তৰ জনগোষ্ঠী। বড়োলেণ্ড অঞ্চলৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ আদি জিলাৰ লগতে গোৱালপাৰা, কামৰূপ, ধেমাজি,  গোলাঘাট, শোণিতপুৰ, কাৰ্বি আংলং জিলা বড়ো লোক সকলৰ বসতি প্ৰধান। তদুপৰি চুবুৰীয়া ৰাষ্ট্ৰ নেপাল তথা চুবুৰীয়া ৰাজ্য পশ্চিম বংগ, মেঘালয় আৰু ডিমাপুৰতো বড়োসকলৰ অৱস্থিতি আছে।

অসমৰ পুৰণি জনগোষ্ঠী বড়ো জনগোষ্ঠীটোৰ আছে নিজা ভাষা, সাহিত্য, সাংস্কৃতিক পৰিচয়। বিখ্যাত সাহিত্যিক পণ্ডিত গ্ৰিয়াৰ্ছন, সুনীতি কুমাৰ চেটাৰ্জীৰ দৰে ব্যক্তিসকলে কৈ গৈছে যে বড়ো ভাষাটো চীন-তিব্বতীয় ভাষাৰ অন্তৰ্গত। অসমৰ ঠাইভেদে বড়ো ভাষাৰ কিছু আঞ্চলিক ৰূপ দেখা পোৱা যায়। সাহিত্যিক আৰু ৰাজনৈতিক দিশতো বড়ো জনজাতিয়ে নিজা পৰিচয় বহন কৰি আহিছে। স্বাভিমানী বড়ো সমাজে ৰাজনৈতিক, শিক্ষা তথা ভাষা ৰক্ষাৰ বাবে সময়ে আন্দোলন কৰি আহিছে।

সাংস্কৃতিক দিশৰ পৰা বড়ো জনজাতি অতি চহকী। লোক গীত, লোক নৃত্য, লোক কথা, বৈশাগু, খেৰাই নৃত্য আদিৰে বড়ো সমাজে নিজ সংস্কৃতি ৰক্ষা কৰি আহিছে। বড়ো সকলে শ্ৰুতি বা মৌখিক পৰম্পৰাৰ মাধ্যমেৰে নিজ ভাষা সাংস্কৃতিক ৰক্ষা কৰি আহিছে। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলিত এক লোকনৃত্য হৈছে ‘বাগুৰুম্বা’। বসন্তকালীন এই লোকনৃত্য বাগুৰুম্বাৰ অৰ্থই হৈছে দেও দি নচা বা জঁপিয়াই জঁপিয়াই নচা। বাগুৰুম্বা নৃত্য কেৱল গাভৰু বা মহিলাইহে পৰিৱেশন কৰা দেখা যায় তথা পুৰুষ সকলে বাদ্য সংগত কৰে। বাগুৰুম্বা নৃত্যক “পখিলা নৃত্য” বুলিও কোৱা হয় ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে অসমৰ বড়ো জনগোষ্ঠীৰ এই আকৰ্ষণীয় লোকনৃত্যটো দেখিব চৰাই আৰু পখিলাৰ গতিৰ দৰে। বাগুৰুম্বা গীতৰ মাধ্যমেৰে বড়ো গাভৰু খিনিক শ্ৰেষ্ঠ সকলো ক্ষেত্ৰতে পাৰ্গত তথা হাৰ মানিব নজনা বুলি কয়। গীতত কৈছে.......

“বাগুৰুম্বা হায় বাগুৰুম্বা

জাত নঙাবৌলা

খুল নঙাবৌলা

থাবৌৰৌম হমনানেই বামানানেই

লাগৌ মৌন খা

হায় লোগৌ

লাগৌমৌন খা।

থুৰি বাৰিনিলায় দাও চেন

জৌংনি লাগৌৱালাই দা জেন

গৌচৌ হৌচাৰ হৌচাৰ মৌচা দে

বাগুৰুম বাগুৰুম মৌচা দে।”

বাগুৰুম্বা নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ সমূহ ক্ৰমে - খাম চিফুং, ছেৰজা, জথা, জাবস্ৰিং। এই বাদ্য যন্ত্ৰ সমূহৰ তালে তালে গাভৰু সকলে দেও দি দি বাগুৰুম্বা নৃত্য কৰে। বাগুৰুম্বা নৃত্য পৰিৱেশনৰ সময়ত বড়ো গাভৰুসকলে হালধীয়া ৰঙৰ দখনা, জোমগ্ৰা, আৰ’নাই, মালা, কাণফুলি আৰু মুঠি খাৰু পৰিধান কৰে। লক্ষণীয় যে এই পোছাকযোৰ প্ৰায়ে ফুলছপা থকা আৰু ইয়াক প্ৰাকৃতিক দৃশ্য বা ফুলৰ ডিজাইন কৰা হয়, যিয়ে প্ৰকৃতিৰ সৈতে থকা সম্পৰ্কক প্ৰতিনিধিত্ব কৰে ।

বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগুৰুম্বা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শিত হৈছিল। উক্ত বৰ্ষত কোকৰাঝাৰৰ বাগুৰুম্বা নৃত্য দলটিক নেতৃত্ব দিছিল ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু মদাৰাম ব্ৰহ্মই। তাৰ পিছত এই নৃত্য থমকি ৰব লগা নহ’ল। বড়োসকলৰ সকলো সভা সমিতি, অনুষ্ঠান আদিত বাগুৰুম্বা নৃত্য অভিন্ন অংগ হৈ পৰিল।

২০২৬ চনটো অসমৰ বাবে এক সুন্দৰৰ আৰম্ভণি, অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাই বিশ্ব সভালৈ যাত্ৰা কৰে। পূৰ্বতে বিভিন্ন ৰাজনৈতিক কাৰক, চৰকাৰৰ সদিচ্ছাৰ অভাৱত বাগুৰুম্বা নৃত্যৰ যিধৰণে প্ৰসাৰিত হ’ব লাগিছিল, সেই ধৰণে হোৱা নাছিল। কিন্তু সময় সলনি হল, চৰকাৰ সলনি হ’ল। চলিত বৰ্ষত অসম চৰকাৰে বাগুৰুম্বাক বিশ্ব সভালৈ প্ৰসাৰিত কৰাৰ মানসেৰে যোৱা ১৭ জানুৱাৰী তাৰিখে এই অভিলেখ স্থাপন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,০০০ শিল্পীয়ে লোকনৃত্য বাগুৰুম্বা পৰিৱেশন কৰে, য’ত বাদ্য সংগত কৰে ১০০০ বাদ্যযন্ত্ৰীয়ে।

খাম, চিফুং, চেৰজা, জথা আদিৰ সুৰৰ তাল লয়েৰে মুখৰিত হৈ পৰে বাগুৰুম্বা নৃত্য। বড়ো জনগোষ্ঠীৰ আৱেগ, স্বাভিমান বাগুৰুম্বা  নৃত্যৰ এক বিস্তৃত ৰূপে জনগোষ্ঠীটোক বিশ্বৰ বুকুত এক শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত কৰি দিলে। স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে এই অনুষ্ঠানক এক নতুন গতি দিয়ে। লোকনৃত্য বাগুৰুম্বা প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণত কৈছিল - মোৰ সৌভাগ্য যে অসম সংস্কৃতি, ইয়াৰ বড়ো পৰম্পৰাক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈ আহিছে। বাগুৰুম্বাৰ এই আয়োজন বড়ো পৰিচয়ৰ জীৱন্ত প্ৰতীক। “বাগুৰুম্বা দ’হৌ” শীৰ্ষক এই অনুষ্ঠান কেৱল এক উৎসৱ নহয়। আমাৰ মহান বড়ো পৰম্পৰাক সন্মান দিয়াৰ এয়া এক মাধ্যম। বড়ো সমাজৰ মহান বিভূতি সকলক মনত পেলোৱাৰ এয়া এক মাধ্যম এনেদৰে বাগুৰুম্বা দ’হৌৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে এফালৰ পৰা কৈ যোৱা কথাই বাগুৰুম্বা দহৌক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি তোলে। ১৯৫৭ চনৰ পিছত দ্বিতীয়বাৰৰ ২০২৬ চনত বিশ্বৰ বুকুত স্থাপিত হ’ল বড়ো জনগোষ্ঠীটোৰ  স্বাভিমানৰ প্ৰতীক “বাগুৰুম্বা দ’হৌ”।

(গৱেষক ছাত্ৰ, মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা প্ৰকল্প সহযোগী, আইআইটি গুৱাহাটী, ভ্ৰাম্যভাষঃ ৭৫৭৬৮৬৫৮০৬)

আপুনিও ভাল পাব পাৰে!