লেখিকাঃ ৰিচা চুতীয়া
চুতীয়াসকল অসমৰ এক আদিম কালৰে পৰা বসতি বিস্তাৰ কৰি পৰৱৰ্তী কালত ৰাজ্য শাসনৰ পাতনি মেলিছিল। পৃথিৱীৰ বহুতো প্ৰাচীন জাতি-জনগোষ্ঠীৰ দৰে চুতীয়াসকলৰ পূৰ্ণাংগ পাবলৈ নাই। সেই হেতুকে বুৰঞ্জীবিদ আৰু ভাষা-সংস্কৃতিৰ লেখক, গৱেষকসকলৰ ৰচনা, নৃতাত্ত্বিক অধ্যয়ন আৰু মৌখিক পৰম্পৰা চলি অহা কথা-কাহিনীৰ আধাৰত চুতীয়াসকলৰ অতীত ইতিহাস, ৰাজ্য-ৰজা, জনবল, ধনবল, ধৰ্ম, ভাষা, সমাজ-সংস্কৃতিৰ এখন নিৰ্ভৰযোগ্য ছবি আলোকিত হৈ উঠা পৰিলক্ষিত হয়।
চুতীয়াসকলৰ আদি বাসভূমি আৰু পৰিচয়ঃ
চুতীয়াসকলৰ আদি বাসভূমি আৰু চুতীয়া নামৰ উৎপত্তিৰ বিষয়ে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰে। হিমালয়ৰ উত্তৰ-পূৰ্বাংশত অৱস্থিত ‘স্বাত’ বা ‘স্বাতী’ হ্ৰদৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসভূমি বুলি ক’ব পাৰি। এই সৰোবৰৰ কাষৰ পৰা প্ৰব্ৰজিত হোৱা বুলিয়ে এটা সময়ত স্বতীয় আৰু শেষত চুতীয়া নামেৰে পৰিচিত হয়। অতীজত স্বতি সৰোবৰৰ কাষত আছিল। স্বতি শব্দৰ পৰা স্বতীয়া আৰু তাৰ পৰা চুতীয়া শব্দ বাহিৰ হৈছে। সোৱণশিৰি নৈৰ পাৰত সৰস্বতী বা স্বাতী সৰোবৰৰ পাৰত চুতীয়াসকলৰ আদি বাসস্থান থকা বুলি মত প্ৰকাশ কৰে। স্বতী নৈৰ পাৰত থকা বাবেই চুতীয়া জাতিৰ নাম চুতীয়া হ’ব বুলি কিছুমানে ক’ব খোজে।
দিহিং নৈৰ কাষত পৰা (হালালী ৰাজ্যত) এসময়ত চুতীয়াসকলে ৰাজপাট লয় বুলি কয়। এই চুতীয়াসকলেই বৰ্তমান চুতীয়াসকল চুতীয়াৰ আদি বাসস্থান আৰু চুতীয়া নামৰ উৎপত্তি সন্দৰ্ভত ড০ স্বৰ্ণলতা বৰুৱাই কৈছে— চুতীয়াসকল চুতীয়া নামটোৰ মূল সুঁতিটোৰ পৰা বেলেগ হৈ পৰাৰ পিছতহে হৈছিল। কিয়নো চুতীয়া নামেৰে কোনো প্ৰব্ৰজনকাৰী অসমত প্ৰৱেশ কৰা নাছিল। সেইবাবে ক’ব পাৰি যে সোৱণশিৰি নদীৰ গাগৰি অঞ্চলত বসবাস আৰম্ভ কৰি স্বকীয় সমাজ আৰু সংস্কৃতিৰে মূল সুঁতিৰ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰা বড়ো গোষ্ঠীৰ লোকসকলেই কালক্ৰমত চুতীয়া বুলি পৰিচয় হৈ পৰিছিল। (চুতীয়া জাতিৰ বুৰঞ্জী, পৃ. ৮) চুতীয়াসকলক বুজাবৰ বাবে পুৰণি অসম বুৰঞ্জীসমূহত চুতীয়া শব্দটো ব্যৱহাৰ কৰা দেখা যায়। চুতীয়া শব্দটো ‘চুট্’ ধাতুৰ লগত ঈয়া প্ৰত্যয় হৈ লগ হৈ সাধিত হৈছে। চুট শব্দৰ ওখ ঠাই পাহাৰক টিং আদি অৰ্থ কৰিব পাৰি চুতীয়াসকলে যিহেতু পূৰ্বতে ওখ পাহাৰী অঞ্চলত বসবাস কৰিছিল। ভৈয়ামৰ লোকসকলে চুতীয়া বা ছটীয়া নামেৰে পৰিচিত হৈছিল। চুতীয়া ৰাজ্যৰ সৈতে সোৱণশিৰী, চন্দনগিৰি, ধবলাগিৰি, বৰ্তমান অৰুণাচল পাহাৰ অঞ্চলৰ নাম জড়িত হৈ আছে। গিৰি শব্দৰ অৰ্থ হৈছে পাহাৰ গিৰি বা পাহাৰৰ চুটত থকা বাবেই চুতীয়াসকলক চুতীয়া বা ছটীয়া বুলি আখ্যা দিছিল বুলি কোৱা হয়।
চুটীয়া ৰাজ্য, ৰজা আৰু ৰাজত্বঃ
পৃথিৱীত বহু ৰাজ্য আৰু ৰাজবংশত থকাৰ দৰে চুতীয়া ৰাজ্য আৰু ৰাজ পৰিয়ালৰ উত্থানৰ লগতে পৌৰাণিক আখ্যান আৰু জনশ্ৰুতি মিহলি হৈ আছে। ছশ বছৰ অসম শাসন কৰাৰ প্ৰতাপী আহোম ৰাজপৰিয়ালক ইন্দ্ৰবংশী বোলাৰ দৰে চুতীয়া ৰজাসকলকো পুৰাণখ্যাত যক্ষাধিপতি ধনৰ দেৱতা কুবেৰৰ পৰা উৎপত্তি বুলি কোৱা হয়। অসমৰ প্ৰচলিত অন্য এক জনশ্ৰুতি মতে চুতীয়াসকলৰ প্ৰাচীন ৰাজ্যৰ নাম আছিল বিদৰ্ভ আৰু কুণ্ডিল। ইয়াৰ ৰাজধানী বিদৰ্ভৰাজ ভীষ্মক চুতীয়াৰ আদি ৰজা বুলি গণ্য কৰা হয়।
কামৰূপত বিৰাটবংশী ৰজাই ৰাজত্ব কৰাৰ সময়তে সৌমাদৰ অতি পূব ভাগত কুণ্ডিল বা বিদৰ্ভ ৰাজ্যত, ভীষ্মক নামেৰে এজন সুপ্ৰখ্যাত চুতীয়াবংশী ৰজাই ৰাজত্ব কৰিছিল। এতিয়াৰ শদিয়াৰ অঞ্চলৰ আৰু তাৰ আশে-পাশে বিস্তৃতভাৱে এই ৰাজ্য অৱস্থিত আছিল। কুণ্ডিল নগৰ ভীষ্মক ৰজাৰ ৰাজধানী আছিল। বৰ্তমান শদিয়া অঞ্চল পূব দাঁতিয়েদি এতিয়াও কুণ্ডলীবাসী বুলি এখনি সৰু নৈয়ে তাৰ প্ৰমাণ। পৰৱৰ্তী কালত উদ্ধাৰ হোৱা তাম্ৰপত্ৰ আদিয়ে চুতীয়া ৰজাসকলৰ নাম আৰু ৰাজত্ব কালৰ বহু তথ্যৰ সম্ভেদ দিয়ে।
অসমৰ বুৰঞ্জীত থকা মতে ৰত্নধ্বজ পালৰ পৰা আৰম্ভ কৰি নিত্যপাল বা সাধক নাৰায়ণলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল।
১১৪৬ শক ১২২৪ খ্ৰীঃৰ পৰা ১৬৭৩ শক/১৬৭৫ খ্ৰীঃলৈ মুঠ ৩৪৭ বছৰ ৰাজত্ব কৰিছিল। ইতিমধ্যে উদ্ধাৰ হোৱা তামৰ ফলিৰ আধাৰত বীৰবৰ, বীৰপালৰ পৰা আৰম্ভ কৰি নীতিপাল বা চন্দ্ৰপাললৈকে মুঠ ১৭ জন ৰজাৰ নাম আৰু ৰাজত্ব কালৰ তালিকা প্ৰস্তুত কৰি উলিওৱা হৈছে। চুতীয়া জাতিৰ বুৰঞ্জী, পৃ. ১০৭) এই তালিকা মতে চুতীয়া ৰজাসকলে ১১৮১ খ্ৰীঃৰ পৰা ১৫২৪ লৈকে মুঠ ৩৩৫ বছৰ ৰাজত্ব কৰে।
নেই ইলিয়াচে অসমীয়াত এখন হাতে লিখা বুৰঞ্জীভিত্তিত যুগুত কৰা উজনি অসমৰ চুতীয়াসকলৰ এক সংক্ষিপ্ত প্ৰাচীন চুতীয়া ৰাজ্যৰ চাৰিসীমাৰ এক আভাস পাব পাৰি। এই অনুসৰি পূবে উদয়গিৰি পৰ্বত, পশ্চিমে বিশ্বনাথৰ সমীপৰ হিন্দু ৰাজ্য কুশান, উত্তৰে অমৃতমিৰি অধ্যুষিত পৰ্বতমালা আৰু দক্ষিণে কছাৰী আৰু নগাসকল বাস কৰা পৰ্বতমালাই আগুৰা ভূমিখণ্ডই চুতীয়া ৰাজ্য বুলি অনুমান কৰিব পাৰি। অসম বুৰঞ্জীত ডঃ লক্ষী দেৱীয়ে উল্লেখ কৰা মতে ‘ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰে সোৱণশিৰী আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমস্ত ঠাই চুতীয়া ৰাজ্যৰ ভিতৰত আছিল। আহোমপীঠ বা উজনি অসম খণ্ডত চুতীয়াসকলেই প্ৰবল পৰাক্ৰমে ৰাজত্ব কৰিছিল বুলি জানিব পাৰি। কাৰণ সেই সময়ত চুতীয়া ৰাজ্যৰ অন্তবৰ্তী মৰাণ আৰু বৰাহীসকল সহজতে সেও মনাইছিল। যদিও চুতীয়া ৰাজ্য হস্তগত কৰিবলৈ আহোমসকলে বহু কেইখন যুদ্ধত অৱতীৰ্ণ হ’ব লগাত পৰিছিল।
ডঃ সূৰ্য্যকুমাৰ ভূঞাদেৱৰ সাতসৰী অসম বুৰঞ্জী (পৃ. ১৪, ৫৮) হৰকান্ত বৰুৱাদেৱৰ সদৰামিনৰ অসম বুৰঞ্জী, পৃ. ২৪) আৰু বহু কেইখন বুৰঞ্জীত চুতীয়া-আহোমৰ ৰণ, চুতীয়াৰ ৰণ জিকি আৰু সন্ধিসূত্ৰে পোৱা মানুহ, জীৱ-জন্তু, অস্ত্ৰ-শস্ত্ৰ সাংস্কৃতিক সম্পদ আদিৰ বিৱৰণে এসময়ৰ বিপুল সমৰশক্তি; আপুৰুগীয়া সাংস্কৃতিক সম্পদ, গণক, বামুণ, তাঁতী, সোণাৰী আদি বিভিন্ন মানুহে ভৰি থকা এখন সমৃদ্ধিশালী চুতীয়া ৰাজ্যৰ অস্তিত্বকে প্ৰতিপন্ন কৰে। চুতীয়া ৰাজ্য সন্দৰ্ভত অসমৰ আদি বুৰঞ্জীত পোৱা মতে উত্তৰ বিশাল ভূখণ্ডত চুতীয়াৰ প্ৰভাৱ আছিল আৰু কুণ্ডিলেই আছিল চুতীয়া ৰাজ্যৰ প্ৰধান কেন্দ্ৰ। এই কুণ্ডিলকেই আশ্ৰয় কৰি এক বিৰাট চুতীয়া সভ্যতা আৰু কৃষ্টিয়ে গঢ় লৈ ক্ৰমে লৌহিত উপত্যকাত বিয়পি পৰি বৰ্তমান অসমীয়া সভ্যতা সংস্কৃতিৰ গুৰি ধৰিলে। এটা সময়ত কুণ্ডিলৰ পৰা লক্ষীমপুৰলৈ বহুখিনি অঞ্চলজুৰি বিয়পি আছিল। চুতীয়া ৰাজ্যৰ ভগ্নাৱশেষ শদিয়াৰ আশে-পাশে এতিয়াও আছে।
শদিয়া ৰণৰ পৰৱৰ্তী চুতীয়া ৰাজ্য়ঃ
স্বৰ্গদেউ চুহুংমুঙৰ দিনত সংঘটিত শদিয়া ৰণৰ পাছতে চুতীয়া ৰাজ্য ধ্বংসপ্ৰাপ্ত হয় আৰু চুতীয়া সকলো তেওঁলোক পিতৃভূমি শদিয়াৰ পৰা বিতাড়িত হ’ব লগা হয়। ইতিপূৰ্বে চুতীয়াসকলৰ লগত বাৰে বাৰে যুদ্ধত অৱতীৰ্ণ হৈ অতীষ্ঠ হৈ পৰা আহোম ৰজাই চুতীয়াসকল একত্ৰিত হৈ ভৱিষ্যতে যাতে আহোম ৰজাৰ বিৰুদ্ধে মূৰ দাঙি উঠিব নোৱাৰে, তাৰবাবে দেশজুৰি সিঁচৰতিকৈ তেওঁলোকক প্ৰতিষ্ঠা কৰিলে। তদুপৰি চুতীয়া প্ৰজাক দমন কৰিবৰ বাবে আহোম ৰাজই বন্দী চুতীয়া ৰজাক প্ৰদান কৰা কঠোৰতম শাস্তি ল’লে। কিছুমানে ওচৰৰ মিৰি, মিচিমি, চিংফৌ, আবৰ, খামতি আদি প্ৰজাৰ মাজত সোমাই আত্মগোপন কৰে। এই পিতৃভূমিৰ পৰা ভিন্ন হৈ থানথিত নোহোৱা হৈ পৰা চুতীয়া প্ৰজাৰ খেনোৱে ৰাজ আজ্ঞাত, কিছুমানে স্বমনেৰে আহোম ৰজা আৰু ডা-ডাঙৰীয়াৰ ঘৰত বন্দী-বেটি, যৌতুকীয়া, দোলাভাৰী, বেতকটীয়া, খৰি যোগনীয়া আদি নিম্ন শ্ৰেণীৰ প্ৰজা হৈ হতাশাত দিন কটালে।
অৱশ্যে আহোম ৰজাই চুতীয়াৰ বহু যোগ্য লোকক বৰফুকন, বৰবৰুৱা আদি উচ্চ প্ৰশাসনীয় ব্যৱস্থা আৰু সামাজিক বান্ধোনেৰে হাজৰিকা আদি সন্মানীয় উপাধি প্ৰদান কৰি চুতীয়া প্ৰজাক সন্মান জনোৱাৰ লগতে আহোম প্ৰশাসনীয় ব্যৱস্থা আৰু সামাজিক বান্ধোন সবল কৰি তুলিছিল। আহোম ৰাজবংশৰ ৪০ জন বৰফুকনৰ ১২ জনেই চুতীয়া আছিল বুলি। চুতীয়া কৃষ্টি নামৰ প্ৰবন্ধত লিখা আহোমৰ প্ৰথমজনা বৰফুকন লাঙ্গি বৰফুকন চুতীয়া কুলোদ্ভৱ সেই কথা উল্লেখ আছে।
শদিয়া ৰণৰ পাছতো স্বাধীনতপ্ৰিয় চুতীয়াসকলে তেওঁলোকৰ হৃত ৰাজ্য উদ্ধাৰৰ বাবে আহোম ৰজাৰ বিৰুদ্ধে মাজে-সময়ে বিদ্ৰোহ কৰি উঠিছিল। ইতিমধ্যে সিঁচৰতি হৈ পৰা চুতীয়া সুসংগঠিত হ’ব নোৱাৰাৰ দোষত কৃতকাৰ্য হ’ব নোৱাৰিলে।
চুতীয়া নৃগোষ্ঠীয় পৰিচয় আৰু গোত্ৰীয় প্ৰশাসনঃ
কিছু সংখ্যক পণ্ডিতৰ মতে চুতীয়াসকল মঙ্গোলীয়ান বৃহৎ তিববত-বৰ্মী ভাষা পৰিয়াল বড়ো গোষ্ঠীৰ অন্তৰ্ভুক্ত বুলি ক’ব খোজে। সৰ্বেশ্বৰ শৰ্মা কটকী আদি পণ্ডিতে চুতীয়া সকলক ক্ষত্ৰিয় কোৱাৰ বিপৰীতে কিছু পণ্ডিতে গাত শান জাতিৰ তেজ মিহলি হৈ থকা প্ৰত্যক্ষ কৰিছে। ঐতিহাসিক আৰু নৃতাত্ত্বিক পণ্ডিতৰ মতে চুতীয়াসকল বড়ো জনগোষ্ঠীৰ অন্তৰ্ভুক্ত বুলি মতপ্ৰকাশ কৰিছে।
চুতীয়া জাতিৰ বুৰঞ্জীত ড০ স্বৰ্ণলতা বৰুৱাই কৈছে “চুতীয়াসকলৰ গাৰ বৰণ পাতল জাংফাই ৰঙৰ আৰু দেহৰ গঠন নিয়মীয়া, অৱশ্যে তেওঁলোকৰ সৰহসংখ্যক মুখ বহল আৰু নাকো ইমান জোঙা নহয়, বা চকুও সিমান ডাঙৰ নহয়। শাৰীৰিক গঠন আৰু ভাষাত মংগোলীয় উপকৰণৰ আভাসলৈ আঙুলিয়াই কোনো কোনো পণ্ডিতে মঙ্গোলীয় নহয় বুলি ক’ব খোজে। যদিও প্ৰাচীন কামৰূপৰ উজনি খণ্ডত প্ৰাক্ঐতিহাসিক কালতে চুতীয়াসকল হিন্দুধৰ্ম, ভাষা-সংস্কৃতিৰ প্ৰভাৱলৈ অহাৰ বাবে তেওঁলোকৰ দেহৰ গঠন আৰু ভাষা-সংস্কৃতিতো মঙ্গোলীয় উপকৰণৰ কথা মানি ল’ব পৰা হয়।
বৰ্তমান পণ্ডিতসকলৰ দ্বাৰা আলোচিত চুতীয়াসকল হিন্দু চুতীয়া, আহোম চুতীয়া, দেউৰী চুতীয়া, মিৰি চুতীয়া আদি সমূহৰ ভিতৰত হিন্দু চুতীয়াৰ ভাগটোৱে সৰ্বপ্ৰাচীন আৰু সংখ্যাগৰিষ্ঠ। দেউৰী চুতীয়া ঠালটোৰ উৎপত্তিৰ অন্তৰালত হিন্দুধৰ্ম আৰু আহোম প্ৰশাসনৰ প্ৰসংগ জড়িত হৈ আছে। হিন্দু ধৰ্ম আৰু ভাষা-সংস্কৃতিৰ হিন্দু পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰবণতাত চুতীয়াসকল তেওঁলোকৰ কেঁচাইখাতী ধৰ্ম মন্দিৰৰ পুৰোহিত দেউৰীসকলৰ লগত মিলা-মিছাত কমাই দিলে, যাৰ পৰিণতিত চুতীয়া ভাষা-সংস্কৃতি কেৱল পুৰোহিতসকলৰ মাজত সংৰক্ষিত হৈ এতিয়া কেৱল চুতীয়া দেউৰী বা কেৱল দেউৰী বুলি পৰিচিত। শদিয়া বনৰ পিছত আহোমসকলে দেউৰীসকলক নিৰ্যাতন নকৰি তেওঁলোকৰ পূৰ্ব মন্দিৰত পুৰোহিত ৰূপে ৰাখি চুতীয়াসকলক শদিয়াৰ পৰা খেদি পঠালে। যাৰ বাবে চুতীয়াসকল পুৰোহিত দেউৰী সকলৰ লগত থকা সম্পৰ্কৰ পৰা বিচ্ছিন্ন কৰি দেউৰীসকলক চুতীয়া দেউৰী বা দেউৰী বুলি এক সুকীয়া জনগোষ্ঠী বুলি স্থান দিলে। চুতীয়া আৰু আহোমৰ ঠালটো সম্পূৰ্ণ ৰাজনৈতিক কাৰণত শদিয়াৰ পৰৱৰ্তী পৰ্যায়ত সৃষ্টি হোৱা। শদিয়া ৰণৰ পৰিণতিত নিজ পিতৃভূমিৰ পৰা অজান ঠাইলৈ স্থানান্তৰিত হোৱাৰ ভয়ত বহুতো চুতীয়া ৰজাই আহোম প্ৰজাৰ আশ্ৰয়ত নিজকে আহোম বুলি আত্মগোপন কৰি নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ পাছলৈ আহোম-চুতীয়া নামৰ সুকীয়া এটা ঠালৰ সৃষ্টি হয়।
বৰ্তমান অসমত চুতীয়াসকলৰ স্থিতি আৰু জনসংখ্যাঃ
বৰ্তমান অসমৰ লক্ষীমপুৰ, ধেমাজি, শোণিতপুৰ, দৰং, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মৰিগাঁও, বৰাক উপত্যকা আৰু বাংলাদেশৰ সীমান্তত চুতীয়াসকলৰ বসবাস আছে যদিও কোনো ঠাইত চুতীয়াসকলক সংখ্যাগৰিষ্ঠ বুলি ক’ব নোৱাৰি। অসমৰ বিভিন্ন ঠাইত চুতীয়াসকল সিঁচৰতি আৰু সেৰেঙা জনবসতিৰ অন্তৰালত ইতিহাস অভিশাপ আৰু চুতীয়াসকলক আত্মবিলোপণৰ প্ৰবণতা মিহলি হৈ আছে। শদিয়াৰ ৰণ আৰু পৰৱৰ্তী মানৰ আক্ৰমণত নিজ ৰাজ্যৰ পৰা বিতাড়িত হৈ দিহিঙে-দিপাঙে ভাগি পৰা চুতীয়াসকল আজি পৰ্যাপ্ত সু-সংবদ্ধ হ’ব নোৱাৰিলে শদিয়াৰ ৰণৰ পিছত আহোম ৰাজ্যৰ পৰা নিৰ্যাতিত হোৱাৰ ভয়ত বিভিন্ন জনগোষ্ঠীৰ লগত আত্মগোপন কৰি থাকিলে এটা সময়ত সেই জনগোষ্ঠীৰ মাজতে বিলীন হৈ পৰিল।
নিজ যোগ্যতাৰ ফলত যিসকল চুতীয়াই আহোম ৰজাৰ প্ৰশাসনীয় পদবী আৰু সামাজিক বিষয়াৰ সুবিধা পালে তেওঁলোকো শেষত আহোমৰ বিভিন্ন কামত অন্তৰ্ভুক্ত হৈ চুতীয়াৰ কণ-কঠীয়া উভালি পেলালে আজি চুতীয়াৰ মূল সঁুতিৰ পতাকাৰ তলত থিয় হৈ চুতীয়াৰ সামগ্ৰিক স্বাৰ্থৰ কথা চিন্তা নকৰি সেয়ে ইতিহাসৰ এটা স্তৰত সগৌৰৱেৰে ৰাজপাট খোৱা চুতীয়াসকল এতিয়া মাথোঁ এটা সংখ্যাগৰিষ্ঠ।
চুতীয়াসকলৰ ধৰ্মঃ
চুতীয়াসকল অসমৰ আদিম সৰ্ববৃহৎ জনগোষ্ঠী কিৰাটসকলৰ সমগোত্ৰীয়। আদিম ধৰ্মীয় বিশ্বাস মতে মাতৃপূজাই স্থান লাভ কৰাৰ কথা উল্লেখ কৰে। চুতীয়াসকলে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী, কেঁচাইখাতী, গোসাঁনী পূজা আৰাধনা কৰাৰ যোগেদি মাতৃতান্ত্ৰিকতাৰে পৰিচয় দিয়ে। শদিয়াৰ তাম্ৰেশ্বৰী দেৱী মন্দিৰত আছিল চুতীয়াৰ পূজা উপাসনাৰ প্ৰধান পীঠস্থান। চুতীয়াসকলৰ দেউৰীসকল আছিল প্ৰধান পুৰোহিত। এই দেউৰীসকলেই মন্দিৰৰ সকলো কাম-কাজ কৰিছিল।
কালিকাপুৰাণৰ মতে দিক্কৰবাসিনী চুতীয়া উপাস্য দেৱী কেঁচাইখাতী গোসাঁনীৰে অন্য এক নাম। প্ৰাচীন কালত বহুতো ধৰ্ম মন্দিৰত নৰবলি প্ৰথা প্ৰচলন থকা বাবে চুতীয়াৰ তাম্ৰেশ্বৰী মন্দিৰতো নৰ বলি-বিধান আছিল। শদিয়াৰ কেঁচাখাতী গোসাঁনী ব্ৰহ্মপুত্ৰৰ বানত উটি আহি বৰ্তমান ঢকুৱাখনাৰ হাঁহি দেৱালয়ত অধিষ্ঠিত হোৱা বুলি জনশ্ৰুতি থকা হাঁহি দেৱালয়ত এতিয়াও বেছিভাগ চুতীয়া প্ৰজাই হাঁহ-পাৰ-ছাগলী আদি উছৰ্গা কৰে যদিও তাত এতিয়া দেউৰী পুৰোহিতসকল নাই। মাতৃ উপাসক চুতীয়াসকলে কেঁচাইখাতী গোসাঁনীৰ লগতে অসমৰ বিভিন্ন ঠাইত থকা ‘আইথান’ বিলাকত পূজা-সেৱা কৰালৈ চাই চুতীয়াসকল পূৰ্বতে কছাৰীসকলৰ দৰেই যে মাতৃতান্ত্ৰিক আছিল। মাতৃ পূজাৰ প্ৰচলন থাকিলেও ‘শাক্ত-শৈৱ-বৈষ্ণৱ, ভাৰতীয় সমাজৰ ধৰ্মৰ এই তিনিটা ধাৰাই চুতীয়াসকলৰ মাজত পুৰণি কালৰ পৰাই খোপনি পুতিছিল বুলি কোৱা হৈছে। অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য জনজাতিৰ ভিতৰত চুতীয়া সকললৈ প্ৰথম হিন্দু ধৰ্মক প্ৰভাৱলৈ আহে হিন্দুসকলৰ সান্নিধ্যত চুতীয়াসকল পূৰ্বৰ জনজাতীয় অনেক পূজা ত্যাগ কৰি হিন্দু ৰীতি মতে চলিবলৈ লৈছে। তাৰ বাবে পূৰ্বৰ ধৰ্ম উপাসনাৰ থলী আৰু পুৰোহিত দেউৰীসকলৰ পৰাও তেওঁলোক বিচ্ছিন্ন হৈ পৰে। চুতীয়া পুৰোহিত দেউৰীসকল শিৱদেৱতাক আৰাধনা কৰালৈ চাই চুতীয়াসকলৰ মাজতো শৈৱধৰ্মৰ প্ৰভাৱ আছিল যেন ধাৰণা কৰা হয়। তেওঁলোকৰ মাজত থকা স্থল ডাঙৰীয়া, জল ডাঙৰীয়া আদিৰ পূজা-অৰ্চনাই শিৱদেৱতাৰ প্ৰতি থকা আসক্তি আৰু বিশ্বাসৰ কথাকে বুজায়। তেওঁলোকৰ মাজত বিষ্ণু পূজা বা বাসুদেৱ পূজা হিন্দু ধৰ্মৰে প্ৰত্যক্ষ প্ৰভাৱৰ ফল।
উত্তৰ লক্ষীমপুৰৰ ঘাৰসৰা সত্ৰত সংৰক্ষিত চতুৰ্ভুজ বিষ্ণু মূৰ্তি, পিতলৰ ডবা, কাঁহ, ঘণ্টা, দোলা আদি সামগ্ৰীসমূহ চুতীয়া ৰজা ধৰ্মধ্বজ পালৰ বুলি মুখ পৰম্পৰা মতে চলি আহিছে। মুঠতে শৈৱশাক্ত আৰু বিষ্ণু পূজাৰ সময়ত চুতীয়াসকলৰ ধৰ্মীয় ধ্যান ধাৰণা গঢ়ি উঠিছিল। ষোল্ল-সোতৰ শতিকাৰ পৰা চুতীয়াসকল মহাপুৰুষ শংকৰদেৱৰ প্ৰচাৰিত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হয় আৰু তেতিয়াৰ পৰা বৈষ্ণৱ ধৰ্মৰ আধাৰস্থলী হিচাপে সত্ৰৰ গোসাঁই মহন্তসকলৰ ওচৰত শৰণ-ভজন লৈ চুতীয়াসকল পূৰা মাত্ৰাই বৈষ্ণৱপন্থী হয়। পৰৱৰ্তী কালত সত্ৰসমূহত গুৰুজনাৰ প্ৰকৃত ধৰ্মাদৰ্শৰ সলনি অস্পৃশ্যতা গঢ়ি উঠা বুলি অনুমান কৰিব পাৰি। অন্যান্য বহু অসমীয়া ধৰ্মপ্ৰাণ ৰাইজৰ লগতে চুতীয়াসকলৰো এক গৰিষ্ঠসংখ্যক বৰ্তমান অসমৰ অন্যতম শক্তিশালী ধৰ্মীয় সংগঠন শংকৰ সংঘৰ সেৱকৰূপে মহাপুৰুষজনাৰ বাণীৰে ভগৱৎ প্ৰেমত আত্মনিবেদন কৰে।
চুতীয়াসকলৰ ভাষাঃ
অসমত প্ৰচলিত বৰ্তমান অসমীয়া ভাষাই চুতীয়াসকলৰ প্ৰচলিত ভাষা। প্ৰধান কথিত আৰু লিখিত ভাষা হ’লেও এসময়ত নিজা ভাষা আছিল বুলি বহুকেইজন ভাষাতাত্ত্বিকে সমস্বৰে মতপ্ৰকাশ কৰিছে। বৃহৎ চীন-তিববতীয় ভাষা-পৰিয়ালৰ তিববত-বৰ্মী শাখাৰ অন্তৰ্ভুক্ত চুতীয়া ভাষাটো এতিয়া চুতীয়াসকলৰ পুৰোহিত একমাত্ৰ দিবঙ্গীয়া দেউৰী খেলৰ মাজতহে আৱদ্ধ যদিও এসময়ত চুতীয়াসকলৰ সামূহিক ভাষা আছিল বুলি চুতীয়াসকলৰ এই ভাষাটো এতিয়া দেউৰী চুতীয়া ভাষাৰূপে পৰিচিত আৰু চুতীয়াসকলৰ নিজা ভাষাৰ সমন্বয়ত প্ৰাকৃত ধৰ্মী থলুৱা এটা নতুন ভাষাৰ সৃষ্টি হয়। চুতীয়াসকলে এই ভাষাটোকে কথিত আৰু প্ৰমুখ্য কোনো কোনোৰ মতে লিখিত ৰূপতো ব্যৱহাৰ কৰিব লোৱাত তেওঁলোকৰ পূৰ্বৰ চুতীয়া ভাষাৰ লগত আদান-প্ৰদান কমি যায়। শেষ চুতীয়াসকলৰ পুৰোহিত একমাত্ৰ দিবঙ্গীয়া দেউৰী খেলৰ জীয়াই থাকি এই ভাষাটো আহোমৰ সকলো অসম অধিকাৰ কৰাৰ সময়ত এই ভাষাটোৱে আজি দেউৰী চুতীয়া বা কেৱল দেউৰী ভাষা ৰূপে পৰিগণিত হয়। হিন্দু সকলৰ সংস্পৰ্শত সুস্থ হোৱা সংস্কৃত মিশ্ৰিত চুতীয়া ভাষাটোৱে আহোমসকলৰ মাজতো উজনি খণ্ডত অতি জনপ্ৰিয় ভাষাৰূপে গঢ়ি উঠিছিল। সেয়েহে আহোমসকলে নিজা ভাষাৰ সলনি এই ভাষাৰ মাধ্যমেদিয়েই ৰাজকাৰ্য পৰিচালনা কৰিবলৈ লয়।
বৰ্তমান দেউৰী ভাষাৰ লগত চুতীয়াসকল ভাষা কোনো সাদৃশ্য নথকাৰ অভিযোগ তুলি ডঃ ৰামপ্ৰসাদ দেউৰী প্ৰমুখ্যে কোনো কোনোৱে দেউৰী ভাষাটো চুতীয়া সকলৰ ভাষা নাছিল বুলি খ’ব খোজে। আনকি চুতীয়াসকলৰ সৈতে কোনো সম্পৰ্ক নাছিল বুলিও ক’ব খোজে। উজনি অসমত দেউৰীসকলৰ দৰে মধ্য অসমত মৰিগাঁও আৰু নামনি অসমত কোকৰাঝাৰ অঞ্চলৰ তিৱা আৰু বড়োসকলৰ মাজতো দেউৰী উপাধিধাৰী লোক আছে। তিৱা বা বড়ো ভাষাৰ বাহিৰে তেওঁলোক সুকীয়া .... থকাৰ কথা শুনা নাযায়। এনে দৃষ্টিভংগীত উজনি অসমৰ দেউৰীসকলো বৃহৎ চুতীয়া জনগোষ্ঠীৰ অন্তৰ্ভুক্ত আৰু তেওঁলোকৰ ভাষাটোৰ চুতীয়াসকলৰ সামূহিক ভাষা আছিল বুলি নিশ্চিতভাৱে ক’ব পাৰি। দেউৰীসকলৰ বৰগঞা টেঙাপনীয়া, পাতৰগঞা খেলসমূহে দেউৰী ভাষাটো পাহৰি যোৱাৰ দৰে বহু পূৰ্বে হিন্দু সংস্পৰ্শলৈ অহা চুতীয়াসকলেও ক্ৰমে মাতৃ আৰু ধাত্ৰী ভাষাটো পাহৰি যোৱাৰ কথা নুই কৰিব নোৱাৰি।
চুতীয়াসকলৰ সমাজ-সংস্কৃতিঃ
বৰ্তমান অসমৰ সমাজ-সংস্কৃতিৰ কোবাল সোঁতত চুতীয়াসকল এনেদৰে মিলি গ’ল যে অসমত যে চুতীয়া সংস্কৃতি-সমাজ এখন বেলেগে থকা ছবি এখন বাছি উলিওৱাটো ইমান সহজ নহয়। তথাপি ব্যৱহাৰিক প্ৰয়োজনত চুতীয়া সমাজ-সংস্কৃতিৰ বিষয়ে ক’ব পৰা হ’লে ইতিহাসৰ এটা অধ্যায়ৰ কাষ চাপিব লাগিব।
চুতীয়াসকলে সমাজ-সংস্কৃতি প্ৰাক্ আহোম যুগৰে পৰা যে চহকী আছিল সেই কথা শদিয়াৰ পাছত চুতীয়াসকলৰ পৰা আহোম ৰজাই লাভ কৰা সা-সম্পদৰ আৰু মানুহ (পণ্ডিত) লেখাৰ পৰা অনুমান কৰিব পৰা যায়। চুতীয়া ৰণ জিকি পোৱা সা-সম্পদ আনুমানিক লেখ।
১। শদিয়া ৰণ জিকি হাতী, ঘোঁৰা, সোণ-ৰূপ, অস্ত্ৰ-শস্ত্ৰ অনেক দ্ৰব্য পালে, সোণৰ হাতী ও সোণৰ মেকুৰী ও জকা ও বেলা ও মাই হাঙ্গ ও সোণোৱালি তিনিচুকীয়া সিংহাসন ও খাট এইসকল পাই সৰগদেউ ঘৰলৈ উছৰ্গি দিয়ে আৰু কেঁকোৰা দোলা, আৰো সান, দবা, কালি, হিলৈ তোলা চৰনাও, এইসকল দ্ৰব্য পাই ৰজা আৰু ডাঙৰীয়া ব্যৱহাৰলৈ ল’লে। (প্ৰতাপ চন্দ্ৰ চৌধুৰী, অসম বুৰঞ্জী সাৰ, পৃ. ১৭-১৮)
২। হাতী ৩০, ঘোঁৰা ৬০, হিলৈ ৭৯, বাৰু, বচ্ৰ্চা দণ্ডছদ্ৰ, কেঁকোৰা দোলা, সাৰোৱান, পিকদানী, গৰু, ম’হ, গণক, বামুণ, তাঁতী, সোণালী, কমাৰ, তেলী, মালী, ধোবা, চমাৰ (সূৰ্য কুমাৰ ভূঞা, অসম বুৰঞ্জী)
এসময়ত বিপুল সমৰশক্তি, ঐশ্বৰ্যময়ী সাংস্কৃতিক সম্পদ তথা বিভিন্ন বিৰভিয়াল মানুহে ভৰি থকা এখন অৱস্থাপন্ন চুতীয়া ৰাজ্য আৰু চুতীয়া সমাজৰ কথাকে সূচায়। শদিয়াৰ ৰণ জিকি চুতীয়া ৰাজ্যৰ পৰা পোৱা এই সম্পদ আৰু মানুহৰ যোগেদি আহোম ৰজাই যে নিজ ৰাজ্য আৰু সমাজ-সংস্কৃতিৰ শ্ৰীবৃদ্ধি কৰিছিল। বহুখিনি কথাৰ কাম কৰা মানুহ বন্দী কৰি আনে। কমাৰে শাল পতাই দা, কটাৰী, হিলৈ, বৰটোপ আদি গঢ়িবলৈ লগাই দিছিল। দিহিঙ্গীয়া ৰজাৰ দিনৰপৰা অসমত কমাৰৰ ব্যৱসায় আৰম্ভ হয়।
শদিয়া ৰণৰ পিছত আহোম ৰজাই নিজস্ব ৰাজনৈতিক নিৰাপত্তাৰ স্বাৰ্থত চুতীয়া ৰাজ্য আৰু চুতীয়া সমাজ-সংস্কৃতি সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি পেলালেও আহোম প্ৰশাসকৰ তলতো চুতীয়া সমাজ-সংস্কৃতিৰ সোঁত প্ৰৱাহিত হৈ আছিল চুতীয়া ৰাজ্যৰ গনক, বামুন, তাঁতী, সোণাৰী, কমাৰ, তেলী, মালী, ধোবা, চমাৰ আদি বহু বিত্তীয়াল মানুহৰ সহযোগত গঢ়ি উঠা চুতীয়া সমাজ আছিল বিভিন্ন শিল্পবিদ্যাত পাৰ্গত আৰু সুকুমাৰ ভাব-অনুভূতিৰে সংবেদনশীল। চুতীয়া সমাজত থকা হিলৈধাৰী, খাৰঘৰীয়া, লোশলীয়া, নাওশালীয়া, শিলাকুটীয়া, ধেঁনুচোঁচা, জাপিসজীয়া, খনিকৰ, বাঢ়ৈ, মুদৈ আদি এই খেল বা উপাধিসমূহে চুতীয়াসকলৰ শিল্প-বাণিজ্য, কাৰিকৰী এই সকলো বিদ্যাতে যে নিপুণ আছিল তাৰে প্ৰমাণ। সমৰ সজ্জাত নিপুণ চুতীয়াসকল কোনো কোনোৱে বৰফুকন, বৰবৰুৱা আদি আগশাৰীৰ প্ৰশাসনীয় বিষয়বাব পাবলৈ সক্ষম হৈছিল।
আহোম ৰজাৰ ৰাজকীয় বিষয়বাব বা অন্য সামাজিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা বেছিভাগেই চুতীয়া প্ৰজাই ৰাজকীয় নিৰ্দেশত বা কালক্ৰমত আহোম প্ৰজাৰ মাজত বিলীন হৈ গ’ল। আনহাতে হিলৈ, বাৰু বচ্চা দণ্ডছত্ৰ কেকোঁৰা দোলা, আৰোৱান পিকদান জৰাও বেলা-সোণোৱালি তিনচুকীয়াও খাট দবা, কালি হৈ লৈ, তোলা চৰানাও, পিঠিয়ে জোৰা দিয়া বৰ ধনু সকলো চুতীয়াসকলৰ অৱদান আছিল। (জীৱকান্ত গগৈ, চুতীয়া জাতি) বিহুনাম, হুঁচৰিগীত, বনঘোষা, বিয়ানাম, আইনাম, শীতলানাম আদি অসমীয়া নৃত্যশিল্প ললিতকলাৰ যিমানবোৰ অংগত আছে সেই আটাইবিলাকতে চুতীয়াৰ বহুমূলীয়া অৰিহণা আছে।
উজনি অসমত লোক উৎসৱ, লোককলা, লোকগীত, লোকবাদ্য আদিও চুতীয়াসকলৰ নাম যেনেদৰে সাঙোৰ খাই আছে ঠিক শংকৰী কলা-কৃষ্টিও চুতীয়াসকলৰ মহাপুৰুষ দুজনাৰ সৃষ্ট ভাওনা সবাহ, বৰগীত, ভটিমা, গায়ন-বায়ন, সত্ৰ-নামঘৰ সকলোতে চুতীয়াসকলে জাতীয় কৃষ্টি সামৰি লৈছে।
সামৰণিঃ
সমাজ পৰিৱৰ্তনশীল, যি জাতিয়ে অবিৰতভাৱে নিজক তথা জাতীয় সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা বজাই ৰাখে সেই জাতিয়েহে পৃথিৱীৰ উচ্চ শিৰে জীয়াই থাকিব পাৰে। চুতীয়াসকলৰ মাজত যদি ঐক্য-সংহতি এক সবল স্থিতি গঢ়ি তুলিব পাৰে তাৰ জৰিয়তে পুৰণি পৰম্পৰা, গৌৰৱ, কৃষ্টি-সংস্কৃতি জীয়াই ৰাখি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব পাৰিব। স্বকীয়তাৰে সমৃদ্ধ সাংস্কৃতিক ঐশ্বৰ্যসম্ভাৰ পুনৰ উদ্ধাৰ কৰিব পৰাৰ লগতে স্বৰূপত প্ৰতিষ্ঠা কৰিব পাৰিব।
(লেখিকা গৱেষিকা ছাত্ৰী, লোকসংস্কৃতি গৱেষণা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)