লেখকঃ গৌতম শৰ্মা
অসমৰ সাংস্কৃতিক ইতিহাসৰ মহান ব্যক্তিত্বসকলৰ মাজত পাৰ্ৱতি প্ৰসাদ বৰুৱা (১৯০৪–১৯৬৪)-ই এক বিশেষ আৰু গৌৰৱময় স্থান অধিকাৰ কৰি আছে। "গীতিকবি" নামেৰে জনপ্ৰিয় পাৰ্ৱতি প্ৰসাদ কেৱল এজন কবি নাছিল; তেওঁ আছিল এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, নৃত্যশিল্পী, সাংস্কৃতিক চিন্তাবিদ আৰু আধুনিক অসমীয়া শিল্প-সাহিত্যৰ অন্যতম নিৰ্মাতা। তেওঁৰ গীত, কবিতা, নাটক, চলচ্চিত্ৰ আৰু নৃত্যৰ যোগেদি তেওঁ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰাৰ লগতে অসমৰ স্বকীয় সাংস্কৃতিক পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌ নদীৰ পাৰত। তেওঁৰ পিতৃ আছিল ৰাধিকাপ্ৰসাদ বৰুৱা আৰু মাতৃ হিমলা দেৱী। তেওঁ এক সমৃদ্ধ সাহিত্যিক পৰম্পৰাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ আজো ককা যদুৰাম ডেকা বৰুৱাই ১৮৩৯ চনত প্ৰথমখন দ্বিভাষিক অসমীয়া অভিধান প্ৰস্তুত কৰিছিল। এনে এক বৌদ্ধিক আৰু সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ ফলত তেওঁ সৰুৰে পৰা সাহিত্য, সংগীত আৰু শিল্পকলাৰ প্ৰতি গভীৰ অনুৰাগ গঢ়ি তোলে।
শিৱসাগৰত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰে আৰু তাৰ পিছত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত দৰ্শন শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে। কলকাতাত অধ্যয়নৰ সময়ত তেওঁ বংগৰ সমৃদ্ধ সাংস্কৃতিক জগতৰ সৈতে ঘনিষ্ঠভাৱে পৰিচিত হয়। তেওঁ নিয়মিতভাৱে নাটক, নৃত্য নাট্য আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাভিত্তিক সংগীতানুষ্ঠান উপভোগ কৰিছিল। এই অভিজ্ঞতাসমূহে তেওঁৰ শিল্পীসত্তাক অধিক বিকশিত কৰাৰ লগতে ভৱিষ্যতৰ কবি, গীতিকাৰ আৰু নাট্যকাৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ শিল্পীজীৱনৰ আৰম্ভণি অতি কম বয়সতেই হৈছিল। ১৯১৩ চনত, মাত্ৰ ন বছৰৰ বয়সতে, ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী উৎসৱত ‘লাই কোঁৱৰ’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। পৰৱৰ্তী সময়ত তেওঁ নাট্য জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু বহু উল্লেখযোগ্য নাটকত অভিনয় কৰে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকত চিত্ৰলেখা, লক্ষ্মীনাথ বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ নাটকত লাচিত, বিসৰ্জন নাটকত ৰাম আদিৰ দৰে চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে। পাৰ্ৱতি প্ৰসাদে নিজেই পৰৱৰ্তী সময়ত উল্লেখ কৰিছিল যে শোণিত কুঁৱৰী নাটকৰ অভিনয়ত গীত, সুৰ আৰু নৃত্যৰ অভিনৱ সমন্বয়ে দৰ্শকক ইমানেই মোহিত কৰিছিল যে একে বছৰতে নাটখন কেইবাবাৰো মঞ্চস্থ কৰিবলগীয়া হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ অভিনয় প্ৰতিভা উপলব্ধি কৰি অসমীয়া চলচ্চিত্ৰ জয়মতীত অভিনয়ৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু তেতিয়া ককায়েক ভগৱতীপ্ৰসাদৰ অকাল মৃত্যুৰ শোকে তেওঁ সেই আমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰিলে।
সাহিত্যিক হিচাপে পাৰ্ৱতি প্ৰসাদৰ অন্যতম বৈশিষ্ট্য আছিল তেওঁৰ ভাষাৰ সৰলতা। তেওঁৰ কবিতাত কোমল অনুভূতি, সুৰময়তা, চিত্ৰধৰ্মী ভাষা আৰু প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্ক স্পষ্টভাৱে প্ৰকাশ পাইছে। তেওঁৰ কবিতা আৰু গীতৰ এই অনন্য লয়, সুৰ আৰু গীতিময়তাইবাবেই তেওঁক "গীতিকবি" বুলি জনা যায়। নদী, মেঘ, ফুল, চৰাই, গাঁৱৰ জীৱন আৰু ঋতু পৰিৱৰ্তন তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁ জটিল দাৰ্শনিক চিন্তাৰ পৰিৱৰ্তে আন্তৰিক অনুভৱ আৰু সৌন্দৰ্যৰ জৰিয়তে পাঠকৰ হৃদয় স্পৰ্শ কৰিছিল। প্ৰকৃতিৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্কৰ বাবে বহু সমালোচকে তেওঁক ইংৰাজ ৰোমাণ্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ সৈতে তুলনা কৰিছে। অসমৰ জীৱনধাৰাৰ প্ৰতীক ব্ৰহ্মপুত্ৰ, যাক অসমীয়াই স্নেহেৰে ‘লুইত’ বুলি কয়, যিয়ে তেওঁৰ সৃষ্টিত বিশেষ স্থান অধিকাৰ কৰি আছে। পাৰ্ৱতি প্ৰসাদৰ বাবে লুইত কেৱল এখন নদী নাছিল; ই আছিল অসমৰ আত্মাৰ প্ৰতীক। তেওঁৰ গীত আৰু কবিতাত লুইত স্মৃতি, প্ৰেম, বেদনা আৰু জাতীয় পৰিচয়ৰ প্ৰতীক ৰূপে উদ্ভাসিত হৈছে। তেওঁৰ ৰচনাই অসমীয়াসকলক নিজৰ মাটিৰ সৈতে অধিক গভীৰভাৱে সংযুক্ত কৰিছে।
তেওঁৰ সাহিত্যিক অৱদান অত্যন্ত বিস্তৃত। তেওঁৰ প্ৰকাশিত কবিতা, গীত আৰু সুৰীয়া নাটৰ সংকলনসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে লখিমী, খেল ভঙা খেল, সোণৰ সোলেঙ, গুণগুণনি, ভঙা টোকাৰীৰ সুৰ, লুইতী আৰু শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল। অপ্ৰকাশিত ৰচনাৰ ভিতৰত মৌ টোকাৰী আৰু ময়াপী বিশেষভাৱে উল্লেখযোগ্য। সংগীত বিষয়ক মূল্যৱান গ্ৰন্থ সুৰ চানেকিও তেওঁৰ অন্যতম সৃষ্টি। কবিতা আৰু গীতৰ উপৰিও তেওঁ বহু গুৰুত্বপূৰ্ণ গদ্য ৰচনা কৰিছিল। কলা-সংস্কৃতি, সমিধান, ৰূপকোঁৱৰৰ কথা, শিল্প সম্পৰ্কে একাষাৰ, শিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ, সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ আৰু জোনাকী মেল তেওঁৰ উল্লেখযোগ্য গদ্যকৃতি। এই ৰচনাসমূহে শিল্প, সাহিত্য, সংস্কৃতি আৰু সমাজ সম্পৰ্কে তেওঁৰ গভীৰ চিন্তাধাৰাৰ পৰিচয় দিয়ে। পাৰ্ৱতি প্ৰসাদৰ গীতসমূহ অসমীয়া সংগীতৰ অমূল্য সম্পদ। তেওঁৰ জনপ্ৰিয় গীত পূজো আহা শৰৎ ঋতুৰ আগমনী সৌন্দৰ্য, নীলা আকাশ, বগা মেঘ আৰু উৎসৱমুখৰ পৰিৱেশৰ এক মনোৰম চিত্ৰ অংকন কৰে। আজিও এই গীত অসমীয়াৰ হৃদয়ত বহুলভাৱে সমাদৃত।
তেওঁৰ আন এখন জনপ্ৰিয় গীত আছিল নবলো তোক। এই গীতত হৃদয়ৰ গভীৰত লুকাই থকা অনুভৱ, নীৰৱ প্ৰেম আৰু ক’ব নোৱাৰা কথাৰ বেদনাময় সৌন্দৰ্য প্ৰকাশ পাইছে। তেওঁৰ জনপ্ৰিয় তোৰ নাই যে বন্ধুৱা বাট গীতটো বিচ্ছেদ, অপেক্ষা আৰু মানৱীয় আকুলতাৰ এক মধুৰ প্ৰকাশ। ইয়াৰ সহজ অথচ হৃদয়স্পৰ্শী ভাষাই আজিও শ্ৰোতাক আকৰ্ষিত কৰে। তেওঁৰ অন্যতম বিখ্যাত নদীমূলক গীত লুইতৰ চাপৰিত কৰে নাৱৰীয়া, এই গীতত তেওঁ লুইতৰ বুকুত জীৱন নিৰ্বাহ কৰা নাৱৰীয়া আৰু গাঁৱৰ সাধাৰণ মানুহৰ জীৱনচৰ্যা অতি সজীৱভাৱে চিত্ৰিত কৰিছে। একেদৰে শাৰদী সন্ধিয়াৰ জোনাকী মেল গীতত শৰৎকালৰ এটি জোনাকী-পোহৰীয়া সন্ধিয়াৰ মনোমোহা ৰূপ চিত্ৰিত হৈছে। সাধাৰণ প্ৰাকৃতিক দৃশ্যকো তেওঁ অসাধাৰণ কাব্যিক সৌন্দৰ্যৰে সজাই তুলিছিল। মুঠতে, অসমীয়া সংগীতৰ বিকাশত পাৰ্ৱতি প্ৰসাদৰ অৱদান যুগান্তকাৰী। যি সময়ত বহু আধুনিক গীত বহিৰাগত সংগীতধাৰাৰ প্ৰভাৱত গঢ় লৈ উঠিছিল, তেতিয়া তেওঁ অসমীয়া লোকসুৰ, বৰগীত আৰু থলুৱা সংগীতৰ ধাৰাক আধাৰ কৰি এক স্বকীয় সংগীত পৰম্পৰা গঢ়ি তুলিবলৈ সচেষ্ট হৈছিল। ফলস্বৰূপে অসমীয়া সংগীতে এক নতুন স্বাতন্ত্ৰ্য লাভ কৰে।
পাৰ্ৱতি প্ৰসাদ অসমীয়া চলচ্চিত্ৰ জগতৰো এজন পথিকৃৎ। ১৯৪০ চনত তেওঁ ৰূপহী চলচ্চিত্ৰ নিৰ্মাণৰ সাহসী পদক্ষেপ গ্ৰহণ কৰে। ১৯৪১ চনত মুক্তিপ্ৰাপ্ত ৰূপহী আছিল অসমীয়া ভাষাৰ চতুৰ্থখন চলচ্চিত্ৰ। কাৰিকৰী কিছুমান সীমাবদ্ধতাৰ বাবে ছবিখনে বাণিজ্যিক সফলতা লাভ নকৰিলেও ইয়াৰ ঐতিহাসিক গুৰুত্ব অসীম। কমলেশ্বৰ চলিহাৰ গল্পৰ আধাৰত নিৰ্মিত ৰূপহীৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত, সুৰ, পৰিচালনা আৰু অভিনয় আদি সকলো ক্ষেত্ৰতে পাৰ্ৱতি প্ৰসাদৰ সক্ৰিয় অৱদান আছিল। ছবিখনৰ সাতোটাই গীত তেওঁ নিজেই ৰচনা কৰিছিল। ইয়াৰে “হাতৰ হেৰুৱা ধন বাটত হেৰা পায়, বাট পাহৰা বাটৰুৱা ঘৰ বিচাৰি যায়” গীতটোত তেওঁ নিজে কণ্ঠদান কৰিছিল। এনে বহুমুখী প্ৰতিভা সেই সময়ত অতি বিৰল আছিল।
অসমীয়া নাট্যজগতলৈও তেওঁৰ অৱদান অপৰিসীম। লখিমী আৰু সোণৰ সোলেঙৰ দৰে নৃত্যনাটৰ জৰিয়তে তেওঁ নাট্যকলাক নতুন এক মাত্ৰা প্ৰদান কৰিছিল। সংগীত, নৃত্য, কবিতা আৰু নাট্যকলাৰ সমন্বয়ে তেওঁ এক অভিনৱ শিল্পধাৰাৰ সৃষ্টি কৰিছিল। নৃত্যশিল্পী হিচাপেও পাৰ্ৱতি প্ৰসাদ আছিল এক যুগান্তকাৰী ব্যক্তিত্ব। শোণিত কুঁৱৰী নাটকত চিত্ৰলেখাৰ চৰিত্ৰত অভিনয় কৰাৰ সময়তে তেওঁৰ নৃত্য প্ৰতিভা প্ৰকাশ পাইছিল। তেওঁ সত্ৰীয়া নৃত্যৰ পৰা অনুপ্ৰেৰণা লৈ আধুনিক সৃষ্টিশীল নৃত্যধাৰা গঢ়ি তুলিছিল। আনন্দ চন্দ্ৰ বৰুৱালৈ লিখা এখন চিঠিত তেওঁ উল্লেখ কৰিছে যে কলেজৰ পৰা উভতি অহাৰ পিছত ১৯২৮ চনত শ্বিলঙৰ আছাম ক্লাৱত তেওঁ প্ৰথমবাৰৰ বাবে লাস্য আৰু তাণ্ডৱ নৃত্য পৰিৱেশন কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল। এই প্ৰয়াসে অসমীয়া নৃত্যকলাত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। প্ৰখ্যাত সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মতে, পাৰ্ৱতি প্ৰসাদে ১৯২৬ চনৰ পৰাই সত্ৰীয়া নৃত্যৰ আধাৰত প্ৰাচ্য নৃত্য, লাস্য আৰু তাণ্ডৱৰ দৰে সৃষ্টিশীল নৃত্যধাৰাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁৰ বিখ্যাত “চতাই পৰ্বতৰ নাগিনী ছোৱালী” নৃত্যক জ্যোতিপ্ৰসাদ আগৰৱালাৰ “পদুমকলি” নৃত্যৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হয়।
শিল্প-সাহিত্যৰ উপৰিও পাৰ্ৱতি প্ৰসাদ আছিল এজন গভীৰ সাংস্কৃতিক জাতীয়তাবাদী। তেওঁ বিশ্বাস কৰিছিল যে শিল্প আৰু সংস্কৃতিৰ মাধ্যমেৰেই অসমীয়া জাতিসত্তাক শক্তিশালী আৰু সংৰক্ষিত কৰিব পাৰি। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁ ড° ভূপেন হাজৰিকাৰ সৈতে মিলি দেশপ্ৰেমমূলক গীত আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল। জীৱনৰ অন্তিম বছৰসমূহত তেওঁ বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিছিল। ১৯৫০ চনৰ পৰা কেইবাবাৰো ষ্ট্ৰ’কৰ আঘাত পোৱাৰ ফলত তেওঁৰ স্বাস্থ্য ক্ৰমাৎ দুৰ্বল হৈ পৰে। তথাপিও শিল্প-সাহিত্যৰ প্ৰতি তেওঁৰ নিষ্ঠা অটুট আছিল। অৱশেষত ১৯৬৪ চনৰ ৭ জুনত অৰ্থাৎ আজিৰ এই দিনটোতেই এই মহান সাংস্কৃতিক সাধকৰ মৃত্যু হয়।
পাৰ্ৱতি প্ৰসাদৰ ভাষা আছিল সৰল, অনুভৱ আছিল আন্তৰিক, আৰু দৃষ্টিভংগী আছিল অসমৰ মাটি আৰু মানুহৰ সৈতে গভীৰভাৱে সংযুক্ত। সেইবাবেই আজি ৬ টা দশকৰ পিছতো পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ গীতৰ জনপ্ৰিয়তা শ্ৰোতাৰ হৃদয়ত বহু জনপ্রিয় হৈ থাকি তেওঁক অসমীয়া সংস্কৃতিৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে উজ্বলাই আছে। তেওঁৰ কবিতা আজিও সজীৱ আৰু সমাদৃত, তেওঁৰ শিল্প-আদৰ্শই আজিও সাহিত্যিক, সংগীতজ্ঞ, অভিনেতা, নৃত্যশিল্পী আৰু চলচ্চিত্ৰকাৰসকলক অনুপ্ৰাণিত কৰি আহিছে। সাহিত্য, সংগীত, নাটক, নৃত্য আৰু চলচ্চিত্ৰ এই সকলো ক্ষেত্ৰতেই তেওঁৰ অসাধাৰণ অৱদানে অসমৰ আত্মাক কণ্ঠদান কৰিছিল। গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা চিৰদিন অসমীয়া জাতিৰ হৃদয়ত অমৰ হৈ থাকিব।
(লেখকৰ ফোন: ৯৯৫৪০-০০২০০)

