ইতিহাস আৰু ঐতিহ্য

কামাখ্যা মন্দিৰৰ ইতিহাসৰ পম খেদি

post

Share

লেখকঃ ধীৰেণ শইকীয়া

উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলৰ মানুহেই কম বেছি পৰিমাণে কামাখ্যাৰ শক্তিপীঠখনৰ কথা জানে। প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তিপীঠ কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

কামাখ্যাৰ দৰে সমগ্ৰ ভাৰততে একাৱন্নখন জাগ্ৰত পীঠ আছে বুলি জনা যায়। এই ঐতিহাসিক পীঠখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাই আমাৰ নিজৰ কবিতা এটালৈয়ে মনত পৰিছে য’ত তাহানিতে আমি লিখিছিলো-

“নৰকাসুৰৰ সপোন সুন্দৰী

শিবৰ অৰ্ধাংগিনী তুমি

যক্ষ পিতাৰ তিৰস্কাৰত

আত্মাহুতি দি

আছা নীলাচলৰ আঁচল চুমি

বিশ্বসিংহৰ ভক্তিৰ অঞ্জলি যাঁচি

পূবৰ ভকতি দুৱাৰত আহি বোৱাইছা শান্তি

ঋষি বশিষ্ঠই তোমাৰ দৰ্শন নাপাই শাপিলে নৰকাসুৰক

অসুৰৰ সংহাৰ গ’ল বাঢ়ি

যদুনন্দন আহিল চক্ৰ ধৰি

হে কাত্যায়নী দেৱী মহিষমৰ্দিনী

সমস্ত পাপৰ বিষহাৰিনী

দেৱী চামুণ্ডা কালী

ক’ত যুগ ধৰি পাইছা তুমি খিলঞ্জীয়াৰ পূজা

আজি চৌদিশে আমাক বিপদে ধৰিছে, বেঢ়ি,

নহয় ইটো অম্বুবাচী নিবৃত্তি

তথাপি দিয়া সাহসৰ মন্ত্ৰ

আগবঢ়াম আমি ৰক্তবস্ত্ৰ।”

নৰকাসুৰে সজাইছিল কামাখ্যা মন্দিৰঃ কামাখ্যাৰ ইতিহাস বিচাৰিলে নৰকাসুৰৰ আগৰ কালছোৱাৰ কথা স্পষ্টভাৱে বিশেষ পোৱা নাযায়। নৰকৰ ৰাজত্ব কাল অষ্টম শতিকা বুলি ধৰিলে ষষ্ঠ আৰু সপ্তম শতিকাৰ সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি ভাবিব পাৰি। নৰকে কেৱল এই সময়ৰ বহুলভাৱে পুজিত দেৱীগৰাকীৰ পূজাৰ বাবে পীঠ স্থানখন বৰ আগ্ৰহেৰে নিৰ্মাণ কৰিছিল। বহুতে নৰকে নীৰ নামৰ পৰ্বতখনৰ কোনো এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও ক’ব খোজে। নৰকৰ সময়ত যোনীপীঠখনৰ ওচৰে পাজৰে কেইঘৰমান কোচ, মেছ, বড়ো, খাছীয়া, গাৰো আদি লোকৰ পৰিয়ালহে আছিল বুলি জনা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গ’লে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল বুলি ভবাৰ অৱকাশ আছে। অষ্ট্ৰিকসকলৰ ধাৰণাত আকৌ কামাখ্যাক শ্মশান সংন্নিষ্ট দেৱী বুলিহে জনা যায়। খাচীসকলে ইয়াক ‘কামেইখা’হে বোলে। আকৌ প্ৰচলিত এক কাহিনী মতে দেৱীয়ে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। ড০ বাণীকান্ত কাকতিয়ে কামাখ্যা অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে ক’ব খোজে। ড০ সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে ৬৩০-৬৪৪ খৃঃত ভাৰতলৈ অহাৰ সময়ত পীঠখনৰ কোনো কথা কতো বৰ্ণনা নকৰাকৈ চাই সেই সময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি ল’বলৈ টান লাগে।

কোঁচ ৰজা বিশ্বসিংহৰ কামাখ্যা মন্দিৰলৈ অৰিহণাঃ ১৪ গৰাকী ৰাণী একেদিনাই বিয়া কৰোৱা এইগৰাকী কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মাণৰ বাবে যথেষ্ট অৰিহণা যোগাইছিল বুলি ‘কোঁচ-কমতাৰ ইতিকথা’ নামৰ দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ গ্ৰন্থখনৰ ৬১ পৃষ্ঠাৰ পৰা ৬৪ পৃষ্ঠালৈ উল্লেখ আছে।

কোচ মহাৰাজ বিশ্বসিংহই (১৫১৫-১৫৪০) এবাৰ ভায়েক শিষ্যসিংহৰ লগত আহোম ৰাজ্যৰ পৰা ঘূৰি আহোতে দুয়ো ভাতৃ ৰাতি নিজৰ সৈন্যদলৰ পৰা বিছিন্ন হৈ পৰে। তেওঁলোকে নিশাৰ ভাগত ঘূৰি গুৱাহাটীৰ সমীপৰ নীলাচলত উপস্থিত হৈ এগৰাকী বৃদ্ধই (বহুতে বৃদ্ধও বোলে) এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিব পাৰে। ৰজাই উক্ত পীঠত গৈ সেৱা কৰি শপত ল’লে যে যদি ভায়েক আৰু সৈন্য সামন্তক লগ পাই তেন্তে কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মাণ কৰিব। কিন্তু কথামতেই কাম হ’ল। তিনিদিনৰ ভিতৰত বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে। তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যাপীঠত মন্দিৰ নিৰ্মাণ কৰে। জনামতে তেতিয়াৰ পৰা কামাখ্যা ভক্ত হৈ পৰে বিশ্বসিংহ। বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময়ছোৱা উলিয়াব লাগিলে ১৫৪০ খৃঃৰ আগৰ হ’বই লাগিব বুলি ক’ব লাগিব। কাৰণ বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে ১৫৪০ খৃঃ।

কেইবছৰমান নীলাচলত দেৱী পূজা হোৱা নাছিলঃ গৌড় ৰজাৰ সেনাপতি কালাপাহাৰে ১৫৫৩ খৃঃত কেইবাটাও হিন্দু মন্দিৰৰ লগতে কামাখ্যা মন্দিৰো ভাঙি চিঙি চুৰমাৰ কৰাৰ পিছত ১৫৬৫ত কোঁচ ৰজা নৰনাৰায়ণে পুনৰ মন্দিৰটো নিৰ্মাণ কৰে বুলি জনা যায়। অৰ্থাৎ ১৫৫৩ ৰ পৰা ১৫৬৫ চনলৈ এঘাৰ বছৰকাল মন্দিৰ নোহোৱাকৈ বা ভগ্নস্তুপতে পূজা অৰ্চনা চলিছিল বুলিব পাৰি।

নৰনাৰায়ণৰ কামাখ্যা মন্দিৰ নিৰ্মাণঃ বিশ্বসিংহৰ দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা দুৰ্বলতা আছিলেই। ১৫৪০ খৃঃত নৰনাৰায়ণ কোঁচ ৰাজ্যৰ ৰজা হয়। ইাৰ পিছত নানা দেশ জয় কৰি ১৫৬৩ ত আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিল। তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা, কছাৰী, জয়ন্তীয়া আদি ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে। তাৰ পিছত গৌড় দেশ আক্ৰমণ কৰোতে সেনাপতি চিলাৰায় তাত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি কালাপাহাৰে হেলাৰঙে কামাখ্যা ধ্বংস কৰি থৈ যায়। নৰনাৰায়ণৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা ভূমিভাগ উদ্ধাৰ সাধন কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদ্যোগ লয়। নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে ‘মেঘামুকদুম’ নামৰ ৰাজ ভাস্কৰ্য শিল্পীজনৰ হতুৱাই মন্দিৰটো নিৰ্মাণ কৰিছিল। জনামতে মহৎৰাম বৈশ্য নামৰ ৰাজ কৰ্মচাৰী এজনক মন্দিৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেইবাটাও নেতিবাচক কথা দেখি এই কাম ‘মেঘামুকদুম’ক দিয়ে। তেওঁৱেই পৰৱৰ্তী সময়ত মন্দিৰটো নিৰ্মাণ কৰে।

দৰং ৰাজবংশাৱলীৰ কেন্দুকলাই সংযোগী কাহিনীটোঃ দৰং ৰাজবংশাৱলীত কোৱা হয় দেৱীয়ে হেনো কেন্দুকলাই নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা উলংগ নৃত্য কৰিছিল মন্দিৰৰ ভিতৰত। এবাৰ তেনে নৃত্য কৌশল কৰি নৰনাৰায়ণক দেখুৱাবলৈ কেন্দুকলায়ে অভিসন্ধি কৰাত দেৱীয়ে খঙতে কেন্দুকলাই নামৰ পুৰোহিতজনক প্ৰচণ্ড চৰ সোধায়। তেতিয়া তেওঁৰ মূৰটো চিঙি গৈ ওড়ালগুৰি জিলাৰ কলাইগাঁৱৰ ওচৰত পৰেগৈ। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত মূৰাদেৱৰ দেৱালয় আছে।

কামাখ্যা মন্দিৰঃ নৰকাসুৰৰ পৰা বৰ্তমানলৈঃ কুজিকাতন্ত্ৰ, যোগিনীতন্ত্ৰ, কালিকাপুৰাণ, দেৱী ভাগৱত আদি সকলোতে কামৰূপক দেৱীক্ষেত্ৰও বোলা হয়। নীল নামে পৰ্বতৰ গুহাত দেৱী কামাখ্যাৰ যোনী পীঠ আছে বুলি জনা যায়। সেই দিশৰ পৰা চাবলৈ গ’লে নৰকাসুৰে কিজানি পৰ্বতৰ গুহাৰ পৰা দেৱীৰ যোনীপীঠ আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল। কোৱা হয় বশিষ্ট মুনিয়ে কামাখ্যা দৰ্শনৰ বাবে আহিও নৰকাসুৰৰ অহংকাৰৰ বাবে (কৰ্কশ ব্যৱহাৰেৰে মুনিক উভতাই পঠোৱাত) দি যোৱা শাপৰ বাবে পিছলৈ নৰকাসুৰৰ পতন হ’ল। অৱশ্যে নৰকাসুৰৰ পতনৰ অন্যতম কাৰণ নিজৰ নীৰীজনিত অত্যাধিক আসক্তি আৰু বেপেৰুৱা স্বভাৱো দায়ী বুলি জনা যায়। নৰক যিমান দিন জগত জননী কামাখ্যাৰ ওচৰত থাকিব সিমান দিনলৈ মুখ নাচাই বুলি বশিষ্ঠাশ্ৰম পাতি সন্ধ্যাচলত থাকিলেগৈ বশিষ্ঠ মুনিয়ো। নৰকৰ দুৰ্দমনীয় স্বভাৱৰ বাবে স্বয়ং শ্ৰীকৃষ্ণই সত্যভামাক লগত লৈ প্ৰাগজ্যোতিষপুৰলৈ আহি শেষত অত্যাচাৰি নৰকক বধ কৰিছিল বুলি কালিকাপুৰাণত পোৱা যায়। নৰকাসুৰক হত্যা কৰি পুতেক ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ অধিপতি পাতিলে শ্ৰীকৃষ্ণই। নৰকৰ মৃত্যুৰ পিছত এই জাগ্ৰত পীঠখনৰো কিছু হৰণ-ভগন হ’ল। সঠিক ঘটনা নাজানিলেও চীনৰ পৰিব্ৰাজক অহাৰ সময়ত পীঠখনৰ অস্তিত্ব সম্বন্ধে একো কথা উল্লেখ নথকাটো আজিও ৰহস্যজনক, কিন্তু নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ বিখ্যাত ‘দেৱী’ গ্ৰন্থখনত অষ্টম শতাব্দীমানত বেদান্তবাদী শংকৰাচাৰ্য কামৰূপৰ এই মহাতীৰ্থখনলৈ অহাৰ কথা উল্লেখ কৰালৈ চাই অষ্টম শতাব্দীত মন্দিৰটো জাগ্ৰত অৱস্থাত আছিল বুলিব পাৰি। সেইসময়ত নীলাচলত কেইঘৰমান মেছ, কোচ আদি আধিবাসী আছিল বুলিও স্পষ্ট উল্লেখ কৰিছে বৰদলৈয়ে। পৰৱৰ্তী সময়ত ১৫৬৫ খৃঃত চিলাৰায়ৰ নেতৃত্বত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হয়। বিশেষ উল্লেখযোগ্য কথা হ’ল- চিলাৰায়ে মেঘামুকদুম নামৰ খনিকৰ নিযুক্ত কৰি এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বুলি অসম জাতীয় বিদ্যালয়ে প্ৰকাশ কৰা ‘আপোন দেশৰ কথা’ (ষষ্ঠ শ্ৰেণী) নামৰ কিতাপখনত উল্লেখ আছে।

বিভিন্ন পুৰাণত আকৌ কামাখ্যা দেৱীৰ বিষয়ে বিবিধ কথাও পোৱা যায়। কালিকাপুৰাণত মহামায়াকে কামাখ্যাও বুলিছে। ইতিহাস খুচৰিলে দেখা যায়, কোঁচৰজাৰ পৃষ্ঠপোষকতাৰ পিছত আহোম ৰাজশক্তিৰ দ্বাৰা কামাখ্যা মাহাত্ম্যৰ বাৰুকৈয়ে প্ৰচাৰ চলে। দুৰ্গা প্ৰতিমা সাজিব জনা কোচবিহাৰৰ বহু শিল্পীক আহোম ৰাজ্যলৈ আনে কোঁচৰজা নৰনাৰায়ণেই। এনেদৰেই কোচৰাজৰ পৃষ্ঠপোষকতাৰ পিছত আহোম ৰাজশক্তিয়েও কামাখ্যাৰ পৃষ্ঠপোষকতা লয়হি। যোগিনীতন্ত্ৰত কালীকেই আকৌ কামাখ্যাও বুলিছে।

অষ্ট্ৰিকসকলৰ ধাৰণাত কামাখ্যা শ্মশান সংশ্লিষ্ট দেৱী। আন এক কাহিনী মতে কেশীদৈত্যক দেৱীয়ে বধ কৰাৰ পিছত কেশীদৈত্যৰ শ্মশানৰ ভষ্মৰ পৰা এখন পৰ্বতৰ পৰা এখন পৰ্বতৰ সৃষ্টি হ’ল এয়াই আজিৰ নীলাচল পৰ্বত। এটা সময়ত ভষ্মৰ ওপৰত বিবিধ গছলতিকা, শিল, গুহা আদিৰ সৃষ্টি হৈ নীলাচল হ’লহি। পিছে এইবোৰ পৰম্পৰাগত লোক কাহিনীহে। ড০ বাণীকান্ত কাকতিৰ লেখাতো পোৱা যায় কামাখ্যা অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ এখন দেৱী পীঠ হিচাপেহে। তেওঁ লিখিছে- অষ্ট্ৰিক আৰু মংগোলীয় দুই ধাৰাৰে উপাস্য মাতৃদেৱীৰ থানৰূপে কামাখ্যাৰ আদিস্থান থাকিব পাৰে। কামৈ শব্দটো শ্মশানৰ লগত জড়িত। প্ৰত্নতত্বাবিদ ৰাজমোহনৰ লেখনিতো আছে তেনে গোন্ধ এটাই। ড০ সূৰ্য কুমাৰ ভূঞায়ো লিখিছে কামৰূপৰ আদিম অধিবাসী অনাৰ্য জাতিবৃন্দহে। কামাখ্যা দেৱীক খাচীয়াসকলে অতীজতে নিজৰ দেৱথল বুলি ক’ব খোজে। কা-স্ত্ৰীলিংগবাচক উপশব্দ। মেইখা- বুঢ়ী আই। ইয়াৰ পৰা বুজা যায় বড়ো, কছাৰী,খাচীয়াসকলৰে এখন জাগ্ৰত পীঠ স্থান আছিল কামাখ্যা। পৰৱৰ্তীকালত অনাৰ্যসকলৰ বহু সংস্কৃতি আৰ্যীকৰণ হোৱাত কামাখ্যাৰ পূজা অৰ্চনাও আৰ্য সমাজলৈ ৰূপান্তৰিত হ’ল।

মন্দিৰৰ ভিতৰত কোচৰজা নৰনাৰয়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ শৈলমূৰ্তি আছে। কামাখ্যা মন্দিৰটোৰ আশে পাশে কেইবাটাও মন্দিৰ আছে আজিও। সেয়া হ’ল ভূৱনেশ্বৰী, কালী, ভাষা, চিন্নমস্তা, বগলা, ভৈৰৱী, ধুমাৱতী, কামেশ্বৰ, সিদ্ধেশ্বৰ, কোটিলিংগ, মাতংগী, কমলা আদি। ভূৱনেশ্বৰী মন্দিৰটো নীলাচল পাহাৰৰ সৰ্বোচ্চ শৃংগ ব্ৰহ্ম পৰ্বতত অৱস্থিত। এইখন ব্ৰহ্ম পৰ্বতৰ পৰা গুৱাহাটী মহানগৰীৰ নান্দনিক সৌন্দৰ্য দেখি মোহিত হয় পৰ্যটকসকল।

বহুতে আকৌ ক’ব খোজে কামাখ্যা নৰকে মিথিলাৰ পৰা অনা এজনী অনাঅসমীয়া দেৱীহে। কিয়নো বসুমতীৰ পুত্ৰ নৰকে কাত্যায়নী বা কামাখ্যা দেৱীৰ পূজা লগত অনাতো কোনো অমূলক নহয়। কিয়নো মিথিলাও এসময়ত আছিল শক্তি পূজাৰেই ঐতিহ্যক্ষেত্ৰ। এই কথাবোৰ আজিৰ পুৰুষে গৱেষণা কৰিব লাগে।

বৌদ্ধ ধৰ্মৰ প্ৰভাৱেৰে সিক্ত কামাখ্যাঃ কামাখ্যাক বহু গৱেষকে বৌদ্ধ ধৰ্মৰ এটা ধাৰাৰ প্ৰভাৱৰ কথাৰেও জুকিয়াই চাব খোজে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কামাখ্যাৰ পুখুৰী দুয়োটাৰে কাছৰ প্ৰাধান্য থকালৈ চাই বৌদ্ধ প্ৰভাৱৰ কথা বহুতে ক’ব খোজে। বৌদ্ধজাতকত ভগৱান বুদ্ধই কুৰ্ম বা গছ অৱতাৰ ধৰি বহুতো লোকক উদ্ধাৰ কৰাৰ দৰে বুদ্ধগয়াৰ বৌদ্ধসাঁচ ইয়াৰ ভাস্কৰ্যতো দেখা যায় বুলিছে বহু প্ৰত্নতাত্বিকসকলে। পিছে এইবোৰ প্ৰকৃত গৱেষণাৰ পৰা সুদূৰ পৰাহত।

নীলাচলৰ কামাখ্যা মন্দিৰৰ উপৰিও অসমৰ বিভিন্ন ঠাইত আৰু কামাখ্যা মন্দিৰ থকাৰ তথ্য পোৱা যায়। ওড়ালগুৰি জিলাত, নগাঁও জিলাৰ শিলঘাটত, গুৱাহাটীৰ নিকতৱৰ্তী সোণাপুৰৰ ওচৰতো এনে সৰু সৰু কামাখ্যা মন্দিৰ থকাৰ তথ্য পোৱা যায়।

ড০ বাণীকান্ত কাকতিৰ গ্ৰন্থ, মামনি ৰয়চম গোস্বামীৰদেৱীপীঠৰ তেজ’, স্বৰ্গীয় মোহন চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ, কামাখ্যা মাহেত্ম্যম গ্ৰন্থ আৰু ৰূপলেখা দেৱীৰঅন্যত্ৰ বিৰলা দেৱীগ্ৰন্থত কামাখ্যা মন্দিৰঃ ভাৰতৰ অন্যতম শক্তিপীঠ কামাখ্যাধাম কেৱল এখন তীৰ্থস্থানেই নহয় এই পীঠ বাৰে বৰণীয়া সংস্কৃতিৰ ৰহঘৰাও। জনামতে, ইয়াৰ পুৰণি মানুহখিনিয়ে আজিও বঙালী, নেপালী, খাছীয়া আদি ভাষা বুজি পায়, দুই-একে ক’বও পাৰে। বৰদেউৰী সমাজ আৰু মন্দিৰ পৰিচালনা সমিতিৰ বহু বিষয়ববীয়াই মন্দিৰৰ বহু ঐতিহ্যৰ কথা পৰম্পৰাগতভাৱে জানে। পাণ্ডাসকলৰ মাজতো মুখে মুখে চলি আছে বহু বিশ্বাস, বহু লোককথা। ইয়াৰ কিছুমানৰ বৈজ্ঞানিক তথ্যসন্মত ভিত্তি আছে, বহুতৰে নাই। কামাখ্যা বিষয়ক গ্ৰন্থ বিচাৰোতে কামাখ্যাৰ ওপৰত ভেজা দি লিখা উপন্যাস এখন আমাৰ হাতলৈ আহিল। উপন্যাসখনৰ পাতে পাতে আছে বহু ইতিহাস, বহু লোককথা, আচাৰ-ব্যৱহাৰৰ স্বৰূপ। বৰদেউৰী পৰিয়ালে আহোম ৰজাসকলৰ পৰা দানত পোৱা সা-সম্পত্তিৰ কিছু কথাও তেওঁ বৰ্ণনা কৰিছে উপন্যাসখনত। তেওঁ লিখিছে- “আগতে বৰদেউৰী পৰিয়ালৰ মানুহ গাঁৱলৈ যোৱাৰ খবৰ পালেই ঘৰত পেৰা কুঁহিয়াৰ গুৰ, কোমল চাউল, বৰাচাউল, বাৰীৰ লাউ, কোমোৰা হাতত ওলোমাই ভাৰে ভেটিয়ে ৰায়তসকলে দেখা কৰিবলৈ আহিছিল। এতিয়া দিন সলনি হৈছে। যোৱাবছৰ ধান আনিবলৈ যাওঁতে বহু ৰায়তে ধান দিবলৈ থেৰোগেৰো কৰিলে। বুঢ়াৰায়তবোৰ নোহোৱা হোৱাৰ পৰা এতিয়া আগৰ ডেকাবিলাকে সমীহ নকৰা হৈছে। আগতে জহা চাউল, মখা দৈ, বাৰীৰ ভালৰো ভাল বস্তুখিনি টোপোলা বান্ধি দৈ পঠিয়াবলৈ হেতাওপৰা লাগিছিল। গাঁওবুঢ়াৰ চোতালত ধান লৈ মানুহ হাজিৰ হৈছিল।” এই কথাখিনিৰে ৰূপলেখা দেৱীয়ে উপন্যাসখনত মধ্যযুগৰ কামাখ্যাৰ অসমীয়া সমাজখনে কিদৰে বৰেদউৰী পৰিয়ালক মন্দিৰভাগ পৰিচালনাৰ বাবে সাধ্য অনুসাৰে অনুদান-বৰঙণি আদি দিছিল তাৰ কথা জনাইছো। যদিও এইখন উপন্যাস, চৰিত্ৰসমূহ কাল্পনিক হ’লেও ঐতিহাসিক তথ্যৰ হীন দেঢ়ি নকৰাকৈ সজাইছে ইয়াক ৰূপলেখা দেৱীয়ে। তেওঁ আৰু এঠাইত লিখিছে– ‘মোগল সেনাৰ প্ৰৱল প্ৰতাপী সেনাপতি মান সিঙেও কামৰূপ আক্ৰমণ কৰাৰ দোষত অনুতপ্ত হৈ দেৱীৰ চৰণত ক্ষমা প্ৰাৰ্থনা কৰিছিল। বহু ৰাজ পৰিয়ালৰো স’তে অতি মধুৰ সম্পৰ্ক এই দেৱীপীঠৰ। কাশীৰ নৰেশ, নেপালৰ নৰেশ, উৰিষ্যাৰ ময়ুৰ ভঞ্জন ৰজা, ধ্যানকানোলোৰ ৰজা, তেওঁলোক ইয়াক লেগি আহিয়েই থাকে।’ (৫৩ পৃষ্ঠা)

শিশুকন্যাৰ ৰূপ ধৰি কোলাসুৰক নিধন কৰিছিল। উল্লেখ্য যে, কোলাসুৰ ইমানেই ভয়ানক আছিল যে গোটেই ৰাজ্যৰ সকলো খাদ্য দ্ৰব্য অকলে খাই বিপাঙত পেলাইছিল। তেতিয়া দেৱী মহাকালীয়ে নিজৰূপেৰে কোলাসুৰক বধ কৰিছিল। কামাখ্যা দেৱীৰ মন্দিৰত প্ৰতিবছৰে পতা আন এক মাংগলিক অনুষ্ঠান হ’ল অম্বুবাচী মেলা। অম্বুবাচী প্ৰবৃতিৰ পৰা নিবৃতিলৈ তিনিদিন সময় কামাখ্যা দেৱীৰ মন্দিৰৰ লগতে দেৱীধামত থকা দশ মহাবিদ্যাৰ সকলো মঠ-মন্দিৰ বন্ধ কৰি দিয়াৰ এক পৰম্পৰা আছে। এই কেইদিনত মন্দিৰ চৌহদত ডাঙৰ মেলা হয়। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়, এয়াই অম্বুবাচী। বহুতে সাথ, আমতি, আমেতি বোলে। এই মেলালৈ দেশ বিদেশৰ অগনন ভক্ত আহে। গুৱাহাটী মহানগৰত বিনন্দীয়া অনুষ্ঠান হয় এই দিনকেইটিত। এই কেইদিনত নিজকে জনমানসৰ পৰা দূৰৈত ৰাখিব খোজা সন্নাসী সাধু-বাবাবোৰে আহি কামাখ্যা পাহাৰত থকা গুপ্তস্থানবোৰ, গুহা-গহ্বৰ শ্মশান আদিতো আশ্ৰয় লয়। চতুৰ্থ দিনা দেৱীৰ মণ্ডপ, মন্দিৰৰ সকলো ঠাই ধোৱা পখলা কৰি দেৱীৰ স্থান, পূজা-অৰ্চনা হোৱাৰ পিছতহে ভক্তৰ বাবে মন্দিৰটোৰ দ্বাৰ খোলা হয়। দুৰ্গা পূজাৰ সময়ত কুমাৰী পূজাও অনুষ্ঠিত হয় মন্দিৰত।

ৰূপলেখা দেৱী হ’ল সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত বিশিষ্ট লেখিকা। কামাখ্যাৰ পাহৰবাৰী, ভূবনেশ্বৰী পাহাৰ বা ময়ৰা শিলৰ কিংবদন্তীৰ পৰা ভৈৰবী দেৱীৰ মন্দিৰ, কাছৰ পুখুৰীলৈকে সকলোবোৰতে থকা কিংবদন্তি আৰু পৰম্পৰাগত লোককথা কিছুমান উপন্যাসখনৰ কাহিনীৰ মাজে মাজে অলংকৃত কৰি উপভোগ্য এই উপন্যাসখনত উপস্থাপন কৰিছে। টুক্ৰেশ্বৰ মন্দিৰৰ ভাঙৰ আড্ডা, পিল্লিমামাৰ টিলা, কলাকাপোৰ পিন্ধা তান্ত্ৰিকবোৰ (সাত বিধ তান্ত্ৰিকৰ উদাৰণসহ), বগলীমুখীদেৱীৰ মন্দিৰ, পণ্ডিতহতঁৰ দৰ্শন শাস্ত্ৰৰ কথা, বলিকটা ঘৰ, কামাখ্যা পাহাৰৰ হাবিৰ বাঘ, সৰীসৃপ, বনগাহৰি হৰিণকেইটালৈকে সকলোবোৰ বিষয়কে উপন্যাসখনত সুন্দৰভাবে স্থান দিছে ৰূপলেখা দেৱীয়ে। কামাখ্যা সম্বন্ধে আৰু অধিক পুথি বিচাৰিলো যদিও ই যথেষ্ট নহয়। স্বৰ্গীয় মোহন চন্দ্ৰ শৰ্মাৰ ‘Kamakhya : A town of Assam’ (Published by Ministry of Home Affairs) আৰু Dr. P.S. Suryah ৰ ‘Temple Sculptures of Assam’’ গ্ৰন্থখনত থকা ‘Kamakhya Temple Sculptures’ প্ৰবন্ধৰ কথা উল্লেখ কৰিবই লাগিব। ইয়াৰোপৰি কালি প্ৰসাদ গোস্বামীৰ Kamakhya Temple, ড০ বাণীকান্ত কাকতিৰ ‘Mother Goddess Kamakhya’ গ্ৰন্থ দুখনৰ লগতে মামনি ৰয়ছম গোস্বামীৰ ‘দেৱীপীঠৰ তেজ’ আন এখন উল্লেখযোগ্য পুথি (উপন্যাস)। কোঁচ ৰজা নৰনাৰায়ণে (১৫৪০-৮৭) মুঠ ৪৭ বছৰ কাল দ্ৰুতবেগেৰে এখনৰ পিছত এখন ৰাজ্য জয় কৰে বুলি ইতিপূৰ্বে আলোচনা কৰি অহা হৈছেই। আহোম, জয়ন্তীয়া, ত্ৰিপুৰা, মনিপুৰা, শ্ৰীহট্ট আদি কেইবাখনো ৰাজ্য চিলাৰায়ৰ হতুৱাই জয় কৰায়। বংগৰ চুলেইমান কৰৰাণিৰ সেনাপতিয়ে চিলাৰায়ক বন্দী কৰাত এই গতি স্তব্ধ হয় চিলাৰায়ক বন্দী কৰাৰ উপৰিও কামাখ্যা মন্দিৰ ভাঙি পৰ্যন্ত লুণ্ঠন কাৰ্য অব্যাহত ৰাখিছিল। কালাপাহাৰৰ কামাখ্যা আক্ৰমণৰ পিছত পৰিত্যক্ত হৈ পৰে মন্দিৰ চৌহদ। তেতিয়া চিলাৰায়ৰ হতুৱাই নৰনাৰায়নে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। জনামতে নৰনাৰায়ন আৰু চিলাৰায়ে মেঘামুকদুম নামৰ খনিকৰ (স্থাপত্য শিল্পী) এজনৰ সহায়ত ১৫৬৫ খৃীঃত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। ১৫৫৩ খৃঃত কামাখ্যা মন্দিৰ কালাপাহাৰে ধ্বংস কৰে আৰু ১৫৬৫ খৃীঃত পুনৰ নিৰ্মাণ কৰে বুলি জানিলেও ১২ বছৰ কাল মন্দিৰটো পৰিত্যক্ত অৱস্থাত থকাই বুজায়। এইকালছোৱাত দেৱীৰ পূজা সেৱা কেনেধৰণে চলিছিল আজিও জনা নাযায়। কিৰাটৰ দেশ কামৰূপত ‘অন্যত্ৰ বিৰলা দেৱী কামৰূপৰ গৃহে গৃহে’ বুলি কামাখ্যা পূজাৰ কথা বৰ্ণনা কৰাটোও আন এক মন কৰিবলগীয়া কথা। শিৱ শৰ্মাৰ ‘The Brahmaputra’ ‘ব্ৰহ্মপুত্ৰ’ গ্ৰন্থত আছে যে বিষ্ণুৱে শিৱই কান্ধত পাৰ্বতীৰ মৃতদেহ কঢ়িয়াই ফুৰোৱাত সুদৰ্শন চক্ৰৰে সতীৰ দেহ ৫১ টুকুৰা কৰি কাটি পেলোৱাত এটা খণ্ড নীলাচলত পৰি মন্দিৰটোৰ পীঠ স্থানখন হয়। কামাখ্যা মন্দিৰৰ পূবফালে ব্ৰহ্মপৰ্বতৰ ওপৰত থকা ভূৱনেশ্বৰী মন্দিৰৰ লগতে মন্দিৰটোৰ পীঠ স্থানখন হয়। কামাখ্যা মন্দিৰৰ পূবফালে ব্ৰহ্ম পৰ্বতৰ ওপৰত থকা ভূৱনেশ্বৰী মন্দিৰৰ লগতে মন্দিৰটোৰ ২৩,৬৩৫ বিঘা লাখেৰাজ মাটি আছে বুলি লিখিছে শিৱ শৰ্মাই। নৰকাসুৰে নিৰ্মাণ কৰে বুলি কথিত চাৰিটা পথো গ্ৰন্থখনত আছে– ব্ৰাঘ্ৰদ্বাৰ, হনুমন্তদ্বাৰ, স্বৰ্গদ্বাৰ আৰু সিংহদ্বাৰ। কামাখ্যাৰ ওচৰত কালী, তাৰা, ছিন্নমস্তা, বগলা, ভৈৰৱী, ধুমাৱতী, কামেশ্বৰ, সিদ্ধেশ্বৰ, কোটিলিংগ, মাতংগী আৰু কমলা আদিৰ মন্দিৰ থকাৰো তথ্য দিছে গ্ৰন্থখনে। কেদাৰমোত্ৰ আৰু আম্ৰাতেশ্বৰ মন্দিৰত ক্ৰমে ৰাজেশ্বৰ সিংহ আৰু প্ৰমত্ত সিংহৰ শিলালিপি আছে। মন্দিৰটোৰ গাতে লাগি থকা শিলেৰে নিৰ্মিত কামাখ্যা দেৱীৰ ‘ক্ৰীড়া পুষ্কৰিণী’ নামৰ সৌভাগ্যকুণ্ডৰ কথাও লেখকে উল্লেখ কৰিছে। এই কুণ্ডৰ পশ্চিম দিশত গা ধুই তৰ্পণ আদি কৰিলে মানুহে সৌভাগ্যবান হয় বুলি বিশ্বাস। বুৰঞ্জীৰ এক তথ্য মতে, ১৭৪৫-৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই সন্তান লাভৰ আশাত কামাখ্যা মন্দিৰটোৰ আৰু অধিক বিকাশ সাধিছিল।

মামনি ৰয়ছম গোস্বামীৰ ‘দেৱী-পীঠৰ তেজ’ তো কামাখ্যাৰ বহু ইতিহাস গথাঁ আছে। কাহিনীভাগ ১৯৩০ চনৰ বুলি লেখিকাই উল্লেখ কৰিছে উপন্যাসখনত। পদ্মপ্ৰিয়াৰ চৰিত্ৰ বৰ্ণনাৰ মাজে মাজে ম’হ বলিৰ নিষ্ঠুৰতা, গাৰো গাঁৱৰ মানুহৰ ম’হ কুটা-বচা কৰাৰ কথা, ম’হ বলিৰ নীতি নিয়ম, বলি হোৱাৰ পিছত ম’হৰ মাংসৰ ভাৰ বৈ নিয়াৰ দৃশ্য, ছিন্ন মস্তকৰ পৰা লোতক সৰি পৰাৰ যন্ত্ৰণা, বলিকটা শম্ভুদেৱ চিন্তাক্লিষ্ট, ভূবনেশ্বৰ, পদ্মাপ্ৰিয়া আদিৰ বহু কথা স্পষ্টভাবে বৰ্ণনা কৰিছে। দেৱীপীঠত বলি হোৱা সময়ৰ ঢোল আৰু কাহঁৰ প্ৰচণ্ড শব্দ ভাঁহি অহাৰ সুন্দৰ দৃশ্যায়ন উপন্যাসখনৰ আন এক উল্লেখযোগ্য বৈশিষ্ট। সম্প্ৰতি কামাখ্যা মন্দিৰৰ পৰিচালনাৰ ভাৰ ২০১৫ বৰ্ষৰ পৰা দেৱোত্তৰ বোৰ্ডৰ পৰা বৰদেউৰী সমাজলৈ পৰিৱৰ্ত্তিত হৈছে। ২০১৫ বৰ্ষৰ মহামান্য কোৰ্টৰ এক নিৰ্দেশ অনুসৰি এই কাম হৈছে। ১৬৫৮ খৃীঃৰ পৰা কোঁচ ৰজাৰ অধীনৰ পৰা কামৰূপ কামাখ্যাৰ পৰিচালনাৰ ভাৰ আহোম স্বৰ্গদেউসকলৰ হাতলৈ আহে। ইণ্টাৰনেটত প্ৰাপ্ত তথ্যমতে ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ আদি কেইবাজনো আহোম স্বৰ্গদেৱে কামাখ্যাপীঠৰ পৃষ্ঠপোষকতাৰ দায়িত্ব আহোম ৰাজত্ব কালত দৌল দেৱালয়, মঠ-মন্দিৰৰ বাবে ভূ-সম্পত্তি দান কৰিছিল। এনে দান কৰা ভূ-সম্পত্তিৰ ওপৰত কোনো খাজানা আৰোপ কৰা নহৈছিল। এনে কৰমুক্ত ভূমি ব্যৱস্থাটোক লাখেৰাজ বোলা হৈছিল। কামাখ্যাত লাখেৰাজ ভূমিৰ অন্তৰ্ভুক্ত আছিল। একেদৰে পুৰোহিত শ্ৰেণীক দান কৰা ভূমিক দেবোত্তৰ ভূমি বোলা হৈছিল।

আহোম স্বৰ্গদেউ বিশেষকৈ ৰুদ্ৰসিংহই পশ্চিমবংগৰ নদিয়া জিলাৰ অন্তৰ্গত মালিপোটাৰ (শান্তিপুৰ) পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এগৰাকী শাক্ত পুৰোহিতক মাতি আনি কামাখ্যা মন্দিৰত থাপিছিল। জনামতে যথেষ্ট সা-সম্পত্তি দান কৰি তেওঁক পৰ্বতীয়া গোসাঁই নামেৰে অভিহিত কৰাৰ কথাও ইতিহাসত পোৱা যায়। জনজাতিয় দেৱী (Tribal Goddess) বুলি অভিহিত কামাখ্যা দেৱী পৰৱৰ্তীকালত আৰ্যীকৰণ হৈ আমাৰ সভ্যতা সংস্কৃতিত একাত্ম হৈ পৰিল।

আহোম ৰাজত্ব কালত কামাখ্যা মন্দিৰঃ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ মৃত্যুৰ পিছত শিৱ সিংহ ৰজা হৈয়ে শাক্ত গুৰু কৃষ্ণৰাম ভট্টাচাৰ্যক গুৰু হিচাপেলৈ কামাখ্যা গোসাঁনীৰ পূজা সেৱা কৰিবলৈ আৰম্ভ কৰিলে। লগতে মহেশ্বৰ নেওগে লিখামতে শিৱ সিংহই নীলাচল পৰ্বতত তেওঁৰ (কৃষ্ণৰামৰ) বাসগৃহ নিৰ্মাণ কৰাই দি প্ৰভূত ভূমি-জমি, পাইক-সেৱক, দেৱোত্তৰ-ব্ৰহ্মোত্তৰ দিয়া হ’ল। এই সময়ত সকলো বৈষ্ণৱ গোসাঁই প্ৰভূতকৈও তেওঁৰ মানহে চৰা হয়। শিৱসিংহৰ ফুলেশ্বৰী কুঁৱৰীয়ে শাসনকত্ৰীৰূপে ৰাণী হোৱাৰ পাছফালে কিন্তু এই জনা কৃষ্ণৰাম ভট্টাচাৰ্যও আছিল। জনামতে কৃষ্ণৰাম ভট্টাচাৰ্যই কিছু ক্ষেত্ৰত বংগদেশত চলা জাতিভেদ প্ৰথা ব্যাপকৰূপে অসমতো বিয়পাবলৈ চাইছিল বুলি অভিযোগ আছে। পৰ্বতীয়া গোসাঁয়ে লক্ষ্মীসিংহকো শিষ্য কৰিবলৈ অস্বীকাৰ কৰিছিল হেনো। কোঁচ ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙণি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা থাৱৰ কৰিব পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলৈ পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্যসমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে।

কামাখ্যাত শিখগুৰু তেগবাহাদুৰঃ ১৬৬৬ খৃঃত ঔৰংগেজৱৰ নিৰ্দেশত অসমলৈ অহা ৰাজপুত বীৰ ৰজা মানসিংহই অসম আক্ৰমণ কৰিবলৈ আহোতে লগত তেগবাদুৰো আহিছিল। জনামতে তেওঁ তাত কেইদিনমান আছিল। কামাখ্যাৰ পাণ্ডাসকলে টেগ বাহাদুৰক বৰ আদৰ যত্ন কৰিছিল। তেওঁ উভতি যাওঁতে তুলাপাত কাকতত এটি বাণী দি যায়। প্ৰত্নতত্ববিদ ৰাজমোহন নাথে এই বিষয়ে  ‘কামাখ্যাত শিখগুৰু তেগবাহাদুৰ শীৰ্ষক এখন ৰচনা লিখিছিল য’ত সমগ্ৰ কথাবোৰ বিতংকৈ বৰ্ণাইছে। কামাখ্যা মন্দিৰৰ দেৱী ‘নাট্য মন্দিৰ’ত আহোম ৰজা ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ তামৰ  ফলি আছে। সেই দিশৰ পৰা দুয়োজনে মন্দিৰৰ ভাল পৃষ্ঠপোষকতা লৈছিল বুলিব পাৰি।

স্বৰ্গীয় সৰ্বানন্দ ৰাজকুমাৰে তেওঁৰ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ত লিখিছে­– ১৪৯৮ খৃঃত কমতাপুৰ ৰাজ্য গৌড়ৰ হুছেনচাহে ধ্বংস কৰে ফলত কমতাপুৰত বহু সৰু সৰু ৰাজ্য স্থাপন হ’ল। বিশ্বসিংহই ১৫১৫ খৃঃত কোচ ৰাজ্য স্থাপন কৰে। এওঁৱেই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰায় আৰু কনৌজ, বেনাৰচ আদিৰ পৰা ব্ৰাহ্মণ আনি নিজ ৰাজ্যত স্থাপন কৰে। নৰনাৰায়ণে ভৱিষ্যতে অশান্তি দূৰ কৰিবৰ বাবে ১৫৮১ খৃঃত সোনকোষৰ পূব খণ্ডক ৰঘুদেৱক আৰু পশ্চিমখণ্ড পুতেক লক্ষ্মীনাৰায়নক দিয়ে। জনামতে কোঁচ সোনকোষৰ পূব অংশক হাজো আৰু পশ্চিমখণ্ডক কোঁচবেহাৰ বোলা হয়। এই কালতেই নৰনাৰায়ণে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰে।

কালিকাপুৰাণৰ কেইবাটাও অধ্যায়ত আছে কামাখ্যাৰ অৱস্থিতি কিম্বা কামাখ্যা আৰাধনাৰ লাভালাভৰ কথা। তাৰ ‘উনাশীতিতমোহধ্যায়’ত আছে কামাখ্যাৰ স্থান নীলকুট পৰ্বত আৰু তাৰ মাটিৰ ওপৰত প্ৰভাৱত মনোহৰ আৰু গভীৰ কামাখ্যাৰ নাভিমণ্ডল আছে। দ্বিষষ্টিতমোহধ্যায়ত ভগৱানে কৈছে কামাখ্যা যিহেতু মোৰ সৈতে কাম চৰিতাৰ্থ কৰাৰ কাৰণে মহাগিৰিলৈ আহিছে, সেইবাবে নীলকুট পৰ্বতত থকা দেৱীয়ে কামাখ্যা নামে কথিত হৈছে। এই বাবেই ইয়াৰ আন নাম হ’ল কামদা, কামিনী, কামা, কান্তা আৰু কামাংগদায়িনী। যিহেতু কামাংগনাশিনী সেইবাবেই কামাখ্যা কোৱা হয়। কালিকাপুৰাণত আকৌ কৈছে যে নীল পৰ্বতখনত পাৰ্বতীৰ যোনীমণ্ডল পৰাত পৰ্বতখনেই নীলবৰ্ণ হৈ পৰিল। সতীৰ বিদীণ যোণীমণ্ডল পৰিয়েই ঠাইখন পৱিত্ৰ হৈ পৰিল আৰু পাপীসকলৰ বাবে পাপনাশৰ কাৰণ হ’ল। ব্ৰহ্মা, বিষ্ণু, হৰ সমুদায় দিকপাল আৰু দেৱতাই কামৰূপিনী দেৱী কামাখ্যাক উপাসনা কৰিবলৈ ইয়াতে বসতি কৰে। এই সৰ্ব কাম প্ৰদায়িনী যোণীত সদায় পঞ্চৰূপা, মূলভূতা, সনাতনী, জগদ্ধাত্ৰী, মহামায়া কামাখ্যাই ক্ৰীড়া কৰে। সেই পৰ্বতৰ পূবভাগত দেৱীৰ দুৱাৰত প্ৰিয় পুত্ৰ গণপতিয়ে সিদ্ধ নামে বিখ্যাত হৈ আছে।

কামাখ্যামন্দিৰৰ শিল্প ভাস্কৰ্যত এভূমুকিঃ Dr. P.S. Suryah দেৱে ‘Temple Sculptures of Assam’ গ্ৰন্থখনৰ Kamakhya Temple Sculptures প্ৰৱন্ধত লিখিছে ষষ্ঠ শতিকাৰ মথুৰা, দেওগড়ৰ মঠ মন্দিৰৰ চিত্ৰশৈলী ইয়াত দেখা যায়। প্ৰধানতঃ শিৱৰ বিবিধ চিত্ৰভাস্কৰ্য দেখা যায় এই পীঠস্থানত। ইয়াৰ লগতে সূৰ্য, গৌৰী, ব্ৰহ্ম, উমাৰ ভাস্কৰ্য স্পষ্ট দেখা যায় ইয়াত। ইয়াৰ অপচৰা আৰু গন্ধৰ্বসকলৰ নৃত্যৰতা মূৰ্তিসমূহত গুপ্তযুগৰ চিত্ৰ শৈলীৰ প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ ফুল আৰু অন্যান্য অংগসজাবোৰ দ পৰ্বতীয়াৰ দৰে একে শৈলীৰ। The sculptures is sculpted in purely realisticmaner. The western gateways of the Kamakhya temple contain some charming carvings revealing exceptional sculptural skill. Among them, a flute playing image, which is called as Venugopal is inscribed on the Surface of the gateway. He has headdress, which is shape of conical cap. ‘ভাৰতীয় চাৰুকলাৰ ৰেঙনি’ গ্ৰন্থত মৌচুমী কন্দলীয়ে লিখিছে যে– ‘গংগা, যমুনা উপত্যকাৰ ভাস্কৰ্য কলাৰ লগত কামাখ্যাৰ গভীৰ সম্পৰ্ক আছে। মদন কামদেৱৰ মন্দিৰত পৰিলক্ষিত হোৱা ভাস্কৰ্য কলাৰ শৈলীৰেও কামাখ্যা মন্দিৰৰ ভাস্কৰ্যসমূহ প্ৰভাৱিত হৈছিল। কামাখ্যা মন্দিৰৰ ভাস্কৰ্যসমূহৰ কিছু ভাস্কৰ্য চাই আনুমানিক একাদশ-দ্বাদশ শতিকাৰ যেন লাগে। কামাখ্যা মন্দিৰৰ ভাস্কৰ্য কলাৰ মাজত পাঁচোটি ধৰাৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেয়া হৈছে প্ৰথম স্তৰৰ ধ্ৰুপদীশৈলী, পৰবৰ্তী স্তৰৰ ভাস্কৰ্য শৈলী মধ্য ভাৰতীয় শৈলী আৰু অসমৰ মধ্যযুগীয় কলাৰ দ্বিতীয় স্তৰৰ শৈলী। গংগা-যমুনা উপত্যকাৰ ভাস্কৰ্য কলাৰ লগত কামাখ্যাৰ গভীৰ সম্পৰ্ক আছে। আন এটা উল্লেখযোগ্য মূৰ্তি হ’ল বাণীবাদক শিৱৰ। চাৰিখন হাতৰ শিৱমূৰ্তিয়ে এই মৃতদেহৰ ওপৰত ঠিয় হৈ বীণা বাদন কৰি আছে। কামাখ্যাৰ ভাস্কৰ্যসমূহৰ এটি বিশেষ মূৰ্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সেই মূৰ্তিটোৱে হাতত এটি ডাঙৰ শিলাখণ্ড কঢ়িয়াই লৈ গৈছে। মুখখন যেন ভাগৰ আৰু কষ্টৰে ক্লান্ত, মোলান।

উমাচল শিলালিপিয়েও দিব পাৰে অধিক তথ্যঃ পঞ্চম শতিকাৰ নীলাচল পাহাৰৰ পূব অংশৰ প্ৰাকৃতিক শিলৰ গাত তথা উমাচল শিলালিপিয়ে অসমৰ ইতিহাসৰ প্ৰাচীনতম সময়ৰ বিশ্লেষণ গৱেষণাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এ চাৰিশৰীয়ী ব্ৰাহ্মীলিপি আৰু সংস্কৃত ভাষাত লিখা প্ৰত্ন লেখাখনত সুৰেন্দ্ৰ বৰ্মন নামৰ এজন প্ৰতাপী ৰজাই বলভদ্ৰ নামৰ দেৱতাৰ বাবে ইয়াত এটা গুহামন্দিৰ নিৰ্মাণৰ কথা আছে। মহাধিৰাজ সুৰেন্দ্ৰ বৰ্মনে নীলাচলৰ দুৰ্গম থিয় গৰাত মন্দিৰ সাজিব লাগিলে সেই মন্দিৰটোও কামাখ্যা মন্দিৰৰ সমসাময়িক আৰু দূৰত্বৰ ফালৰ পৰাও নিকটৱৰ্তী মন্দিৰেই হ’ব নিশ্চয়। এই গৰাকী সুৰেন্দ্ৰ বৰ্মনক বৰ্মন বংশৰ ষষ্ঠজন ৰজা মহেন্দ্ৰ বৰ্মন বুলি ভবাৰ অৱকাশ আছে। ইতিহাসবিদে মহেন্দ্ৰ বৰ্মনৰ ৰাজত্বকাল উলিয়াব পাৰিলে কামাখ্যা নিৰ্মাণৰ কিছু হ’লেও কাহিনী জনা যাব বুলি ভাবো। জিলা পুথিভঁৰালত কামাখ্যা সম্বন্ধীয় কিতাপ বিচাৰি থাকোতে পালো শিৱকৃষ্ণ শৰ্মা, পাণ্ডা-বিষ্ণুকান্ত শৰ্মা পাণ্ডাই লিখা এখন কিতাপ। নামঃ কামাখ্যা মহাত্ম্যম। এই গ্ৰন্থখন যোগিনীতন্ত্ৰ আৰু কালিকাপুৰাণৰ কামাখ্যা বিষয়ৰ শ্লোকসমূহৰ অসমীয়া আৰু বঙালী উভয়তে ভাঙনি আছে। যোগিনীতন্ত্ৰৰ এটা বিখ্যাত শ্লোকত আছে– কামাখ্যা মহামায়াক যি ব্যক্তিয়ে কামাখ্যা পৰ্বতত গৈ পূজা কৰে, তেওং ইহলোকত সৰ্বকামনা লাভ কৰে আৰু পৰকালত শিৱত্ব প্ৰাপ্ত হয়। ইয়াৰ নিচিনা পৃথিৱীত আন কোনো কাৰ্য নাই। ইহকালত বাঞ্ছিতাৰ্থ ফল লাভ কৰি দীৰ্ঘায়ু হৈ থাকে। এই কামাখ্যাদেৱীৰ মাহাত্ম সৰ্ববেদাৰ্থ সৰ্ববেদাৰ্থ সন্মত, এই কামাখ্যাদেৱীৰ অনুগ্ৰহতে ব্ৰহ্মাই ব্ৰহ্মপদ, বিষ্ণুই বিষ্ণুত্ব আৰু শিৱই শিৱত্ব লাভ কৰিছে। সেয়ে তুমি যত্ন কৰি কামাখ্যা যোণীমণ্ডলৰ পূজা কৰা। কামাখ্যা সন্তুষ্ট থাকিলে সদায় নিৰাপদত থাকিবা আৰু অসন্তুষ্ট হ’লে অশুভকৰ বুলি জানিবা। এইটো ভাবি কামাখ্যা  যোণীমণ্ডলত অৱশ্যে পূজা কৰিবা।

আন এক কাহিনীমতে এবাৰ ভগৱান পৰম বিষ্ণুৱে গৰুড়ত আৰোহণ কৰি শূণ্যমাৰ্গৰে যাওতে নীলপৰ্বত সু কামাখ্যা দেৱীক লগ পালে। কেশৱে (কৃষ্ণ) নীলপৰ্বতস্থ কামাখ্যাদেৱীক তাচ্ছিল্য কৰি গৰুড়ক যা যা বুলি যাবলৈ ক’লে। ইয়াকে দেখি মহামায়া কামাখ্যাই গৰুড়ৰ সৈতে কৃষ্ণক অদৃশ্য বানেৰে হেনো ৰুদ্ধ কৰিছিল। গৰুড়েও কামাখ্যাদেৱীৰ ৰূপত বিমুগ্ধ হৈ যাবলৈ অসমৰ্থ হৈ বদ্ধাৱস্থাত শূণ্যমাৰ্গতে স্থিৰ হৈ ৰ’ল। তেতিয়া কৃষ্ণই হেনো সমগ্ৰ নীলপৰ্বতখনকে দুই হাতেৰে ধৰি লৰাই উঠাবলৈ যত্ন কৰিছিল। তেতিয়া ক্ষোধাম্বিত কামাখ্যা দেৱীয়ে গৰুড়ক আক্ৰমণ কৰি ভয়ংকৰ সমুদ্ৰত পেলাই দিলে। ইয়াৰ পিছত সমুদ্ৰতলতো দেৱীয়ে গৈ গৰুড়ক আক্ৰমণ কৰিলেগৈ। লগতে বিষ্ণুৰ সৈতেও ভয়ংকৰ যুদ্ধত লিপ্ত হ’ল কামাখ্যা দেৱী। এই যুদ্ধত কামাখ্যাদেৱীয়ে বহু বছৰ গৰুড় আৰু বিষ্ণুক সমুদ্ৰতলীতে আৱদ্ধ কৰি ৰাখিলে। ব্ৰহ্মাই বিষ্ণুক বিচাৰি বিচাৰি যেতিয়া সাগৰ তলিত থকা বুলি গম পালে তেতিয়া ব্ৰহ্মাই কৃষ্ণ আৰু গৰুড়ক সাগৰতলিৰ পৰা তুলিবলৈ চেষ্টা কৰিলে যদিও সফল নহ’ল আৰু নিজেও সাগৰতলিতে আৱদ্ধ হৈ থাকিল। পিছত মহাদেৱে গৈ তেওঁলোকক তাত পালে। দেৱীপুৰাণৰো ৩/৯৫৬ শ্লোকত স্পষ্টভাবে ভৌম্যপুত্ৰ নৰকৰ লগতে তেওঁৰ পুতেক ভগদত্তইও কামাখ্যাগিৰিৰ গুহাত কামাখ্যাক মহা আড়ম্বৰেৰে পূজা কৰাৰ কথা পোৱা যায়। ইয়াৰ উপৰিও যোগিনীতন্ত্ৰতো আছে যে সত্যযুগৰ দক্ষপ্ৰজাপতিৰ দিনৰে পৰা অসমত শক্তিপূজা হিচাপে কামাখ্যা দেৱীৰ পূজা প্ৰচলন আছে। আনকি কুলতিধিপতি ভীষ্মক ৰজাৰ দুহিতী ৰুক্মিনীদেৱীয়ে ভগৱান কৃষ্ণক পতিৰূপে পাবলৈও উত্তৰ-পূবত কামাখ্যাৰ পূজা সেৱা কৰিছিল। খাচীসকলে কা মেইখা, গাৰোসকলে ফজৌ, তিৱাসকলে বাউলী দেৱী, কাৰ্বিসকলে হাঈমু, মেছসকলে বাথু বুঢ়ী, ডিমাচাসকলে হেৰমডী আৰু ৰাজিনী গাকিবা দেৱী, ৰাভাসকলে বায়খো আৰু তামায়দেৱীক, সোণোৱাল কছাৰীসকলে লখিমী আৰু ভৰলী, চুতীয়াসকলে কেচাইখাঁতী গোসাঁনীক, আহোমসকলে সুবচনী দেৱীক পূজা কৰাৰ কথা অসমৰ বুৰঞ্জীপুথিসমূহেও সাক্ষ্য দিয়ে। আনকি কোনো কোনো স্থানত এই দেৱীসকলৰ সন্তুষ্ট কৰিবলৈ নৰবলি পৰ্যন্ত দিয়া হৈছিল বুলি জনা যায়। কিন্তু কামাখ্যাত অতীজত নৰবলি দিয়া হৈছিল নেকি তাৰ বিষয়ে জনা নাযায়।

তেজপুৰত উদ্ধাৰ কৰা তাম্ৰশাসনতো কামেশ্বৰ-মহাগৌৰী পূজা কৰাৰ দৰে ড০ বাণীকান্ত কাকতিদেৱে জনক ৰজাৰ পালিত পুত্ৰ নৰকে মিথিলাৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ আহোতে কামাখ্যা পূজাৰ অভিধাৰা এটা লৈ আহিছিল বুলিও কোৱা হয়।

আপুনিও ভাল পাব পাৰে!