Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

কলা আৰু সংস্কৃতি

ৰাভাসকলৰ জাতীয় উৎসৱ - বায়খো

post

Share

লেখকঃ চাৰুমোহন ৰাভা

ৰাভাসকলৰ জাতীয় উৎসৱ - বায়খোৰ উৎপত্তি আৰু প্ৰতিপাদিক অৰ্থ যিয়েই নহওক সাধাৰণ অৰ্থত ই বায় মানে দেৱতা আৰু খোৰ মানে হৰা বা লুংকী। বায়খো শব্দৰ অৰ্থ বিচাৰি ড. নিৰ্মলপ্ৰভা বৰদলৈয়ে এনেদৰে কব বিচাৰিছে - বায় মানে দেৱতা দেৱী, অৰ্থাৎ শ্ৰেষ্ঠ। এই বায়খো শব্দ বাথৌ বা বাথু শব্দৰ ধ্বনিৰ কাষ চপা বুলি কৈছে। অৱশ্যে বাথৌ পঞ্চতত্বৰ লগত জড়িত আদি দেৱক বুজায়।

বায়খো শব্দৰ অৰ্থ বিছাৰি গলে পৌৰাণিক লোকবিশ্বাসৰ এটি লোক কাহিনীৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা যায়। পৌৰাণিক কালত কোনোবা এখন গাৱত দুজনী সহোদৰা গাভৰু বায়েক ভনীয়েক দুয়ো চিলিং গোটক নামৰ ঠাইৰ ওচৰৰ এখন জুৰিত মাছ মাৰিবলৈ গৈছিল। দুয়ো বায়েক ভনীয়েকে জুৰিত জাকৈ বাই এটাও মাছ নাপাই ঘৰলৈ উভতিবৰ সময়তে সিহতৰ জাকৈত এটা শিল উঠাত সেই চটাকে পিতৃ মাতৃক প্ৰমাণ স্বৰূপে দেখুওৱাৰ মানসেৰে খালৈত ভৰাই লৈ ঘৰলৈ উভতি আহিবলৈ ধৰিলে। সিহঁত দুয়ো যিমান দূৰ বাট অতিক্ৰম কৰিলে শিল চটাও সিমানেই বাঢ়িব ধৰিলে। সন্ধিয়াৰ পৰত সিহত যেতিয়া ঘৰ আহি পালেহি শিল চটাও খালৈত নধৰা হল।

ঘৰত আহি পোৱাৰ পিছত সিহত দুয়ো জাকৈ মাৰি থাকোতে এটাও মাছ জাকৈত নুঠাত মাথো এচটা শিলহে উঠাত তাকে খালৈত ভৰাই লৈ অহা বুলি বৃদ্ধ পিতৃৰ ওচৰত বিৱৰি কলে। পিতৃয়েও কথাটোৰ তত্‌ ধৰিব নোৱাৰি শিল চটাকে চাব বিচাৰিলে আৰু খালৈৰ পৰা উলিয়াই আনিবৰ বাবে চেষ্টা কৰিলে যদিও খালৈৰ পৰা উলিওৱাটো কঠিন হল আৰু শিলচটাৰ পৰা কেৱল তেজহে ববলৈ ধৰিলে। এনে অৱস্থাত সিহতৰ মনত ভয়ৰ সঞ্চাৰ হল। পিছত যেনিবা বৃদ্ধ পিতৃয়ে খালৈৰ পৰা শিলচটা উলিয়াই আনিবলৈ সক্ষম হল। শিলচটাক ভালদৰে নিৰক্ষণ কৰি বুঢ়াই বুজি পালে যে, ই দেৱতা বা দেৱীৰ বাহিৰে আন একো নহয়। সেই বাবে বুঢ়াই ইয়াক লুংকীত ভৰাই ধানৰ ভঁৰালৰ ভিতৰত থৈ দিলে। বুঢ়াই ৰাতিটো ধানৰ ভৰালত ৰাখি পিছ দিনা চালে যে, শিলচটা বাঢ়ি গৈ লুংকী বা খোকত নধৰা হৈছে আৰু শিলচটাৰ পৰা তেজ বৈ আছে। বুঢ়াই তেতিয়াহে বুজি পালে সিহঁতৰ ঘৰত গোঁসানীয়ে থিতাপি লবলৈ ইচ্ছা কৰিছে আৰু বুঢ়াই সপোনতো তাকে দেখিলে। সেয়ে শিলচটাক ধানৰ ভঁৰালৰ পৰা উলিয়াই আনি দেৱীৰ প্ৰতীক হিচাপে স্থাপন কৰি গাহৰি কাটি পূজা কৰিলতহে শিলচটাৰ পৰা তেজৰ প্ৰৱাহ বন্ধ হল। এনেদৰে সিহঁতৰ ঘৰ আৰু গাওঁখনো সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ জনাজাত হৈ পৰিল। খোকৰ পৰা তেজ বোৱাত বায় (দেৱতা)ৰ পূজা কৰা বাবে বায়খোকচি - বায়খোচি - খোকচি বায় হিচাপে পূজাৰ প্ৰচলন হল। অৰ্থাৎ বায়-দেৱতা, খোক-লংকি, চি-তেজ, শক্তি। অৰ্থাৎ লংকিৰ পৰা তেজ প্ৰৱাহিত হোৱা দেৱতা নামে মহাদেৱীৰ নাম হিচাপে নামাঙ্কিত হল।

সি যি কি নহওক, বায়খোৰ উৎপত্তি যি ধৰণেই নহওক কিয় বায়খো ৰাভা সকলৰ আৰাধ্যা দেৱী।  দদানে নিজ ৰাজ্য হেৰুৱাই অনাই বনাই ঘূৰি ফুৰোতে তেওৰ সাতজনী ভনীয়েকে প্ৰথমে বায়খো বা সৰ্বশক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ মাহাত্মহে প্ৰচাৰ কৰিছিল।

অসমৰ অন্যান্য জনগোষ্ঠীৰ যি দৰে নিজ নিজ দেৱ-দেৱীৰ পূজা উৎসৱ পতা হয় তেনেদৰে ৰাভা সকলেও পৌৰাণিক কালৰ পৰা বৰ নিষ্ঠা সহকাৰে বায়খো পূজাঁ অনুষ্ঠিত কৰি আহিছে। ভাৰতীয় সংস্কৃতিত দূৰ্গা দেৱীৰ যি স্থান ৰাভা সকলেও বায়খো দেৱীক সেই একে স্থানত প্ৰতিষ্ঠিত কৰিছে। দূৰ্গা যেনেদৰে সিংহৰ অধিষ্ঠাত্ৰী দেৱী তেনেদৰে বায়খোও ৰাভাসকলৰ শক্তিৰূপিণী দূৰ্গা দেৱীৰে অন্য ৰূপ।

যি কোনো পূজা উৎসৱ সাধাৰণতে বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। মানুহে যেতিয়া অথায় সাগৰত পৰি কক বকাই থাকে তেতিয়া তৃণ-কূটাকো সহায়ৰ সাৰথি বুলি ভাবি লয় আৰু তাৰ পৰিত্ৰাণৰ বাবে উপায় চিন্তে। পুৰণি কালত ৰাভাসকলৰ মাজত বিশেষকৈ দদান ৰজাৰ দিনত, দদান ৰজাই নিজৰ সকলো হেৰুৱাই দেশ-বিদেশ ঘুৰি ফুৰিছিল আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰজাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছিল তেতিয়াই তেওঁ শক্তিৰ বিশেষভাবে প্ৰয়োজন বোধ কৰিছিল। তেনে এক সন্ধিক্ষণতে দদান ৰজাই বায়খো পূজাঁৰ আৰম্ভনি কৰিছিল। ফলস্বৰূপে দদান ৰজাই লাভ কৰিলে প্ৰবল শক্তি।

সকলো জাতি জনগোষ্ঠীৰে কোনো উৎসৱ বা পূজা পাৰ্বনৰ বাবে নিৰ্দিষ্ট এটা সময় সীমা থাকে। অসমৰ জাতীয় উৎসৱ বিহু বসন্ত ঋতুৰ আগমনৰ সময়ত পৃথিৱীয়ে যেতিয়া নৱ ৰূপলৈ পূৰ্ণ যৌৱনা হৈ পৰে সেই সময়তে বিহু পালন কৰে। সূৰ্য্য তেতিয়া বিষুৱ ৰেখাৰ সংক্ৰান্তিত প্ৰৱেশ কৰে। বড়ো সকলেও বসন্তৰ প্ৰথম তিথিতে বৈশাগু পালন কৰে। তেওঁলোকে বহাগৰ প্ৰথম দিনতে বাথৌ (বা- পাঁচ আৰু থৌ- তত্ব) পূজা সমাপন কৰে। এই পঞ্চ মহাতত্বৰ মূল দেৱতা মহাদেৱক পূজাৰ দিনটোকেই বাথৌ উৎসৱৰ দিন বুলি কয়।

তেনেদৰে অসমৰ সোণোৱাল কছাৰীসকলৰ প্ৰধান উৎসৱ বাইথ। বলি ৰজাৰ বংশধৰ বুলি বিশ্বাস কৰা সোণোৱাল কছাৰী সকলে সোতৰ শতিকা মানলৈকে বাইথ, কেঁছাই খাইতী, বুঢ়া-বুঢ়ী আদি দেৱ-দেৱীক নানা পশু পক্ষীৰ বলি বিদানেৰে পূজা-পাতল কৰি আহিছিল যদিও তেওঁলোকৰ মাজত অধিকাংশ লোকেই বৈষ্ণৱ পন্থাৰ পৰা আতৰি অহা নাই। শাক্ত আৰু শৈৱ দুয়োটা ফৈদৰ বিলুপ্তি নোহোৱাকৈ থাকিল। সোণোৱাল সকলৰ কোনোৱে শাক্ত কেঁচাই খাইতী, বুঢ়া-বুঢ়ী আৰু মালিনী দেৱীৰ পূজা পাতলৰ ব্যৱস্থা কৰে আৰু শৈৱ সকলে খিৰিং মহাদেৱ শিৱ দেৱতা বা বাইথ পূজা ফাগুণৰ শুক্লা অষ্টমী তিথিত প্ৰতি বছৰে পালন কৰি আহিছে।

গাৰো সকলৰ মাজত প্ৰচলিত উৎসৱ ওৱাংগালা আৰু ৰংচুগালা। দুয়োটা উৎসৱে গাৰোসকলৰ কৃষি প্ৰধান উৎসৱ। খেতি চপোৱাৰ পিছতেই ওৱাংগালা সকলৰ উৎসৱ পালিত হয়। ডেকা-গাভৰুৰ নৃত্যৰ জড়িয়তে এই উৎসৱ উদ্‌যাপিত হয়। কৃষিৰ প্ৰথম শস্য কৃষি দেৱতালৈ আগবঢ়োৱা উৎসৱেই ৰংচুগালা। তেওঁলোকে নৃত্যৰ জৰিয়তে প্ৰথম শস্য কৃষি দেৱতালৈ আগবঢ়ায়।

অসমৰ অন্য এক জনগোষ্ঠী হৈছে মিচিং সকল। অসমীয়াৰ ৰঙালী বা ভোগালী বিহুৰ দৰেই মিচিং সকলৰ আলিয়াই লৃগাং। আলিয়াই লৃগাং মানে মাটিত শস্যৰ বীজ সিঁচাৰ সময়। অৰ্থাৎ শস্যৰ উৎপাদনৰ বাবে কঠিয়া সিঁচি দিয়া কাৰ্য। মিচিং সকলে বসন্ত আগমনৰ লগে লগে ফাগুন চত মাহতে কঠিয়া সিঁচা কাৰ্য আৰম্ভ কৰে। বুধবাৰটো মিচিং সকলৰ বাবে এক মাংগলিক দিন। সেইবাবেই মিচিং সকলে ফাগুণৰ প্ৰথম বুধবাৰটোতে আলিয়াই লৃগাং পতাৰ বাবে দিন ধাৰ্য কৰি লৈছে। গতিকে প্ৰতি বছৰে ফাগুণৰ প্ৰথম দিনটোতে আলিয়াই লৃগাং উৎসৱ পালন কৰা হয়।

গতিকে প্ৰত্যেক জাতি-উপজাতিৰে কোনো উৎসৱ উদ্‌যাপনৰ উদ্দেশ্য একেই। সকলো শ্ৰমজীৱি লোকে কৃষিৰ উন্নতি সাধন, কৃষিৰ উৎপাদন, অপায়-অমংগ, নানাবিধ বিপদ-বিঘিণী আতৰাবৰ বাবেই পূজা উৎসৱৰ আয়োজন কৰে।

ৰাভাসকলৰ বায়খো উৎসৱটোও তাৰ ব্যতিক্ৰম নহয়। নতুন বছৰৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন পানী পাই ৰমক জমক হৈ পৰে। তেনে এক মোহনীয় পৰিবেশত মাত- বসুমতীয়ে যেন গাভৰু হৈ পৰে। তেনে এক নৱ যৌৱনা গাভৰু পৃথিৱীয়ে প্ৰকৃতিৰ সতে মিলনৰ বাবে যেন উদ্বাইল হৈ পৰে। তেনে এক সন্ধিক্ষণতে ৰাভাসকলে জেঠ মাহৰ যি কোনো ৰবিবাৰে বায়থো দেৱীৰ পূজা অৰ্চনাৰ ব্যৱস্থা কৰে। কিয়নো ৰবিবাৰটো ৰাভাসকলৰ বাবে পবিত্ৰ দিন আৰু ই সূৰ্য্যৰ লগত জড়িত।

জেঠ মাহত বৰষুণ আৰম্ভ হয়। সকলোৱে তেতিয়া কৃষি কাৰ্যৰ বাবে সাজু হৈ উঠে। সেই সময়তে ৰাভা সকলে বায়খো দেৱীৰ পূজা পাতে। কাৰণ বতৰৰ শস্য আৰম্ভ কৰাৰ আগতে খেতি বাতিত যাতে অধিক বৰষুণ, কীট-পতঙ্গ, খৰাং বতৰৰ পৰা খেতিৰ শস্য ৰক্ষা পৰে নাইবা মানুহৰ বিপদ বিঘিণী, মাৰিমৰক, হাইজা, কলেৰা আদি নহয় আৰু গাওঁত যাতে সকলোৱে আনন্দ মনেৰে দিন নিয়াব পাৰে তাৰ বাবে দেৱীক নানা উপচাৰেৰে বলি বিধানৰ দ্বাৰা পূজা কৰা হয়। কাৰণ সকলো শক্তি সমন্বিত। তন্ত্ৰৰ মূল কথা শিৱ শক্তি কোনো গৰাকী নিজে সম্পূৰ্ণ নহয়। শক্তিৰ লগত যুক্ত নহলে কোনো দেৱতাই সম্পূৰ্ণ হব নোৱাৰে। পৰম অদ্বয় সত্যৰ দুটিখণ্ড অংশৰ যুগলেই হৈছে পূৰ্ণ ৰূপ।

বায়খো দেৱী শিলাখণ্ড প্ৰতীক ৰূপ হলেও ইয়াৰ তাৎপৰ্য অইন ধৰণে ধৰিব পাৰি। শিলচটা বৃদ্ধি হৈ অহাৰ অৰ্থ এইটোকে বুজাইছে - বিস্তাৰ বা ব্যাপ্ত। সৃষ্টিৰ অন্তৰালৰ যি এক মহাশক্তি সেয়াই ছি - তেজ। সেয়া এক শক্তি। বায়খোক  বায়কোছি বুলি কলে ইয়াত তেজময় যি শক্তি সেই শক্তিক নাৰী ৰূপত কল্পনা কৰি সেই শক্তিকে সৃষ্টিৰ আদ্যশক্তি হিচাপে কল্পনা কৰা হৈছে। ফলত জেঠ বা আহাৰ মাহত প্ৰকৃতিৰ পৰিবৰ্তনৰ লগে লগে বৰষুণ হৈ পৃথিৱী উৰ্বৰা হয়। তেতিয়া যি কোনো শস্যৰোপণৰ বাবে উপযুক্ত হয়। সেই বাবেই বায়খো দেৱী সৰ্বশক্তিৰ অধিকাৰিণী।

ব্ৰহ্ম বৈৰ্ত পৰাণৰ প্ৰকৃতি খণ্ড (২-৬৬-৭-১০০) উল্লেখ থকাৰ দৰে মহাশক্তিমূল প্ৰকৃতিৰ পৰাই বিশ্বৰ উৎপন্ন আৰু তেঁৱেই বিশ্ব পঞ্চৰ সাৰভূতা পৰা সত্তা।

ৰাভা সকলৰ বায়খো দেৱীক ৰংবুদী, তামায়, নাকাতি, দাদুৰী, চুছাৰী, ৰংমাৰী, ছাইমাৰী আদি নামেৰে বিভিন্ন সময়ত বিভিন্ন ৰূপত পোৱা যায়। ৰংবুদীক মহামায়া দুৰ্গাদেৱীৰ লগত তুলনা কৰিব পাৰি। দেৱী তামায়ক কেঁচাইখাইতীৰে স্বৰূপ বুলি বিশ্বাস কৰিব পাৰি। ৰংবুদীক পূজা কৰাটো বৰ কঠিন। ৰংবুদীক পূজাৰ পিছত অগ্নিস্নানৰ ব্যবস্থা কৰা হয়। অগ্নিস্নানৰ বাবে পবিত্ৰ মন, শুচী দেহৰ নহলে বিপদ অৱশ্যম্ভাবী। অগ্নিস্নানৰ অৰ্থ হল ৰংবুদী পূজাৰ সামৰণিৰ বাবে জুইৰ আঙঠাৰ ওপৰেৰে নাচিব লাগে। সেই বাবেই ৰংবুদীক ৰাভা সকলে বায়খো চুং বোলে।

তামায় দেৱী ৰাভাসকলৰ মতে কেচাঁইখাইতীৰ ৰূপ। তামায় পূজাৰ বাবে কেঁচা তেজৰ প্ৰয়োজন অৰ্থাৎ বলিৰ প্ৰয়োজন। তামায় পূজা দেওধনি বা দেৱধনিৰে পূজা বুলিও অভিহিত কৰা হয়। এই পূজা অতীজৰ মাছাংপানী বিলৰ কাষত কৰা হৈছিল বুলি জনা যায়। কেঁচাতেজৰ নৈবদ্য আগ বঢ়োৱা যায় বাবেই দেৱীৰ নাম কেঁচাইখাইতী।

বায়খো পূজা শক্তি পূজাৰে এক ৰূপান্তৰ। দেৱী দুৰ্গাক পূজিলে উপাসকৰ অন্তৰত সাহস, বল, বীৰ্য, আৰু ধৰ্মভাৱৰ সৃষ্টি হয়, তেনেদৰে ৰাভাসকলৰ বায়খো পূজাৰ পৰাও একে শক্তি আৰু কৰ্মকাৰকতা লাভ সম্ভৱ। গতিকে ৰাভাসকলৰ বায়খো পূজাৰ অপৰিসীম মাহাত্ম্য অন্তৰ্ভূক্ত হৈ আছে। ইয়াত কেৱল ৰং-ৰছৰ বাহিৰেও আধ্যাত্মিক চেতনাবোধৰ লগত জাতীয় কৃষ্টি সংস্কৃতি সংৰক্ষণ সম্ভৱ হৈছে।

আপুনিও ভাল পাব পাৰে!