ইতিহাস আৰু ঐতিহ্য

পথৰুঘাটৰ কৃষক বিদ্ৰোহ

post

Share

লেখকঃ ধীৰেন শইকীয়া

দ্বিতীয় জালিয়ানাৱালাবাগ বুলি জনাজাত পথৰুঘাট (বৰ্তমান ঠাইখনক পাথৰিঘাট বোলে) দৰং জিলাৰ এক ইতিহাসপ্ৰসিদ্ধ অঞ্চল। ব্ৰিটিছ চৰকাৰৰ দিনত পথৰুঘাটত তহচিল কাৰ্যালয় এটা আছিল। অন্যায়ভাৱে খাজনা বৃদ্ধি কৰাৰ প্ৰতিবাদত এই ঐতিহাসিক অঞ্চলটোতেই ১৮৯৪ চনত সংঘটিত হৈছিল ব্ৰিটিছ চৰকাৰৰ বিষয়া তথা আৰক্ষী বাহিনী আৰু দৰঙৰ কৃষক ৰাইজৰ মাজত এক তয়াময়া ৰণ, য’ত ১৪০ গৰাকী নিৰীহ কৃষকে প্ৰাণ আহুতি দিছিল। নৰোত্তম দাসৰ ‘দলিপুৰাণ’ৰ ভাষাত পাঁচ সিকিয়া খাজানা ব্ৰিটিছে পাঁচ টকালৈ বৃদ্ধি কৰাই এই বিদ্ৰোহৰ কাৰণ। বহুতে আকৌ ১৮৯৩-৯৪ চনৰ খাজনাৰ নিৰিখ আগতকৈ ৭০ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি পোৱাত কৃষক ৰাইজে উপায়ন্তৰ হৈ খাজনা নিদিবলৈ ঠিক কৰি তাৰ প্ৰতিবাদৰ বাবে ওলাইছিল বুলিও কয়। এইখন পথৰুঘাটৰ ৰণৰ বিষয়ে আজিও ভালেখিনি গৱেষণা হ’বলৈ বাকী আছে। আজিলৈ কৃষক বিদ্ৰোহ, ৰাইজমেল বা ঊনবিংশ শতিকাৰ অসম আদি বিষয়ত গৱেষণা হ’লেও আজিও বিশেষভাৱে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত নতুন পুৰুষে গৱেষণা কৰিবলৈ আগবাঢ়ি অহা নাই বাবে ইয়াৰ বহু দিশ আজিও উন্মোচিত নোহোৱাকৈ আছে। উল্লেখ্য যে এই বিষয়ত নৰোত্তম দাস ৰচিত লোকগাথা ‘দলিপুৰাণ’ আৰু ‘নান্দনিক সাহিত্য চৰা’ই প্ৰকাশ কৰা গ্ৰন্থ দুখন (ইতিহাসে গৰকা পথৰুঘাট, ঊনবিংশ শতিকাৰ অসমৰ কৃষক বিদ্ৰোহঃ প্ৰসংগ পথৰুঘাটৰ ৰণ) আৰু ১৯৯৪ চনত প্ৰসন্ন কুমাৰ নাথদেৱৰ সম্পাদনাত প্ৰকাশ পোৱা ‘পথৰুঘাট’ৰ বাহিৰে আজিও এই বিষয়ক তাত্ত্বিক গ্ৰন্থৰ অভাৱ।

অসমত কৃষক বিদ্ৰোহৰ পটভূমি

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা মহাৰাণীৰ ঘোষণাপত্ৰৰ যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ শাসনভাৰ হস্তান্তৰিত হয়। ১৮৫৭ চনত চিপাহী বিদ্ৰোহে ব্ৰিটিছক ভাল এসেকা দিছিল। প্ৰায় ৭০ মিলিয়ন পাউণ্ড বাজেট ঘাটিয়ে দেশত অৰ্থনৈতিক সংকট ঘনীভূত হৈছিল। ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে টিকট কৰ, অনুজ্ঞা কৰ, গ্ৰেজিং কৰ, আবকাৰী কৰ আদিৰ উপৰিও প্ৰতি পৰিয়ালক পান-তামোল, নাঙল, আখল, ওখ মাটি, খেতিৰ মাটি আদিত কৰ নিৰ্দিষ্ট কৰি দিয়া হৈছিল। এই কৰবোৰ লগাবলৈ নিৰ্দেশ দিয়া ব্ৰিটিছ কমিছনাৰসকলৰ ভিতৰত আছিল ব্ৰিটিছ কমিছনাৰে মেজৰ ফ্ৰান্সিছ জেনকিন্স (১৮৩৪-১৮৬১), হেনৰি হপ্‌কিন্স (১৮৬১-১৮৭৪), ৰিচাৰ্ড হাৰ্টে কিয়েটিঙচ (১৮৭৪-১৮৭৮), ষ্টুৱাৰ্ড কেলভিন বেইলে (১৮৭৮-৮১), ছাৰ চালৰ্ছ এলিয়ট (১৮৮১-৮৫), জেমছ ৱেষ্টলেণ্ড (১৮৮৯), জেমছ ৱালেছ কুইণ্টন (১৮৮৯-৯১), উলিয়াম আৰস্কাইন ৱাৰ্ড (১৮৯১-৯৬)আআদি। ১৮৩৪-১৮৬১লৈ কমিছনাৰ থকা এইগৰাকী মেজৰ ফ্ৰান্সিছ জেনকিন্সেই ২৭ বছৰ কাল অসমত থাকি শেষলৈ ১৮৬৬ চনত ২৮ আগষ্টত জ্বৰত আক্ৰান্ত হৈ গুৱাহাটীত ঢুকাইছিল। প্ৰকৃতিপ্ৰেমী আছিল তেওঁ। তেৱেঁই প্ৰথমে পতিত মাটিবোৰ বাহিৰৰ মানুহক দি হ’লেও অসমৰ খাজনা সংগ্ৰহ বঢ়াব লাগে বুলিছিল। পৰৱৰ্তী সময়ত বাকী চীফ কমিছনাৰসকলেও অসমত সময়ে সময়ে খাজনা বঢ়াইছিল। কিয়নো তেনে কৰিলে ব্ৰিটিছে কাম কৰা বনুৱাও পাব আনহাতে খাজনাও বাঢ়িব বুলি যধেমধে বিভিন্ন ঠাইৰ পৰা মানুহ অনাত লাগিছিল। আনকি এই লোকসকলক খাজনা দিব নোৱাৰিলে বাকীজাই মোকৰ্দমা কৰি মাটি পৰ্যন্ত ‘ক্ৰোক’ কৰা হৈছিল। এনে কৰাত কৃষক ৰাইজৰ মাজত প্ৰতিক্ৰিয়া বাঢ়িল আৰু ব্ৰিটিছ বিৰোধী মনোভাৱ বৃদ্ধি পাবলৈ ধৰিলে। আনকি পৰৱৰ্তী সময়ত চীফ কমিছনাৰ ছাৰ উইলিয়াম আৰস্কাইন ৱাৰ্ডে ১৮৯২ চনত এই খাজনাৰ হাৰ আৰু ১০০ শতাংশ বৃদ্ধি কৰাত ৰাইজৰ মাজত আৰু উদ্‌গীৰণ বৃদ্ধি পালে। ১৮৬১ চনৰ ১৫ অক্টোবৰৰ পৰা পাঁচদিন ধৰি নগাঁৱত ৰাইজমেল বহি ব্ৰিটিছৰ কৰ-কাটলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এই মেলত জনজাতি ৰাইজেও অংশগ্ৰহণ কৰিছিল। নগাঁৱৰ ডেপুটি কমিছনাৰ হাবাৰ্ট স্কেনীয়ে সহকাৰী বিষয়া লেফটেনেণ্ট জি বি ছিংগাৰক নগাঁৱৰ ৰাইজেমল হোৱা স্থান ফুলগুৰিলৈ পঠিয়াইছিল। পিছত উত্তেজিত কৃষকৰ মাজৰ হাতীগড় মৌজাৰ বাহু ডোম নামৰ এজেন লেফটেনেণ্ট জি বি ছিংগাৰক একেটা মাৰতে মাটিত বগৰাই পেলাইছিল। পিছলৈ উত্তেজিত কৃষক ৰাইজে ছিংগাৰক হত্যা কৰি কলং নদীত পেলাই দিছিল। এই ঘটনাত জড়িত ৪১ জন লোকক গ্ৰেপ্তাৰ কৰি তাৰে নজনক দ্বীপান্তৰ কৰা হৈছিল। ‘অৰুনোদই’ কাকতে এই ঘটনাক কু-সাহিয়াল নগঞাদ্ৰোহী লোক বুলি গৰিহণা দিছিল। এই ঘটনাৰ ত্ৰিশ বছৰ পিছত কমিছনাৰ ৱাৰ্ড চাহাবে খাজনা আৰু বঢ়ালেহি। ফলত আকৌ ৰঙিয়াত হৈছিল ৰাইজমেল।

ৰঙিয়াৰ এই ৰাইজমেল হৈছিল ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ পৰা। সেইদিনা ৰঙিয়াৰ বজাৰত লুটপাত চলিছিল। ৩০ ডিচেম্বৰত ৰঙিয়া আৰু তাৰ কাষৰীয়া অঞ্চলৰ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধিনাথ বৰুৱাক যথেষ্ট লাঞ্ছনা কৰিছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত আৰক্ষী বাহিনী মোতায়ন কৰা হৈছিল। অৱশেষত ৰঙিয়াৰ ৰাইজে ব্ৰিটিছক বৰ্ধিত হাৰত খাজনা নিদিয়া সিদ্ধান্ত লৈ সাহসেৰে বিষয়টো ব্ৰিটিছ চাহাবক জনাই দিয়ে, ফলত নেতাসকলক জিলা উপায়ুক্তই গ্ৰেপ্তাৰ কৰে। আনহাতে, ১৮৯৪ চনৰ ১০ জানুৱাৰীত ৩০০০ উত্তেজিত কৃষক ৰাইজে ডাকঘৰ, তহচিল কাৰ্যালয় ধবংস কৰাৰ ভাবুকি দিয়ে। পুলিচে গুলী চালনা কৰাৰ উপৰি¸ ৫৬ জন লোকক গ্ৰেপ্তাৰ কৰে। ১৮৯৪ চনৰে ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰীক উত্তেজিত কৃষক ৰাইজে আক্ৰমণ কৰাৰ কিছুদিন পিছত তেওঁৰ মৃত্যু হয়। এইখন লাচিমাতেই হলিৰাম মিশ্ৰ মণ্ডলক কৰা আক্ৰমণৰ অপৰাধত ১৬ জন লোকক শাস্তি বিহি মূল অভিযুক্তসকলক দুবছৰকৈ কাৰাদণ্ড বিহিছিল। উল্লেখ্য যে এই বিদ্ৰোহত জনজাতীয়-অজনজাতীয়, হিন্দু, মুছলমান আদি উভয়েই একগোট হৈ ঐক্যবদ্ধভাৱে অগ্ৰসৰ হৈছিল।

ৰায়ত সভাই ৰাজহ ৫০ শতাংশ হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল

ঊনৈশ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যাৰ মোকাবিলা কৰিবলৈ নগাঁও আৰু তেজপুৰত ৰায়ত সভাৰ জন্ম হৈছিল। এই ৰায়ত সভাই ব্ৰিটিছ চৰকাৰৰ ভূমিনীতি আৰু সকলো কৰকাটলৰ কথা বিৰোধিতা কৰিছিল। সেই সময়তে পূৰ্ব বংগৰ পৰা হ’ব পৰা প্ৰব্ৰজনৰ ভয়াৱহতাৰ কথাও উল্লেখ কৰি এই কাৰ্যৰো বিৰুদ্ধাচৰণ কৰিছিল। এই ৰায়ত সভাৰ পৰাই জন্ম হৈছিল সদৌ অসম ৰায়ত সভা, যিয়ে ভূমি আৰু অন্যান্য ৰাজহ ৫০ শতাংশ হ্ৰাস কৰিবলৈ ব্ৰিটিছ চৰকাৰক হেঁচা দিছিল। যোৰহাট, দেৰগাঁও আদিত ‘সদৌ অসম ৰায়ত সভা’ৰ অধিৱেশন হৈছিল। ডাঃ হৰেকৃষ্ণ দাস, লম্বোদৰ বৰা, হৰিবিলাস আগৰৱালা আদি এই ৰায়ত সভাৰ লগত জড়িত আছিল।

‘খাজনা নাই দিলে নহ’ব, হেইথু মহাৰণীৰ হুকুম, খাজনা নাই দিলে চজাই পাবে’

দৰঙী কৃষক ৰাইজে ১৮৯৪ চনৰ ২৮ জানুৱাৰীত তহচিল অফিচৰ আগৰ বহল পথাৰত দৰঙৰ উপায়ুক্ত এ চি কাম্বাৰ, আৰক্ষী অধীক্ষক বেলিংটন, আই চি এছ বিষয়া জে ডি এণ্ডাৰছন, মহকুমাধিপতি ৰেমছন, তহচিলদাৰ ভৱানীচৰণ ভট্টাচাৰ্যৰ উপস্থিতিত ১২ জন সশস্ত্ৰ বাহিনী আৰু ১৯ জন বন্দুকধাৰীৰ সন্মুখত বৰ্ধিত খাজনা নিদিও বুলিও প্ৰতিবাদ কৰিছিল। ব্ৰিটিছ বিষয়াসকলে কৈছিলঃ ‘এয়া মহাৰাণীৰ হুকুম, ৰাইজৰ ওজৰ-আপত্তি শুনা নাযাব, বৰ্ধিত হাৰত খাজনা দিবই লাগিব।’ কথা শুনি কৃষক ৰাইজ জাঙুৰ খাই উঠিছিল। এটা সময়ত গুলী চালনাৰ হুকুম দিয়াত পথৰুঘাটৰ সিক্ত ভূমি ১৪০ জন কৃষকৰ তপত শোণিতেৰে ৰক্তাক্ত হৈ পৰিছিল। জনামতে এই ১৮৯৪ চনৰ পথৰুঘাট ৰণৰ ঘটনাটোৰ আগতেও ১৮৯৩ চনৰ নৱেম্বৰ মাহত পথৰুঘাটত এখন ৰাইজমেল বহিছিল য’ত বৰ্ধিত খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল।

মহকুমাধিপতি ৰেমছন চাহাব উপস্থিত থকা এই সভাত তেওঁ সকলোকে কৈছিলঃ ‘মই জে ডি এণ্ডাৰছন চাহাবক মাতি আনিম, তেওঁৰ আগতেই তোমালোকে যি কয় ক’ব। আমি খাজনা কমাব নোৱাৰো।’ ঐতিহাসিক ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা জে ডি এণ্ডাৰছন আবেলি তিনি বজাত ডাকবঙলাত থাকোতে দৰঙী ৰাইজ গৈ তেওঁক বৰ্ধিত খাজনা নিদিও বুলি কোৱাত তেওঁ কৈছিলঃ ‘খাজনা নাই দিলে নহ’ব, হেইথু মহাৰাণীৰ হুকুম, খাজনা নাই দিলে চজাই পাবে।’ আনকি জে ডি এণ্ডাৰছনেও হেনো সেইদিনা ৰাইজৰ প্ৰতিবাদ দেখি খঙত অগ্নিশৰ্মা হৈ কৈছিলঃ ‘That bloody rebels must pay the land revenue, otherwise they will be killed like street dog.’ পৰৱৰ্তী সময়ত ব্ৰিটিছ বিষয়াৰ নিৰ্দেশত আৰক্ষীৰ অবিৰাম গুলী চলিছিল য’ত ১৪০ গৰাকী দৰঙী কৃষক ছহিদ হ’ব লগা হৈছিল। সেইদিনা সমবেত কৃষকে ব্ৰিটিছৰ খাজনাৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদত অস্ত্ৰ-শস্ত্ৰৰ সলনি কুঁহিয়াৰ গছৰ খৰি, দলিচপৰা, ফৰ্মুতি, টাঙোন আদিহে ব্যৱহাৰ কৰিছিল বুলিও জনা যায়।

এই ৰণৰ নেতা, ৰণৰ সময় আদি

দ্বিতীয় জালিয়ানাৱালাবাগ বুলি জনাজাত পথৰুঘাটৰ এই কৃষক বিদ্ৰোহৰ কোনো নিৰ্দিষ্ট নেতা নাছিল, সকলো কৃষকেই নেতা আছিল। গুলী চালনাৰ ঘটনাটো ঘটিছিল তিনি বজাৰ পৰা চাৰে পাঁচ বজাৰ ভিতৰত। আটাইতকৈ মৰ্মান্তিক কথাটো হ’ল সেই ঐতিহাসিক দিনটোত নিহত কৃষকসকলক একেলগে নিৰ্দয়ভাৱে এটা পুখুৰীতে গাত খান্দি পুতি থৈছিল।

ৰাইজমেলৰ নিৰ্দেশ

দৰিদ্ৰ কৃষকসকললৈ ৰাইজমেলৰ নিৰ্দেশ আছিল সকলোৱে ঐক্যবদ্ধভাৱে খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি খাজনা নিদিবলৈ। যদি কোনোবাই নিৰ্দেশ নামানি খাজনা দিয়েও তেওঁক ৰাইজে জৰিমনা কৰিব আৰু সেই খাজনা দিয়া পৰিয়ালটোক সামাজিকভাৱে এঘৰীয়া কৰাৰো সিদ্ধান্ত লোৱা হৈছিল।

খাজনা বৃদ্ধিৰ জুইকুৰা

খাজনা বৃদ্ধিৰ হাৰ ১৮৯২ বৰ্ষৰ পৰাই অত্যধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। ১৮৯২ বৰ্ষত ব্ৰিটিছ চৰকাৰে খাজনা নিদিয়াসকলৰ ঘৰ ‘ক্ৰোক’ কৰাৰো পুলিচ আৰু তহচিলদাৰক নিৰ্দেশ দিছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত কামৰূপ জিলাৰ উপায়ুক্ত আৰ বি মেকৱেয়ে এই নিৰ্দেশ দিয়াত ৰঙিয়া, সৰুক্ষেত্ৰী, লাছিমা, বজালী আদিত দৰিদ্ৰ কৃষক ৰাইজে খাজনা নিদিয়াৰ সিদ্ধান্ত লয়। আনকি দৰঙৰ বিভিন্ন ঠাইত ৰাইজে পথৰুঘাটলৈ গৈ বৰ্ধিত খাজনা নিদিও বুলি ক’ব লাগে বুলিও বিশিষ্ট কৃষক ৰাইজে অঞ্চলসমূহৰ ৰাজহুৱা স্থানত একোখন জাননী আঁৰি দিছিল। আৰক্ষী অধীক্ষক বেৰিংটনে পথৰুঘাটলৈ যোৱা পথৰ দাঁতিত দৰঙৰ ডাহীত এডাল গছত আঁৰি থোৱা এনে জাননী এখন দেখা পাই এই জাননীখন আৰুপথৰ কাষৰ দোকানীজনকো হেনো পথৰুঘাটলৈ নি শাস্তি দি এইখন কোনে কেতিয়া আঁৰিছিল সুধিছিল। আনকি খাজনা নিদিয়া কেইবাঘৰো কৃষকৰ ঘৰলৈ তহচিলদাৰ আৰু আৰক্ষীৰ লোক গৈ কিছু ঘৰুৱা সামগ্ৰী উঠাই আনি সামগ্ৰীখিনি নিলামত বিক্ৰী কৰি হ’লেও খাজনাখিনি সংগ্ৰহৰ উপায় কৰিছিল, পিছে ৰাইজো আহিল নাচোৰবান্দা, খাজনা কোনোমতেই আদায় নিদিয়ে।

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পুৱাৰ পৰা দুপৰীয়ালৈ সংঘটিত ঘটনাটো

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ পুৱা আৰক্ষী অধীক্ষক জে আৰ বেৰিংটনে পথৰুঘাটৰে খাজনা নিদিয়া এখন গাঁৱলৈ গৈ নিজেও লগত লৈ যোৱা আৰক্ষী আৰু তহচিলদাৰৰ সহায়ত প্ৰথমে খাজনা নিদিয়া এটা কৃষকৰ পৰিয়ালৰ ঘৰৰ ভিতৰৰ পৰা সামগ্ৰী ক্ৰোক কৰে। কথাটো লগে লগে কৃষকসকলে জানিব পাৰি দলেবলে ওলাই আহি এই কাৰ্যত বাধা প্ৰদান কৰে। আৰক্ষী অধীক্ষক বেৰিংটনে ৰিভলভাৰটো ৰাইজৰ মাজতে উলিয়াই উগ্ৰমূৰ্তি ধৰি এজাঁই গুলি শূন্যলৈ এৰি ভয় দেখুৱাইছিল। আনকি উক্ত ঘটনাত সমবেত হোৱা গাঁৱৰ ৰাইজৰে চাৰিজনক তেওঁৰ এই কাৰ্যত বাধা প্ৰদানৰ অপৰাধত আৰক্ষী অধীক্ষক জে আৰ বেৰিংটনে আৰক্ষী লগাই ধৰি বান্ধি লৈ গৈছিল। পিছত উপায়ন্তৰ হৈ জে আৰ বেৰিংটনে ৰেষ্ট কেম্পলৈ উভতিছিল বুলি অমূল্য কলিতাৰ ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ দ্বিতীয় পৰ্ব ১৮৯৪ৰ গণ অভ্যুত্থান’ শীৰ্ষক এক প্ৰবন্ধত উল্লেখ কৰিছে। আনকি এই ঘটনাই সিদিনা কৃষকসকলক যথেষ্ট প্ৰতিবাদী কৰি তুলিছিল আৰু দুপৰীয়া একমান বজাত জে আৰ বেৰিংটন ৰেষ্ট কেম্পত জিৰণি লৈ থকা অৱস্থাত এহেজাৰমান কৃষক ৰাইজ ওলাই আহিছিল। খঙত একো নাই হৈ বেৰিংটনে তেওঁলোকক ঘৰাঘৰি যাবলৈ কয়, পিছে কৃষক ৰাইজে আল্লাহু আকবৰ, হৰি বোল আদি নানা ধবনি দি দ্বিগজ নদীৰ পাৰৰ মুকলি পথাৰত সমবেত হয়। জিলাধিপতিয়ে ওলাই আহি কিবা খাজনা হ্ৰাসৰ বাতৰি দিব বুলি তেওঁলোকে তাত কিছুসময় অপেক্ষা কৰিবলৈ ধৰিলে। সময়ো আগবাঢ়ি গৈ থাকিল। মাজে মাজে উত্তেজিত জনতাই দলবদ্ধ হৈ ৰেষ্ট কেম্পলৈও দলবদ্ধভাৱে আগুৱাই গৈছিল, বেৰিংটনে তেতিয়া উপায়ুক্তৰ নিৰ্দেশত উত্তেজিত জনতাক পুনৰ পথাৰলৈ খেদি পঠাইছিল। ৰাইজৰ মাজৰে কোনো কোনো উত্তেজিত কৃষকে খঙতে উপায়ুক্তৰ দলটোক দলিচপৰা, টাঙোন আদিৰে দূৰৈৰ পৰা ফূৰ্মতি মাৰে, আৰক্ষীৰ লোকো সামান্য আঘাতপ্ৰাপ্ত হয়। এই ঘটনাত উত্তেজিত হৈ গুলীচালনাৰ হুকুম দিয়ে, ফলত এজন এজনকৈ ১৪০ জন কৃষক ৰাইজ ঢলি পৰে। কিন্তু বহুতে দুয়োগৰাকীৰ অলপ-অচৰপ আঘাতপ্ৰাপ্ত হোৱাৰ কথাও কৈছে।

ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা ‘পথৰুঘাটৰ মুকলি বিদ্ৰোহ’ প্ৰবন্ধত (কৃষক ছহিদ দিৱসৰ স্মৃতিগ্ৰন্থ, ১৯৮৭) লিখিছে আৰু কিছু গুৰুত্বপূৰ্ণ কথা। তেওঁ লিখিছেঃ দৰঙৰ উপায়ুক্ত জে ডি এণ্ডাৰছনে সামৰিক বাহিনী লৈ ২৭ জানুৱাৰীৰ দিনাই পথৰুঘাট পাইছিলহি।...... দুহেজাৰ মানুহৰ জুমটোক আগনাবাঢ়িবলৈ কোৱাত মানুহবোৰে ক্ৰমাৎ আগবাঢ়িবলৈহে ধৰিলে। এণ্ডাৰছনে বেৰিংটনক গুলী কৰিবলৈ আদেশ দিলে। ....... ‘ইণ্ডিয়ান নেচন’ৰ ১৮৯৪, ১২ এপ্ৰিলত এই বিস্তাৰিত ঘটনাটো প্ৰকাশ হৈছিল। ‘অমৃত বাজাৰ পত্ৰিকা’ই এই বিদ্ৰোহৰ বিশেষত্বৰ বিষয়ে লিখিছিলঃ ‘ৰায়তসকলৰ খং বিভিন্ন দিশত ধাবিত হৈছিল। দাক্ষিণাত্যত মহাজনৰ বিৰুদ্ধে, বংগদেশত নীল খেতিয়কসকল বিৰুদ্ধে (১৮৬০), পাটনাত জমিদাৰৰ বিৰুদ্ধে (১৮৭২)। কিন্তু অসমত আন্দোলন ধাবিত হৈছিল চৰকাৰৰ বিৰুদ্ধে। ই আছিল মুকলি বিদ্ৰোহ।’

(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, স্তম্ভলেখক তথা পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। দূৰভাষঃ ৯১০১৯১১২৯৪)

আপুনিও ভাল পাব পাৰে!