জনগোষ্ঠীয় পৰিচয়

বানাই জনগোষ্ঠীঃ ইতিহাস, সমাজ আৰু সংস্কৃতি বিষয়ক এটি অধ্যয়ন

post

Share

লেখিকাঃ ড ৰুমী নাথ

আৰম্ভণিঃ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ মিলনভূমি। প্ৰত্যেক জাতি-জনগোষ্ঠীৰেই সুকীয়া আঁতিগুৰি, প্ৰব্ৰজনৰ ইতিহাস, ভাষা, সংস্কৃতি, খাদ্যভাস, সামাজিক ৰীতি-নীতি আৰু প্ৰথা আছে। এনে জাতি-জনগোষ্ঠী সমূহৰ দৰেই আন কিছুমান সংখ্যাতাকৰ নৃগোষ্ঠী আছে যিসকলোৰো স্বকীয় ভাষা-সংস্কৃতি আছে। তেনে এটি সংখ্যা তাকৰ জনগোষ্ঠী হল বানাই সকল।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বাস কৰি থকা বানাই সকল পিছপৰা আৰু সংখ্যালঘু জনগোষ্ঠী হিচাপেহে বৰ্তমান পৰিচিত। অসমৰ বিভিন্ন জিলাৰ উপৰিও মেঘালয় ৰাজ্যৰ গাৰোপাহাৰ জিলাতো বানাই সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে। বানাই সকলোৰ মাজত বৰ্তমানেও প্ৰামাণিক আৰু সুপ্ৰতিষ্ঠিত তথ্যৰ অভাৱ; যিয়ে বানাই সকলক এটি সুকীয়া জনজাতিহিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব। তথাপি গোৱালপাৰা  জিলাৰ বানাই সকলৰ বসতি প্ৰধান অঞ্চল সমূহলৈ গৈ ক্ষেত্ৰ অধ্যয়ন যোগে প্ৰাপ্ত তথ্য অনুসৰিহে আমি বানাই সকলক উপস্থাপন কৰিব বিছাৰিছো। অসমৰ ধুবুৰী, শদিয়া, নগাওঁ, বঙাইগাওঁ আৰু গোৱালপাৰা জিলাত বানাই জনগোষ্ঠীৰ লোক বসবাস কৰি আছে। মেঘালয় ৰাজ্যৰ গাৰোপাহাৰ জিলাত হাজং, কোচ আৰু ডালু সকলৰ লগত বানাই সকলো বাস কৰি আছে। এল.এছ. গাছাহ ৰ ‘Garo Hills Land and The People’ গ্ৰন্থত উল্লেখ থকা অনুসৰি “The western and southern borders of the west Garo Hills district are occupied by the Hajong, Koches, Dalus, and the Banais”. (গাছাহ, ১৯৮৪ঃ২৫)। আনহাতে, তেখেতে পুনৰ উল্লেখ কৰিছে যে, “Banais usually affiliate themselves with the Koches”.(পৃঃ১৪৮)। বানাই সকলৰ মাজত প্ৰচলিত কিংবদন্তী অনুসৰি পূৰ্বতে তেওঁলোকৰ আদি বাসস্থান আদি বানৰজাৰ ৰাজ্য শোণিতপুৰ। বিভিন্ন কাৰণত তেওঁলোকে শোণিতপুৰ এৰি সৰু সৰু দলত  বিভক্ত হৈ বেলেগ বেলেগ ঠাইত থাকিবলৈ লয়। হয়তো এনেদৰে থাকিবলৈ লোৱাৰ পিছত ভৌগলিক অৱস্থান অনুসৰি জনগোষ্ঠীটোৰ নামাকৰণ হয়। শোণিতপুৰৰ পৰা পোনে পোনে দল হিচাপে ভাগ ভাগ হৈ বাংলাদেশৰ মৈমনসিং জিলাত সোমায় আৰু তাতেই থাকিবলৈ লয়। সেই সময়ৰ পূৱ পাকিস্তান (বাংলাদেশ) আৰু ভাৰতৰ মাজত ভূ-ৰাজনৈতিক, সামাজিক বিভেদৰ ফলশ্ৰুতিত দুই দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ধৰ্মীয় আৰু গোষ্ঠীগত সংঘাটৰ বাবে বহু সংখ্যক থলুৱা হিন্দু জাতি-জনজাতিৰ ভাৰতলৈ প্ৰবেশ ঘটে। তাৰ ভিতৰত কোচ, হাজং, গাৰো, ডালু, বানাই আদি। দেশ বিভাজনৰ পিছত পুনৰ বানাই সকল ভাৰতবৰ্ষলৈ শৰনাৰ্থী হিচাপে প্ৰবেশ কৰে। ১৯৬৪ চনত ভাৰতৰ সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ওপৰক্ত আন থলুৱা জনগোষ্ঠী সমূহৰ সৈতে বানাই সকলোকো চৰকাৰে দ্বায়িত্ব সহকাৰে থকাৰ ব্যৱস্থা কৰি দিছে।

বানাই সকল মঙ্গোলীয় গোষ্ঠীৰ লোক। তেওঁলোকৰ শাৰীৰিক আৰু চাৰিত্ৰিক বৈশিষ্ট্য আন মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত জনজাতি সমূহৰ সৈতে সাদৃশ্য মন কৰিবলগীয়া। ড লীলা গগৈৰ অসমৰ সংস্কৃতিগ্ৰন্থত উল্লেখিত অনুসৰি অসমৰ জনসংখ্যাৰ অধিকাংশই হল মঙ্গোলীয়। জন-সমষ্টিৰ অন্তৰ্ভূক্ত বহু হেজাৰ বছৰ আগতে গ্ৰাম্য কৃষি সংস্কৃতি প্ৰতিষ্ঠা কৰি আঁতৰি যোৱা অষ্ট্ৰিক সকলৰ সংস্কৃতি আহৰণ কৰি উত্তৰ আৰু উত্তৰ-পূবৰ পৰা প্ৰৱজন কৰি আহি মঙ্গোলীয় সকল অসমৰ পৰ্বত আৰু ভৈয়ামত বিয়পি পৰে আৰু ভৌগলিক পৰিৱেশে যোগাৰ কৰি দিয়া সমলেৰে নিজৰ সংস্কৃতি গঢ় দিবলৈ চেষ্টা কৰে। কালক্ৰমত এই ভৌগলিক অৱস্থিতিয়েই মঙ্গোলীয় জনসমষ্টিক সৰু সৰু জাতি, গোট বা জনজাতিত পৰিণত কৰে। সময়ৰ ব্যৱধানত সুকীয়া সুকীয়া পৰিৱেশ বসবাস কৰোতে কিছু পৰিমাণে বৈশিষ্ট্য সৃষ্টি হলেও এই জনসমষ্টিৰ মানুহৰ বিভিন্ন গোটৰ মাজত কিছুমান উমৈহতীয়া মিল দেখা যায়। (২০২১-১০০)।

বানাই সকল সংখ্যালঘু জনগোষ্ঠী হলেও আন সুকীয়া জনজাতি সমূহৰ দৰেই তেওঁলোকৰো স্বকীয় সাংস্কৃতিক বৈশিষ্ট্য আছে। আমাৰ ক্ষেত্ৰ অধ্যয়ন যোগেও পোহৰলৈ অহা কেতবোৰ বৈশিষ্ট্য হল - নিজা ভাষা, সাজপাৰ, খাদ্যভাস, লোকনৃত্য-গীত, সমাজ ব্যৱস্থা, সামাজিক ৰীতি-নীতি আৰু প্ৰথা, সামাজিক আইন, কৃষি পদ্ধতি আৰু জীৱন নিৰ্বাহ পদ্ধতি আদি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ পৃথক জনজাতিহিচাপে সাংবিধানিক ভাবে স্বীকৃতি লাভ কৰিছে সেই সকল জনজাতিৰো ওপৰোক্ত সকলোবোৰ বৈশিষ্ট্যৰ বাবে তেওঁলোক এটি স্বয়ং সম্পূৰ্ণ পৃথক জনজাতি হিচাপে পৰিচিত। বানাই সকলোৰো এনেবোৰ স্বকীয়তা  থকাৰ পিছতো বৰ্তমানেও জনজাতিহিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এই সন্দৰ্ভত ড লীলা গগৈৰ অসমৰ সংস্কৃতিগ্ৰন্থত উল্লেখিত জনজাতিও বৈশিষ্ট্য সমূহলৈ আঙুলিয়াব পাৰি। মঙ্গোলীয় সংস্কৃতি অনুসৰি জনজাতি সমূহৰ থাকিবলগীয়া কেতবোৰ লক্ষণৰ বিষয়ে উল্লেখ কৰি কৈছে যে-

১/ দেৱ-দেৱীৰ পূজাত কেচাঁ তেজৰ উপহাৰ।

২/ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত চাউলৰ পৰা তৈয়াৰী লাওপানী বা মদৰ মুকলি ব্যৱহাৰ।

৩/ হিন্দুৰ আদৰ্শত অস্পৃশ্য বুলি বিবেচিত কুকুৰা-গাহৰি আদিক খাদ্যৰূপে গ্ৰহণ।

৪/বিবাহত গা-ধন লোৱাৰ ব্যৱস্থা।

৫/ ঝুম খেতিৰ জনপ্ৰিয়তা।

৬/ শুকান মাছ-মাংস খাদ্য হিচাপে গ্ৰহণ।

৭/ কৈৰাতজ ধৰ্মৰ প্ৰভাৱ।

৮/ বিপদ-আপদ, ৰং-আনন্দ সকলোতে সামুহিক দ্বায়িত্ব গ্ৰহণ। ইয়াৰ উপৰিও আন কিছুমান উল্লেখযোগ্য জনজাতিৰ বৈশিষ্ট্য হল ১/ মূৰ চিকাৰ  ২/ চাং-ঘৰ৩/ চাঙৰ ওপৰত মৰাশ সৎকাৰ৪/ তামোল-পান খোৱা আদি। (২০২১-১০০)।

ওপৰোক্ত আলোচনাৰ পৰা বানাই সকলৰ মাজত পৰম্পৰাগত বৈশিষ্ট্য কিছুমান প্ৰতিফলিত হোৱা দেখা যায়। বানাই সকলৰ বৈচিত্ৰ্যময় জীৱন ধাৰণ পদ্ধতিও লেখত লবলগীয়া। গোৱালপাৰা জিলাত বানাই সকলৰ প্ৰধান বাসস্থান হল- সিধাবাৰী, তিনিকোণীয়া, কুশধোৱা, মেজেংপাৰা, হাৰিমুৰা, ধাইগাওঁ আৰু জিৰা গাওঁ। এটি বিপন্ন জনগোষ্ঠী হিচাপে বানাই সকল ১৯৬৪ চনৰ পৰাই অসমৰ  বিভিন্ন স্থানত বাস কৰি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন অব্যাহত ৰাখিছে।

বানাই সকলৰ সমাজ ব্যৱস্থা অনুসৰি প্ৰচলিত কিছুমান বৈশিষ্ট্য আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। অৱশ্যে বানাই সকলৰ বিষয়ে পৰ্যাপ্ত কিতাপ-পত্ৰ, প্ৰৱন্ধ আদিৰ অভাৱত হয়তো বহুতো দিশ উন্মোচিত কৰিব পৰা নাযাব।

পৰম্পৰাগত প্ৰাচীন অভ্যাসঃ আন জাতি জনজাতি সমূহৰ দৰে বানাই সকলোৰো আদিম বা প্ৰাচীন অভ্যাস থকাৰ সম্ভেদ পোৱা যায়। বানাই সকল মূলতঃ কৃষিজীৱী। পূৰ্বতে তেওঁলোকৰ মাজত ঝুম পদ্ধতিৰে খেতি কৰা অভ্যাস আছিল যদিও বৰ্তমানে আধুনিকতাৰ প্ৰভাবত এই ব্যৱস্থাৰ বিলোপ হোৱা দেখা যায়। প্ৰয়োজনীয় খাদ্য কিছুমান আৰু সৰু-সুৰা ৰোগ উপশমৰ বাবে পাহাৰ বা হাবি, জংঘলৰ পৰা ঔষধিযুক্ত গছ-বন, শাক-পাত আদি সংগ্ৰহ কৰিছিল। বৰ্তমানেও তেওঁলোকে ধান খেতিৰ উপৰিও তি, মাহ, সৰিয়হ, কুঁহিয়াৰ আন শাক-পাচলি আদিৰ খেতি কৰে। আনহাতে ঘৰতে গৰু, ছাগলি, গাহৰি, কুকুৰা, হাহঁ আদিও পালন কৰে। তাঁতবোৱা বানাই মহিলাসকলৰ মাজত বৰ্তমানেও চলি থকা এটি পৰম্পৰাগত অভ্যাস।

ভাষাঃ বানাইসকলৰ নিজস্ব ভাষা আছে। দৈনন্দিন জীৱনত বানাই ভাষাই তেওঁলোকে ব্যৱহাৰ কৰে যদিও আনুস্থানিক ক্ষেত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰ অধিক। তেওঁলোকৰ নিজা ভাষা আছে যদিও বৰ্তমানে বিলুপ্তিৰ পথত বুলিব পাৰি। শৈক্ষিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা সংখ্যালঘু বানাই ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু উন্নতিৰ হকে কাম কৰাৰ লোকৰ অভা যেন অনুভৱ হয়। বৰ্তমানে চুবুৰীয়া বিভিন্ন জাতি-জনজাতিৰ সংস্পৰ্ষত বানাই সকলে সম্পূৰ্ণ অসমীয়া ভাষাক আদৰি লৈছে। হাজং সকলৰ ভাষাৰ লগত বানাই ভাষাৰ সাদৃশ্য আছে।

সাজপাৰ আৰু আ-অলংকাৰঃ বানাই সকলৰ নিজা সাজপাৰ আ-অলংকাৰে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য প্ৰতিফলিত কৰে। বেলেগ বেলেগ ৰঙৰ সুতাৰ সংমিশ্ৰনৰ দ্বাৰা প্ৰস্তুত কৰা সাজপাৰ বানাই সকলে পৰিধান কৰে। সুকীয়া  জাতিগত সাজপাৰে জাতি এটাৰ পৰিচয় বহন কৰে। বানাই মহিলা সকলে নীলা ৰঙৰ পাঠিনবুকুত মেৰিয়াই ভৰিৰ গোৰোহাত পৰাকৈ পিন্ধে। ককাঁলত এখন ককাঁল বন্ধনহিচাপে গামোচা বান্ধি লয়। বুকুত চাদৰৰ দৰে আৰ্গনলয় আৰু গাৰ পিছফালে পিঠিলৈকে পৰাকৈ ওলোমাই লয়। বানাই পুৰুষ সকলে বানাই জাতীয় শৈলীৰে বৈ উলিওৱা গামোচাখন চুৰিয়া পিন্ধাৰ দৰে পৰিধান কৰে। ৰাভা, গাৰো জনজাতিৰ দৰে বানাইসকলৰো স্বজাতীয় গামোচা আছে। সভা-সমিতিয়ে যাবলৈ বা আলহী, অতিথিক দিবলৈ আৰু সম্বৰ্ধনা যাছিবলৈ বানাই গামোচা ব্যৱহাৰ কৰে।

আন জনজাতীয় মহিলাৰ দৰে বানাই সম্প্ৰদায়ৰ মহিলাসকলো অলংকাৰ পৰিধান কৰি ভাল পায়। কাণত ফুলি, ডিঙিত শিকিমালা/হাৰ, বাহুত বাজুবন বা কাটাবাজু, হাতত শংখৰ বগা খাৰু বা বাকতাৰ, ভৰিত নুপুৰ আদি পিন্ধে।

ধৰ্মীয় উৎসৱ আৰু পৰম্পৰাঃ বানাই সকল হিন্দু ধৰ্মীয়। আন জাতি-জনজাতিৰ দৰে বানাই সকলেও সমাজৰ মংগল কামনা কৰি বিভিন্ন দেৱ-দেৱী পূজা কৰে। বানাই সমাজত পৰম্পৰাগতভাৱে উদযাপন কৰা দেৱ-দেৱী সমূহৰ ভিতৰত বাস্তু পূজা, কালী পূজা, মনসা পূজা, লক্ষ্মী পূজা, দেউল বা দোল পূজা আদি। ইয়াৰ উপৰিও সমাজত অপায়-অমংগল দেখা দিলে আৰু ৰাইজৰ কুশল কামনা কৰি তেওঁলোকে শনিপূজা, হয়লা পূজা, মইলা পূজা, ডাইনী পূজা আদি দেৱ-দেৱী পূজা অৰ্চনা কৰে। আন মঙ্গোলীয় গোষ্ঠীৰ লোক সকলৰ দৰে বৃক্ষ পূজা যেনে- তুলসী, বেলগছ, আহঁত গছ আদিও পূজা কৰে। দেৱ-দেৱী পূজাৰ বাবে সমাজ ব্যৱস্থা অনুসৰি ছাগলী, পাৰ, গাহৰি, হাঁহ, কাছ, আদি বলি দি উপাস্য দেৱতাক সন্তুষ্ট কৰাৰ মানসেৰে বলিৰ তেজ পূজাৰ বেদীত চটিয়াই দিয়া হয়। মনসা দেৱীবানাই সকলৰ প্ৰধান উপাস্য দেৱী। প্ৰতি বছৰে গাওঁৰ ৰাইজে সমূহীয়াভাবে মনসা পূজা  কৰে। পূজাত হাঁহ, পাৰ, ছাগলী আদি বলি দিয়া হয়। কাছ দুষ্প্ৰাপ্য় হোৱাৰ কেইবছৰ মান আগলৈকে পূজাত কাছ বলি দিয়া নিয়ম আছিল। আনহাতে, জনজাতি পৰম্পৰা অনুসৰি পূজাত হাঙিবা মদৰ ব্যৱহাৰ অপৰিহাৰ্য্য। এই মদ বা হাঙিপূজাৰীয়ে বিশুদ্ধভাৱে সাচে। বানাই সমাজত মনসা পূজাক বৰ্ত পূজাবুলিও কয়। পূজাৰী গৰাকীক দিপচিবুলি কোৱা হয়। দিপচিয়ে বানাই ভাষাত মন্ত্ৰ মাতি পূজা কৰে। বৰ্ত বা মনসা পূজাৰ লগত জড়িত বিভিন্ন গীত-পদ তেওঁলোকৰ মাজত অক্ষত অৱস্থাত আছে।

বানাই সকলে বাস্তু পূজা কৰে। ইয়াক বাইশ পূজা বুলিও কোৱা হয়। এই পূজাৰ লগত তেৰটা আনুসংগিক দেৱ-দেৱীও পূজা কৰা হয়। মঙ্গোলীয় জনগোষ্ঠীৰ বৈশিষ্ট্য অনুসৰি বানাই সকলে শিল, পাহাৰ আদিও পূজা হয়। বিভিন্ন দেৱ-দেৱী পূজাৰ সময়ত পূজাৰ বেদীত দেৱীৰ নামত এচটা শিল ৰখা নিয়ম। পূজাৰ উপাচাৰ হিচাপে হাঙি/মদ নহলেই নচলে। বানাই সকলে আন চুবুৰীয়া  হিন্দু ধৰ্মীয় সম্প্ৰদায়ৰ লগত বৰ্তমানে দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজাও কৰে। নিঃসন্তান কোনো বানাই দম্পতীয়ে সন্তান বিছাৰি হাও ঠাকুৰকমনসা কৰি থয় আৰু কাৰ্য্য সিদ্ধি হোৱাৰ পিছত হাও ঠাকুৰৰ নামত পূজা আগবঢ়ায়।

মূলতঃ কৃষিজীৱী বানাই সমাজত কৃষিক কেন্দ্ৰ কৰিয়েই সাধাৰণতে পূজা-পাতল, উৎসৱ-অনুস্থান আদি অনুষ্ঠিত কৰা হয়। বানাই সমাজত প্ৰচলিত এনে উৎসৱ অনুস্থান আৰু তাৰ লগত জড়িত নৃত্য-গীত সমূহে অসমীয়া লোকসংস্কৃতিৰ পথাৰখন সাৰুৱা কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

বানাই সকলৰ কৃষিৰ লগত জড়িত এটি অনুষ্ঠান হল- কাদংখেলা অনুষ্ঠান। কাদংশব্দৰ অসমীয়া সমাৰ্থক শব্দ হল বোকা। অৰ্থাৎ বোকা খেলা অনুষ্ঠান। জনজাতিয় সমাজৰ অন্যতম পানীয় মদ। বানাই সমাজতো সকলো উৎসৱ অনুষ্ঠানত পুৰুষ-মহিলা উভয়ে হাঙিখাই আনন্দ-স্ফুৰ্টি কৰে। শাওনৰ পথাৰত ৰোৱনীয়ে ভূই ৰোৱাৰ সময়তে ৰোৱনীসকলে হাতত ধৰা ধৰি কৈ ঘূৰণীয়া হৈ এজনীয়ে মাজত কোড়াহৈ সোমায় আৰু বাকীসকলে কোড়াগৰাকীক ধৰিবলৈ প্ৰয়াস কৰে। হাঙিপান কৰি বোকাত লুটুৰী-পুতুৰী হৈ ইজনীয়ে-সিজনীৰ গালৈ বোকা বা কাদং ছটিয়াই কাদংখেল অনুষ্ঠানউপভোগ কৰে। সেই সময়ত ৰোৱনী সকলে উৰুলি (জয়-জোখাৰ) দিয়ে আৰু স্ফুৰ্টিতে এনেদৰে গীত গায়---

       “আষাঢ় মাস আহিলে মেঘ পানী পৰিলে

         আয় বুইনি ৰুৱা লাগা যাং আমি এলা

         জয় জখাৰ দিয়াৰে

              ৰুৱা লাগাই আমিৰে

        শাৰী শাৰী লাগাও বুইনি

         জয় জখাৰ দিয়াৰে---।

কাতি মাহত কাতি বিহুৰ দিনা বানাই সকলে কাতি গাছাপৰ্ব কৰে। তুলসীৰ তলত এডাল ওখ বাঁহ পুতি এমাহলৈ চাকি জ্বলোৱা নিয়ম। পথাৰত চাকি দিয়া হয়। আকৌ আঘোন মাহ আহিলেই খেতি চপোৱা পৰ্ব আৰম্ভ হয়। তেওঁলোকে সাউৰী খোৱাপ্ৰথাটো বৰ্তমানেও জীয়াই ৰাখিছে। চুবুৰীয়া লোকক মাতি একেলগে খেতি সামৰা হয় আৰু শেষত এসাঁজ হাঙিআৰু মাছ-মাংসৰে ভোজ খোৱা হয়। অসমীয়া সমাজৰ বিলুপ্ত প্ৰায় সাউৰী খোৱা প্ৰথাক বানাই সকলে তেওঁলোকৰ ভাষাত সাংৰিবা সাউক ডাকায়বুলি কয়। ধান কটাৰ বাবে দাওনী আৰু কৃষক সকলে ধাননী পথাৰত আটায়ে মিলি গীত গায়। আনন্দ-স্ফুৰ্টিৰ মাজেৰে গীত গাই শ্ৰমদান কৰিলে বেছি ভাগৰুৱা অনুভব নকৰে। সেয়ে বানাই সমাজত কৃষক, দাওনী আটায়ে মিলি শ্ৰম লাঘবৰ বাবে গীত গায়। এই গীত বোৰক ধানকটা গীতবুলি কোৱা হয়।

       “আয়ও আয়- আয় আমি ধান কাটবা যাং

       লামবা লামবা শীস ধান

       ৰাঙা ৰাঙা পাকিছে ধান

       আয়ও আয় আয় আমি ধান কাটেং এলা।

খেতি সামৰাৰ অন্তত অসমীয়া আৰু আন জনজাতিও সমাজৰ দৰে নয়া খোৱা’/‘ন খোৱাউৎসৱ হয়। বানাই সমাজত সকলো গাওঁৰ ৰাইজ মিলি ন-খোৱাপাতে। হাঙি খাই আনন্দ-স্ফুটি কৰে। তেওঁলোকে ইয়াক নবান্ন বা নয়া খাওৱাবুলি কয়।

বানাই সকলৰ মাজত প্ৰচলিত আন এটা জনপ্ৰিয় চৰমাগা উৎসৱ। এই উৎসৱতে বানাই ডেকা-গাভৰুৰ মন প্ৰাণ চঞ্চল হৈ উঠে। ভৰ যৌৱনা বানাই ডেকা-গাভৰুৱে কাতি গাছৰ পিছত আৰু দীপাৱলী উৎসৱৰ প্ৰাক মূৰ্হুতত চৰমাগা উৎসৱত আনন্দ-স্ফুৰ্টি কৰে। বানাই ডেকা সকলে শৰতৰ নিশা তাল, খোল, বাঁহী আদি বাদ্যযন্ত্ৰ বজাই গাওঁৰ মানুহৰ ঘৰে ঘৰে গৈ নৃত্য-গীতৰ তালে তালে নাচি ধান, চাউল, টকা-পইচা আদি সংগ্ৰহ কৰে। এই উৎসৱতেই ডেকা-গাভৰুৱে লেৱাটানাঅনুষ্ঠানত লেৱাটানাগীত গায়। গীতবোৰত প্ৰেম-পিৰীতি প্ৰকাশ পায়। হাজং আৰু ৰাভা জনজাতিৰ মাজতো  লেৱাটানাগীত মাতৰ প্ৰচলন আছে। পুষ সংৰানিবা পুহ সংক্ৰান্তি বানাই সকলে পালন কৰা আন এটি উৎসৱ। অসমীয়া সমাজৰ দৰেই বানাই সকলে মেজি সজা নিয়ম নাই যদিও সংক্ৰান্তিৰ দিনা নদীত গা-ধুই জুইত গা সেকে। বানাই মহিলাসকলে বিভিন্ন প্ৰকাৰৰ পিঠা, লাড়ু প্ৰস্তুত কৰে। পুষ সংৰানিউৎসৱৰ লগত জড়িত এবিধ পৰম্পৰাগত খেল হল- হুমলি খেল। ইয়াক মল্লযুজ বুলি জনা যায়। বছৰৰ শেষত চৈত সংৰানিবা ত সংক্ৰান্তিউৎসৱ আহে। ই বানাই সমাজত প্ৰচলিত অন্যতম লোকউৎসৱ। চৈত সংৰানিৰ দিনা তেওঁলোকে ইকৰা বন, দুখনীতিতা আদিৰে গৰুক নৈত লৈ গৈ গা ধুৱায়। ঘৰৰ বেৰ আৰু গৰুৰ গাত পিঠাগুৰিৰ বোল সানি দিয়ে। মহিলা সকলে ঘৰৰ অপায়-অমংগল  দূৰ কৰিবৰ বাবে গোৱৰেৰে ঘৰৰ চাৰিওফালে প্ৰতিৰক্ষা আঁচ টানি দিয়ে। বানাই সমাজত প্ৰচলিত এনে বিভিন্ন উৎসৱ-অনুষ্ঠান, নৃত্য-গীত, খেল-ধেমালী. সামাজিক ৰীতি-নীতি আদি পৰম্পৰাগত ভাবে প্ৰচলিত হৈ আছে।

খাদ্যভাসঃ ভাত বানাই সকলৰ প্ৰধান খাদ্য যদিও তেওঁলোকে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা  খাদ্য খাই অধিক ভাল পায়। খাৰশাক, সিদুল, পট্টো, লেবাশাক, বিচিভাত, বুকনিভাত আদি বানাইসকলৰ পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা কিছুমান খাদ্য। ইয়াৰ উপৰিও পৰম্পৰাগত পানীয় হাঙিবা মদ বানাই সমাজৰ অন্যতম পানীয়।

সমাজ ব্যৱস্থাঃ আন জনজাতিয় সমাজৰ দৰেই বানাই সমাজ ব্যৱস্থাত সংৰক্ষণশীলতা  আৰু নিয়মানুৱৰ্তীতা দুয়োটাই দেখিবলৈ পোৱা যায়। সমাজখন সুন্দৰ আৰু শৃংখলিতভাৱে পৰিচালনা কৰিবলৈ বানাই সকলৰ এখন বানাই সমাজ বিধি গ্ৰন্থনামৰ পাণ্ডুলিপি আছে। পাণ্ডুলিপিখনত উল্লেখিত নীতি-নিয়ম অনুসৰি বানাই সমাজ পৰিচালিত হয়। কোনো লোকে এই নিয়ম উলংঘা কৰিলে সামাজিক আইন অনুসৰি শাস্তি প্ৰদানৰ ব্যৱস্থা আছে। সেয়ে বানাই সকলে সামাজিক আইন উল্লেখিত পাণ্ডুলিপি অনুসৰি সমাজ পৰিচালনাৰ অংশীদাৰ হয়।

বানাই সমাজত প্ৰচলিত কৃষিভিত্তিক উৎসৱ বা আন উৎসৱ-অনুষ্ঠান সমূহৰ বাহিৰেও ব্যক্তিৰ জীৱনবৃত্তৰ লগত জড়িত আন কিছুমান উৎসৱ-অনুষ্ঠান আছে; যিবোৰ সামাজিক আইন অনুসৰি উদ্‌যাপন কৰা হয়। ব্যক্তিৰ জন্ম, বিবাহ আৰু মৃৰ্ত্যুৰ লগত জড়িত কিছুমান  অনুস্থান পালন কৰা হয়।

বানাই সমাজৰ নিয়ম অনুসৰি কেচুঁৱা জন্মৰ সাত দিনৰ দিনা নাপিতৰ হতুৱাই জাতকৰ ক্ষৌৰ কৰ্ম কৰি পৱিত্ৰ কৰা হয়। ঘৰ-দূৱাৰ মচি, কাপোৰ ধুই ঘৰখন পৱিত্ৰ কৰি তোলা হয় আৰু অশৌচ দুৰ কৰে। ৬-৮ মাহৰ ভিতৰত নিয়ম অনুসাৰে অন্নপ্ৰাসন বা ভাত মুখত দিয়াঅনুস্থান কৰে।

বানাই সমাজত কোনো লোকৰ মৃত্যু হলে জুইত জ্বলাই দিয়া আৰু মাটিত পুতি থোৱা দুই ধৰণে শৱ শৎকাৰ কৰা নিয়ম আছে যদিও জুইত জ্বলাই দিয়া নিয়মটোহে অধিক প্ৰচলিত। দহ দিনত দহা কাৰ্য্য কৰা হয় আৰু এঘাৰ দিনত শ্ৰাদ্ধ অনুস্থান পতা হয়। দহাৰ দিনাখন ঘৰখন ধুই-মচি পৱিত্ৰ কৰি তোলা হয় আৰু ঘৰৰ পুৰুষ ব্যক্তি আৰু বংশৰ লোকে নখ, দাড়ি, চুলি কাটি অশৌচ দুৰ কৰি শুদ্ধ হয়। শ্ৰাদ্ধৰ শেষত ৰাইজক ভোজভাত দিয়া নিয়ম। সকলোবোৰ নিয়ম-নীতি সামাজিক আইন মতে পালন কৰা হয়।

আনহাতে, বানাইসকলৰ মাজত পৰম্পৰাগত ভাবে প্ৰচলিত বিবাহ পদ্ধতি আছে। তেওঁলোকৰ মাজত তিনিপ্ৰকাৰৰ বিবাহ পদ্ধতি আছে--       

১/ ৰাজসিক বিবাহ বা সামাজিক বিবাহ।

২/ হাঙা বিবাহ আৰু

৩/ দায়পৰা বিবাহ।

ৰাজসিক বা সামাজিক বিবাহ বানাই সমাজৰ সামাজিক আইন আৰু নীতি-নিয়ম অনুসৰি হয়। বানাই সকলৰ মাজত অতীজৰে পৰা চলি অহা নিয়ম অনুসৰি তেওঁলোকৰ মাজত একে গোত্ৰবা নিকিনিমাজত বিবাহ নিষিদ্ধ।

তেওঁলোকৰ মাজত বিধবা বিবাহৰ প্ৰচলন আছে। বানাই সমাজত হাঙা বিবাহবুলি কোৱা হয়। আনহাতে, ‘দায়পৰা বিবাহল কোনো বানাই ডেকা গাভৰুৰ মাজত প্ৰেমৰ সূত্ৰপাত হৈ বানাই সামাজিক আইন উলংঘা কৰি বিবাহ কৰা। এনে বিবাহ  হলেও সামাজিক আইন অনুসৰি পিছত হাঙি’/মদ আৰু ভোজভাত খুৱাই সামাজিকভাৱে বিবাহ পাতি দিয়া হয়।

গোত্ৰ/নিকিনিঃ বানাই সমাজত ৪৭ টা নিকিনি আছে। ১/আমপাবনী ২/ বানাই ৩/ বলিহাটি ৪/ বাকলা ৫/ বেলগাছা ৬/ চাতি ৭/ ছন্দা ৮/ ছাপৰা ৯/ চিকু ১০/ চামাৰ ১১/ চামুক ১২/ চুলতা ১৩/ দাও ১৪/ দাচু ১৫/ দ্ৰেবা ১৬/ দুচা ১৭/ জাংকিনি ১৮/ দাংগো ১৯/ দিলতা ২০/ দুংগা বানাই ২১/ ধীৰু ২২/ হাড়ি ২৩/ হাচাং ২৪/ খাগৰা ২৫/ কুমলী ২৬/ কেণ্ডলাই ২৭/ কাংলা ২৮/ কাংকা ২৯/ বাংকা ২৯/ কেত্ৰ ৩০/ লেমক ৩১/ লালুং ৩২/ লংকা ৩৩/ লেৱা ৩৪/ লুগা ৩৫/ মান্দা ৩৬/ মাঝিজাতা ৩৭/ মুচি ৩৮/ নকচি ৩৯/ নাকলা ৪০/ পাথৰা ৪১/ ছিমচাং ৪২/ টং ৪৩/ টিকুমান্দা ৪৪/ টিকিন্দ ৪৫/ টংকলাই ৪৬/ ৱানং আৰু ৪৭/ লংকা।

জাতি-জনজাতি সমূহে অতিজৰে পৰা চলি অহা নীতি-নিয়ম, প্ৰথা, সংস্কৃতি আদি মানি চলে। এয়া পিছলৈ পৰম্পৰাৰ ৰূপ লয় আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰ্যবসিত হয়। যাক পৰম্পৰাগত জ্ঞান ব্যৱস্থাবা ইংৰাজীত ‘Indigenous Knowledge System’ বা চমুকৈ IKS বুলি কোৱা হয়। এই ব্যৱস্থাই সামৰি লোৱা বিষয় সমূহ হল- পৰম্পৰাগত জ্ঞান, স্থানীয় ভাষা, কৃষি পদ্ধতি, সমাজ ব্যৱস্থা, পৰম্পৰা-সংস্কৃতি আদি। বিশেষকৈ জনজাতীয় সমাজত পূৰ্বৰে পৰা চলি অহা পৰম্পৰা সমূহেই পৰম্পৰাগত জ্ঞান। প্ৰত্যেক জাতি বা জনজাতীয় সমাজৰ দৰেই বানাই সমাজতো বিভিন্ন দিশত পৰম্পৰাগত ভাৱে চলি অহা পদ্ধতি সমূহ আজিও প্ৰচলিত হৈ আহিছে। তাৰে ভিতৰত লোক চিকিৎসা পদ্ধতি অন্যতম। লোকপৰম্পৰা হিচাপে বানাই সকলৰ মাজত বৰ্তমানেও প্ৰচলিত ওপৰত উল্লেখিত প্ৰতিটো দিশ পূৰ্বৰ পৰাই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰ্য্য়ায়ক্ৰমে ধাবিত হোৱা। যিবোৰ বৰ্তমান পৰম্পৰাগত জ্ঞান ব্যৱস্থাই (IKS) সামৰি লৈছে।

সামৰণিঃ বানাই সকলৰ বৰ্তমান পৰিস্থিতি আৰু আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামখন বৰ্তমানেও অব্যাহত আছে। অসম আৰু উত্তৰ-পূবৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত বাস কৰি থকা আন আন ক্ষুদ্ৰ নৃ-গোষ্ঠী সমূহৰ ভিতৰত বানাই সকলো অন্তৰ্ভূক্ত। ওপৰক্ত আলোচনাৰ মাধ্যমেৰে আমি বানাই সকলৰ মাজত অতিজৰে পৰা বৰ্তমানলৈ প্ৰচলিত সামাজিক ৰীতি-নীতি, প্ৰথা আদি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছো। আনহাতে, পূৰ্বতে উল্লেখিত অনুসৰি ড লীলা গগৈয়ে উল্লেখ কৰা জনজাতীয় বৈশিষ্ট্য অনুসৰি বানাইসকলৰ মাজতো সকলোবোৰ জনজাতীয় বৈশিষ্ট্য পৰিস্ফুট হৈ থকা পৰিলক্ষিত হয়। ইতিমধ্যেই বাংলাদেশত জনজাতীয় মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হোৱা বানাই সকলে ভাৰতত বৰ্তমানেও জনজাতীয় মৰ্য্যদাৰ বাবে সংগ্ৰামখন অব্যাহত ৰাখিবলগীয়া হৈছে। অসমত বাস কৰি থকা প্ৰায় ১৮ হাজাৰ বানাই লোকৰ ভৱিষ্যত বৰ্তমানেও শংকাময়। এফালে ভাৰত চৰকাৰে বানাই সকলক জনজাতীয় সূচীত অন্তৰ্ভূক্ত কৰি সাংবিধানিক মৰ্য্যদা দিয়া নাই আনহাতে তেওঁলোকে অনুসূচিত জাতি বা অন্যান্য পিছপৰা জাতিৰ কোনো এটা শ্ৰেণীতে অন্তৰ্ভূক্ত হবলৈ সক্ষম হোৱা নাই। জাতিৰ প্ৰমাণপত্ৰ অবিহনে যিকোনো চৰকাৰী কামত অসুবিধাৰ সন্মুখীন হবলগীয়া হোৱাটোও উল্লেখযোগ্য বিষয়। সম্পূৰ্ণ সুকীয়া জনজাতীয় শৈলীৰে জীৱন যাপন কৰা বানাইসকলক আচলতে জনজাতি মৰ্য্যদাৰ সম্পূৰ্ণ দাবীদাৰ। তেওঁলোকৰ মাজত প্ৰচলিত পৌৰাণিক আখ্যান, জনশ্ৰুতি, প্ৰব্ৰজনৰ আঁতিগুৰিৰ ইতিহাস, লোকগীত-নৃত্য, প্ৰথা, সাজপাৰ, খাদ্যভাস, পৰম্পৰাগত পানীয় আদিৰ বৈশিষ্ট্যই বানাই সকলক আন জনজাতিৰ শাৰীতেই ধৰিব পাৰি। অসম আৰু উত্তৰ পূবৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বাস কৰি থকা বানাই লোক সকল সাম্প্ৰতিক সময়ত এক সংকটজনক পৰিস্থিতিত দিন কটাবলগীয়া হৈছে। সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱ শোচনীয়, অৱহেলিত আৰু এটা বিপন্ন জাতিহিচাপে পৰিচিত বানাই সকল। অতি সহজ-সৰল, অতিথি পৰায়ণ বানাই সকলে নিজ প্ৰাপ্যৰ প্ৰতি অতি সচেতন আৰু জাতিৰক্ষাৰ স্বাৰ্থত আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন চলাই নিবলৈ দৃঢ় প্ৰতিজ্ঞ। আমাৰ আশা তথ্যভিত্তিক আৰু যুক্তিৰ আধাৰত বিবেচনা কৰিলে বানাই সকলোক জনজাতিকৰণৰ প্ৰয়াস কৰিব পৰা যায়।

সহায়ক গ্ৰন্থপঞ্জীঃ

q শৰ্মা, নবীন চন্দ্ৰ ২০২২ অসমৰ লোকসংস্কৃতিৰ আভাস’, গুৱাহাটী

q গগৈ, লীলা ২০২১ অসমৰ সংস্কৃতি’, গুৱাহাটী।

q Gait, E 2014, ‘A History of Assam’ Ghy.

q Gassah, L.S. 1984, ‘Garo Hills Land and the people’ Omsons Publication, Ghy.

q Datta, B.et, al(ed) 2015, East India, ABILAC, Assam.

আপুনিও ভাল পাব পাৰে!