ইতিহাস আৰু ঐতিহ্য

মহাৰাজা পৃথুৰ বীৰ কাহিনী

post

Share

লেখকঃ গৌতম শৰ্মা

শেহতীয়াকৈ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘলীয়া ফ্লাইঅভাৰখন মহাৰাজা পৃথু ফ্লাইঅভাৰ নামকৰণে উদ্বোধন কৰা হ’ল। ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ এটি অবকাঠামোক প্ৰাচীন অসমৰ অখ্যাত এজন প্ৰবল প্ৰতাপী ৰজা পৃথুৰ নামেৰে নামকৰণ কৰাত পোনতে অসম চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰাক-আহোম যুগত প্ৰাচীন কামৰূপৰ শক্তিশালী শাসনকৰ্তা এই পৃথু বা বাৰ্তু নামৰ ৰজাজনৰ নাম আৰু কীৰ্তি আজি বহুতেই নাজানে, যিজন ৰজাই ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত শক্তিশালী বিদেশী আক্ৰমণৰ বিৰুদ্ধে তেওঁ অসমৰ মাটি ৰক্ষা কৰিছিল। মহাৰাজা পৃথু আছিল অসমৰ সেই প্ৰথম সাহসী ৰজা যিজনে বিদেশী মুছলিম আক্ৰমণৰ বিৰুদ্ধে দৃঢ়ভাৱে প্ৰতিবাদ জনাই শত্রু শিবিৰত আতংকৰ সৃষ্টি কৰিছিল। মহাৰাজা পৃথুৰ কাহিনী প্ৰাচীন কামৰূপ ৰাজ্যৰ ইতিহাসৰ সৈতে গভীৰভাৱে জড়িত, ই অসমে বহিঃশক্তিৰ আক্ৰমণৰ বিৰুদ্ধে দেখুওৱা দীঘলীয়া প্ৰতিৰোধৰ এক কাহিনীকেই আমাক কয়।

প্ৰাচীন কামৰূপ ৰাজ্যৰ শক্তিশালী শাসক মহাৰাজ পৃথুৰ ৰাজ্যখণ্ডৰ সীমাই বৰ্তমানৰ অসমৰ লগতে ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ সৈতেও সংযুক্ত আছিল। ইতিহাসবিদসকলে সাধাৰণতে তেওঁৰ শাসনৰ সময় প্ৰায় ১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ বুলি কয়। কেতবোৰ উৎসই ইংগিত দিয়ে যে তেওঁ ৰজা হোৱাৰ আগতেই এক আঞ্চলিক প্ৰধান হিচাপে কিছু আগতেই ক্ষমতালৈ আহিছিল। তেওঁ ৰাজত্ব কালত পূৰ্ব ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি অত্যন্ত অস্থিৰ আছিল। দিল্লীত চুলতানী ৰাজ্যৰ প্ৰতিষ্ঠাৰ পিছত কিছুমান তুৰ্কী আৰু আফগান সামৰিক অধিনায়কে উত্তৰ ভাৰতৰ বহু অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল। বংগখন ইতিমধ্যে আক্ৰমণকাৰী বাহিনীৰ হাতলৈ গৈছিল; লগতে ভাৰত উপমহাদেশৰ বহু অংশৰ ওপৰত হিংসাত্মক সামৰিক অভিযান আৰু ৰাজনৈতিক অস্থিৰতাসমূহ দেখা গৈছিল। এই অশান্ত ঐতিহাসিক পৰিস্থিতিৰ মাজতেই মহাৰাজা পৃথু এজন সাহসী নেতা হিচাপে আগবাঢ়ি আহি তেওঁ নিজৰ ৰাজ্যখণ্ডক সফলভাৱে ৰক্ষা কৰাৰ লগতে এই অঞ্চলটোৰ সাংস্কৃতিক পৰিচয়কো সংৰক্ষণ কৰিছিল।

পৃথু প্ৰাচীন কামৰূপৰ পৰৱৰ্তী শাসকসকলৰ সৈতে সম্পৰ্কিত এটি উল্লেখযোগ্য বংশৰ সৈতে জড়িত আছিল বুলি বিশ্বাস কৰা হয়। কিছুমান ঐতিহাসিক পৰম্পৰাই তেওঁক খেন বংশৰ শাসকসকলৰ সৈতে সংযোগ কৰি তেওঁলোকৰ বংশাৱলী পৌৰাণিক চৰিত্ৰ নৰকাসুৰৰ সৈতে তুলনা কৰি পৃথুক ভৌম-নৰক বংশধৰ বুলি ক’ব খোজে। আনহাতে কিছুমান বিৱৰণত তেওঁক এজন শক্তিশালী স্থানীয় শাসক হিচাপে বৰ্ণনা কৰা হৈছে, যিজনে নিজৰ সামৰিক শক্তি আৰু প্ৰশাসনিক দক্ষতাৰ জৰিয়তে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। এই বিষয়ত মতভেদ থাকিলেও আঞ্চলিক ঐতিহাসিক পৰম্পৰাৰ মাজত এই কথাক লৈ যথেষ্ট সহমত দেখা যায় যে পৃথুৱে সেই সময়ত ভাৰতীয় উপমহাদেশৰ পূৰ্ব সীমান্তত অন্যতম প্ৰভাৱশালী এজন শাসক হিচাপে ৰাজত্ব কৰিছিল। তেওঁৰ শাসনকাল সামৰিক প্ৰতিৰোধ আৰু ৰাজনৈতিক সংহতিৰ বাবে বিশেষভাৱে উল্লেখযোগ্য আছিল, যিয়ে তীব্ৰ বিদেশী আক্ৰমণ আৰু বিস্তাৰৰ সময়তো এই অঞ্চলটোৰ স্ব-গৰিমা আৰু স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হৈছিল।

মহাৰাজা পৃথুৰ জীৱনৰ আটাইতকৈ বিখ্যাত আৰু বীৰত্বপূৰ্ণ ঘটনাটো হ’ল তুৰ্কী সেনানায়ক মহম্মদ বিন বখতিয়াৰ খিলজীৰ আক্ৰমণকাৰী বাহিনীৰ সৈতে তেওঁৰ মুখামুখি সংঘৰ্ষ। বখতিয়াৰ খিলজীয়ে ইতিমধ্যে বিহাৰ আৰু বংগৰ বহু অঞ্চল জয় কৰিছিল। তেওঁ নিজৰ ধ্বংসাত্মক অভিযানৰ বাবে কুখ্যাত আছিল আৰু নালন্দা আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ দৰে জ্ঞান চর্চাৰ মহৎ কেন্দ্ৰসমূহত আক্ৰমণ চলাই ধ্বংস কৰিছিল। বংগ জয় কৰাৰ পিছত তেওঁৰ সাম্ৰাজ্য তিব্বতৰ দিশে বিস্তাৰ কৰাৰ পৰিকল্পনা কৰে আৰু সেই উদ্দেশ্যে প্ৰাচীন কামৰূপ ৰাজ্যৰ মাজেদি অগ্ৰসৰ হ’বলৈ চেষ্টা কৰে। ঐতিহাসিক বিৱৰণ অনুসাৰে, তেওঁৰ আক্ৰমণকাৰী বাহিনীত প্ৰায়  ১২,০০০ অশ্বাৰোহী আৰু প্ৰায় ২০,০০০ পদাতিক সৈন্য আছিল, যি অসমৰ ইতিহাসত উল্লেখিত আটাইতকৈ বৃহৎ আক্ৰমণকাৰী বাহিনীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

যেতিয়া বংগ দেশৰ পৰা মুছলমান আক্ৰমণকাৰীৰ কামৰূপ আগমনৰ  খবৰ কামৰূপলৈ আহে, তেতিয়া মহাৰাজা পৃথুৱে পৰিস্থিতিটোক সাৱধানতাৰে অধ্যয়ন কৰি নিজৰ প্ৰতিৰক্ষা কৌশলসমূহ প্ৰস্তুত কৰি লৈছিল। আক্ৰমণকাৰীসকলৰ সৈতে তৎক্ষণাৎ মুকলি যুদ্ধক্ষেত্ৰত মুখামুখি নহৈ তেওঁ এক দূৰদৰ্শী সামৰিক পৰিকল্পনা গ্ৰহণ কৰিলে, য’ত অঞ্চলটোৰ কঠিন ভৌগোলিক পৰিস্থিতিক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰাচীন অসমভূমি ঘন জংঘল, অসংখ্য নদ-নদী, পাহাৰ আৰু অধিক বৰষুণৰ বাবে বিখ্যাত আছিল। আক্ৰমণকাৰী বাহিনীৰ বাবে ইয়াৰ ভূগোল সম্পূৰ্ণ অচিনাকী আছিল। পৃথুৱে শত্রু বাহিনীক অঞ্চলটোৰ ভিতৰলৈ গভীৰভাৱে আগবাঢ়িবলৈ দিলে, কিন্তু একে সময়তে তেওঁলোকলৈ অহা প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান ব্যৱস্থাটোকো লাহে লাহে দুৰ্বল কৰিবলৈও যত্ন কৰিলে। লগতে তেওঁ স্থানীয় সমাজসমূহ আৰু বিভিন্ন জাতি-গোষ্ঠীৰ যোদ্ধাসকলক সংগঠিত কৰি নিজৰ মাতৃভূমি ৰক্ষা কৰাৰ বাবে একত্ৰিত এক বৃহৎ প্ৰতিৰক্ষা বাহিনী গঠন কৰিলে।

এই সামৰিক অভিযানৰ এটা বিশেষ উল্লেখযোগ্য দিশ আছিল পৃথুৰ কৌশলী যুদ্ধনীতি। কোৱা হয় যে তেওঁ কিছুমান অঞ্চলত “স্কৰ্চড-আর্থ” নীতি গ্ৰহণ কৰিছিল, যাতে আক্ৰমণকাৰী সৈন্যবাহিনীয়ে গ্ৰামাঞ্চলৰ পৰা খাদ্য বা অন্য কোনো যোগান লাভ কৰিব নোৱাৰে। শত্রুৱে ব্যৱহাৰ কৰা দলং আৰু পথসমূহ ধ্বংস কৰি দিয়া হৈছিল, যাৰ ফলত শত্ৰুৱে আগুৱাই অহাটো সহজ হোৱা নাছিল। সংকীৰ্ণ পথ আৰু উপত্যকাসমূহত বাঁহেৰে বনোৱা প্ৰাচীৰ, বেৰ আৰু বিভিন্ন ফান্দ পাতি ৰখা হৈছিল। ফলস্বৰূপে শত্রু বাহিনী ক্লান্ত আৰু বিশৃঙ্খল হৈ পৰাৰ পাছত কামৰূপৰ সৈন্যসকলে সমন্বিত আক্ৰমণ আৰম্ভ কৰিলে। এই সংঘৰ্ষসমূহত আক্ৰমণকাৰী বাহিনীয়ে ভয়ংকৰ ক্ষতিৰ সন্মুখীন হৈছিল। ঐতিহাসিক সূত্ৰসমূহে কয় যে এই পৰাজয় ইমানেই ভয়ংকৰ আছিল যে সৈন্যবাহিনীৰ মাজৰ অতি অল্পসংখ্যক সৈনিকেহে সেই অঞ্চলৰ পৰা প্ৰাণে বাচি পলাই যাব পাৰিছিল।

এই বিজয় অসম তথা উত্তৰ-পূব ভাৰতৰ ইতিহাসত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ইয়েই প্ৰমাণ কৰিছিল যে শক্তিশালী আক্ৰমণকাৰী বাহিনীকো দৃঢ় নেতৃত্ব, স্থানীয় ঐক্য আৰু বুদ্ধিদীপ্ত সামৰিক কৌশলৰ জৰিয়তে পৰাস্ত কৰিব পৰা যায়। বখতিয়াৰ খিলজীৰ আক্ৰমণ প্রতিহত কৰি মহাৰাজা পৃথুৱে কামৰূপৰ ৰাজনৈতিক স্বাধীনতা কার্যত সুৰক্ষিত কৰি ৰাখিছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, তেওঁৰ এই সফলতাই সেই সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত বিদেশী সামৰিক শাসনৰ বিস্তাৰক প্ৰতিৰোধ কৰিছিল। বহু ইতিহাসবিদ আৰু সাংস্কৃতিক বিশ্লেষকে বিশ্বাস কৰে যে এই বিজয়ৰ ফলতেই সেই সময়ত ভাৰত উপমহাদেশৰ বহু অঞ্চলত নাটকীয় ৰাজনৈতিক পৰিৱর্তনসমূহ সংঘটিত হৈ থকাৰ সময়তো এই অঞ্চলৰ সাংস্কৃতিক আৰু সামাজিক ধাৰাবাহিকতা অক্ষুণ্ণ হৈ আছিল।

মহাৰাজা পৃথুৰ নেতৃত্বৰ আন এটা বিশেষ উল্লেখযোগ্য দিশ আছিল নিজৰ মাতৃভূমি ৰক্ষাৰ বাবে বিভিন্ন সমাজ-সম্প্ৰদায়ক একত্ৰিত কৰাৰ তেওঁৰ অসাধাৰণ সামৰ্থ্য। ঐতিহাসিক বিৱৰণসমূহত উল্লেখ আছে যে আক্ৰমণকাৰী বাহিনীৰ বিৰুদ্ধে হোৱা প্ৰতিৰোধত বহু স্থানীয় আৰু স্বদেশী জনগোষ্ঠীৰ যোদ্ধাসকলে অংশগ্ৰহণ কৰিছিল। এই সামূহিক প্ৰচেষ্টাই প্ৰাচীন অসমৰ ৰাজনৈতিক সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশক প্ৰতিনিধিত্ব কৰে। ই কথাই প্ৰমাণ কৰে যে সেই সময়ত দেশৰ ৰক্ষা কেৱল এজন শাসক বা একোটা শাসকগোষ্ঠীৰ দায়িত্ব বুলি ধৰা হোৱা নাছিল; বৰঞ্চ ই বহু সমাজৰ এক যৌথ দায়িত্ব হিচাপে বিবেচিত হৈছিল। এনেদৰেই পৃথুৰ নেতৃত্বই কামৰূপৰ জনসাধাৰণৰ মাজত আঞ্চলিক ঐক্য আৰু এক সামূহিক পৰিচয়ৰ চেতনাবোধক অধিক দৃঢ় কৰি তুলিছিল।

সামৰিক সফলতাৰ উপৰিও মহাৰাজা পৃথু তেওঁৰ শাসন ব্যৱস্থা আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদানৰ বাবে স্মৰণীয়। প্ৰত্নতাত্ত্বিক প্ৰমাণ আৰু বিভিন্ন ঐতিহাসিক উল্লেখত তেওঁৰ শাসনকালত কেইবাটাও দূৰ্গ নিৰ্মাণ আৰু মন্দিৰ স্থাপনৰ কথা উল্লেখ পোৱা যায়। বৰ্তমান উত্তৰ বংগৰ কিছু অংশ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত পোৱা প্ৰাচীন স্থাপত্যৰ অৱশেষসমূহ তেওঁৰ ৰাজত্ব কালৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়। এই নিৰ্মাণসমূহে প্ৰাক-আহোম যুগৰ অসমৰ ৰাজনৈতিক জীৱনত ধৰ্মীয় পৃষ্ঠপোষকতা আৰু সাংস্কৃতিক সমৰ্থনৰ গুৰুত্ব স্পষ্টভাৱে প্ৰকাশ কৰে। যিটো দিশে প্ৰমাণ কৰে যে সেই সময়ত ৰজাসকল কেৱল সামৰিক নেতা নাছিল; তেওঁলোকক ধৰ্মীয় প্ৰতিষ্ঠান আৰু স্থানীয় পৰম্পৰাৰো ৰক্ষক হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ পূৰ্বৰ সফলতাসমূহ সত্ত্বেও পৃথুৰ শাসনৰ অন্তিম সময়ছোৱাত নতুন নতুন প্ৰত্যাহ্বানসমূহ দেখা দিছিল।

দিল্লী চুলতানসকলে প্ৰবল শক্তিয়ে পূৰ্ব ভাৰতৰ ওপৰত বাৰম্বাৰ সামৰিক অভিযান চলোৱাৰ চেষ্টা অব্যাহত ৰাখিছিল। ১২২৮ খ্ৰীষ্টাব্দত চুলতান ইল্টুতমিছৰ পুত্ৰ নাছিৰুদ্দিন মাহমুদৰ নেতৃত্বত আন এটা বৃহৎ অভিযানত মহাৰাজা পৃথু পৰাস্ত আৰু যুদ্ধক্ষেত্ৰতে তেওঁ নিজৰ জীৱন হেৰুৱাব লগা হৈছিল। যুদ্ধক্ষেত্ৰত শত্ৰুৰ সৈতে পৰাক্ৰমেৰে প্ৰাণ বিসৰ্জন দিয়া পৃথুৰ জীৱনৰ পূৰ্বৰ বিজয়সমূহে আৰু নিজ ৰাজ্যখণ্ড ৰক্ষা কৰাৰ স্বাৰ্থত থকা দৃঢ় সংকল্পই তেওঁক প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাসৰ বুকুত এক সুকীয়া মৰ্যদা প্ৰদান কৰিছিল। সেয়েহে মহাৰাজা পৃথুৰ ঐতিহ্য অসমৰ ভূমি আৰু সংস্কৃতিক বহিঃশক্তিৰ আধিপত্যৰ পৰা ৰক্ষা কৰাৰ ধাৰণাৰ সৈতে গভীৰভাৱে জড়িত আছিল বুলি ক’ব পাৰি। অসমৰ ইতিহাসত পৰৱৰ্তী সময়ৰ আহোম যুগত লাচিত বৰফুকনে মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে যিদৰে প্ৰবল এক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল, তাৰ বহু আগতেই পৃথুৱে শক্তিশালী মুছলমান আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কৌশলগত বুদ্ধিমত্তাই সাহসীকতাৰ পৰিচয় দি গৈছিল। তেওঁৰ কাহিনীয়ে ৰাজনৈতিক অস্থিৰতাৰ সময়তো স্থানীয় নেতৃত্বই আৰু ঐক্যই উত্তৰ-পূবৰ স্বায়ত্তশাসন আৰু স্বকীয়তাক সুৰক্ষিত কৰি ৰাখিব যে পাৰিছিল সেই কথাকেই স্পষ্টকৈ আমাক কয়।

আধুনিক সময়ত মহাৰাজা পৃথুৰ সাহসীকতাই লাহে লাহে পুনৰ স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে। ইতিহাসবিদ, লেখক আৰু বিভিন্ন সাংস্কৃতিক সংগঠনে তেওঁক বিদেশী আক্ৰমণকাৰীৰ কবলৰ পৰা এই অঞ্চলৰ সৰ্বপ্ৰথম ৰক্ষক হিচাপে তেওঁৰ ভূমিকাক পুনৰ আলোকপাত কৰিবলৈ যত্ন কৰিছে। শেহতীয়াকৈ মহাৰাজা পৃথু ফ্লাইঅভাৰৰ দৰে গুৰুত্বপূৰ্ণ অবকাঠামো এটিক তেওঁৰ নামেৰে নামকৰণ কৰাটোৱেও, ইতিহাসৰ বুকুত অসমৰ সুৰক্ষা আৰু উন্নয়নত অৱদান আগবঢ়োৱা ঐতিহাসিক ব্যক্তি পৃথুক সন্মান জনোৱা চৰকাৰৰ এক সৰ্বোকৃষ্ট প্ৰচেষ্টা বুলি ক’ব পাৰি। এনে পদক্ষেপসমূহে অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণে নিজৰ পৰিচয় আৰু স্বাধীনতা ৰক্ষা কৰাৰ বাবে কৰা দীঘলীয়া ঐতিহাসিক সংগ্ৰামৰ কথা নৱ প্ৰজন্মকো স্মৰণ কৰায়। মহাৰাজা পৃথুৰ জীৱন কেৱল এজন ৰজাৰ কাহিনী নহয়, ই অসমৰ জনতাৰ সহনশীলতা আৰু শক্তিশালী‌ বহিঃশক্তিৰ বিৰুদ্ধে নিজৰ মাতৃভূমি ৰক্ষা কৰাৰ দৃঢ় সংকল্পৰ প্ৰতীক। তেওঁৰ কৌশলগত মেধা, সাহস আৰু নিজ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ববোধে তেওঁক উত্তৰ-পূব ভাৰতৰ প্ৰাচীনতম বীৰ ৰক্ষকসকলৰ অন্যতম এজন হিচাপে পৰিচয় দাঙি ধৰি আহিছে। বহু শতাব্দী পাৰ হৈ গ’লেও এই বীৰ যোদ্ধা ৰজাজনৰ ঐতিহ্যই আজিও অসমৰ মানুহৰ মাজত গৌৰৱ আৰু সন্মানৰ প্ৰেৰণা জগাই ৰাখিছে।

প্ৰাচীন কামৰূপৰ শাসক পৃথুৱে বিদেশী মুছলমান আক্ৰমণকাৰী মহম্মদ বিন বখতিয়াৰ খিলজীৰ বাহিনীক পৰাস্ত কৰা ঘটনাটো কেইবাটাও গুৰুত্বপূৰ্ণ ঐতিহাসিক উৎস আৰু পিছৰ সময়ৰ ইতিহাস গৱেষণাত সমৰ্থন লাভ কৰিছে। মধ্যযুগীয় ইতিহাসবিদ মিনহাজ-ই-চিৰাজে ৰচনা কৰা পাৰস্য ভাষাৰ ঐতিহাসিক বৃত্তান্ত তবাকট-ই-নাচিৰি গ্ৰন্থত বখতিয়াৰ খিলজীৰ কামৰূপ অভিমুখে কৰা দুঃখজনক সামৰিক অভিযানৰ বিৱৰণ পোৱা যায়। গ্ৰন্থখনত উল্লেখ আছে যে আক্ৰমণকাৰী বাহিনী কামৰুদৰ ৰায়ৰ দ্বাৰা পৰাস্ত হৈছিল, যাৰ অৰ্থ হৈছে কামৰূপৰ সেই শাসক যিজনে এই আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল। এই তথ্যক সমৰ্থন কৰে উত্তৰ গুৱাহাটীত অৱস্থিত প্ৰসিদ্ধ কানাই বৰশী বোৱা শিলালিপিখনেও (শক ১১২৭ (১২০৫–১২০৬ খ্ৰীষ্টাব্দ)। এই শিলালিপিখনত উল্লেখ আছে যে কামৰূপৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত আক্ৰমণকাৰী “তুৰ্ক” বাহিনীক ধ্বংস কৰা হৈছিল। যদিও শিলালিপিখনে ৰজাৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাই, ৰায় বাহাদুৰ কনকলাল বৰুৱা দৰে বহু ইতিহাসবিদে এই তথ্যসমূহত উল্লিখিত শাসকজনক কামৰূপৰ শক্তিশালী ৰজা মহাৰাজা পৃথু বুলি চিনাক্ত কৰিছে। যিজনে তুৰ্কী আক্ৰমণৰ বিৰুদ্ধে অঞ্চলটো সফলভাৱে ৰক্ষা কৰিছিল।

আধুনিক ইতিহাসবিদসকলৰ গৱেষণাই বীৰ ৰজা পৃথুৰ স্মৃতিক পুনৰ জীৱন্ত কৰি তুলিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ শিক্ষাগুৰু ঐতিহাসিক, শিক্ষাবিদ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰক্তিম পাতৰে ইতিমধ্যে Maharaja Prithu: The Unsung Warrior King Who Annihilated Bakhtiyar Khalji শীৰ্ষক এক বিস্তৃত গৱেষণামূলক গ্ৰন্থ প্ৰণয়ন কৰিছে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থত শিলালিপি, ঐতিহাসিক বৃত্তান্ত, ঔপনিৱেশিক নথি-পত্ৰ আৰু মৌখিক পৰম্পৰাৰ বিভিন্ন তথ্য একত্ৰ কৰি পৃথুৱে কেনেকৈ আক্ৰমণকাৰী বাহিনীক পৰাস্ত কৰি ভাৰতৰ পূৰ্ব সীমান্তক সুৰক্ষিত কৰিছিল তাকেই এই গ্ৰন্থত বিস্তৃতৰূপত আলোচনা কৰা হৈছে। ঐতিহাসিক যদুনাথ চৰকাৰ আৰু পৰৱৰ্তী সময়ৰ আন বহু গৱেষকেও কামৰূপ অভিযানৰ পাছত মহম্মদ বিন বখতিয়াৰ খিলজীৰ ভয়ংকৰ বিপৰ্যয়ৰ কথা আলোচনা কৰিছে। একে সময়তে আঞ্চলিক ইতিহাস গৱেষণা আৰু গেজেটিয়াৰসমূহতো উপলব্ধ ঐতিহাসিক প্ৰমাণৰ আধাৰত পৃথুৰ শাসনকাল আৰু তেওঁৰ সামৰিক প্ৰতিৰোধৰ ইতিহাস পুনৰ নিৰ্মাণৰ চেষ্টা কৰা হৈছে। এই সকলো উৎস আৰু আধুনিক গৱেষণাৰ জৰিয়তে মহাৰাজা পৃথু লাহে লাহে প্ৰাচীন অসমৰ ৰক্ষাকৰ্তা হিচাপে স্বীকৃতি লাভ কৰিছে, যিজন অখ্যাত প্ৰবল প্ৰতাপী প্ৰাচীন কামৰূপৰ ৰজাই ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে বিদেশী আক্ৰমণৰ বিৰুদ্ধে সফলভাৱে এক বৃহৎ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল।

References:

1. Minhaj-i-Siraj Juzjani. Tabaqat-i-Nasiri. Translated by H. G. Raverty. London: Gilbert & Rivington, 1881.

2. Kanaklal Barua. Early History of Kamarupa. Guwahati: Lawyer’s Book Stall, 1933.

3. Edward Gait. A History of Assam. Guwahati: Publication Board Assam, reprint edition.

4. Yadunath Sarkar. History of Bengal. Vol. II. Dacca: University of Dacca, 1948.

5. Raktim Patar. Maharaja Prithu: The Unsung Warrior King Who Annihilated Bakhtiyar Khalji. Guwahati: Publication Board Assam, 2023.

6. Archaeological Survey of India. Epigraphia Indica. New Delhi: Government of India Press.

7. Government of Assam. Assam District Gazetteers. Guwahati.

8. Archaeological Survey of India. Kanai Barasi Bowa Rock Inscription. North Guwahati, Assam.

9. S. L. Baruah. A Comprehensive History of Assam. New Delhi: Munshiram Manoharlal, 1985.

(লেখকৰ ঠিকনা: সহকাৰী অধ্যাপক, ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম। ফোন: ৯৯৫৪০-০০২০০)

আপুনিও ভাল পাব পাৰে!